অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মুছলপুৰ

মুছলপুৰ অসমৰ বাক্সা জিলাৰ সদৰ। বাক্সা জিলা অসমৰ প্ৰশাসনিক জিলাৰ ভিতৰত এখন। বাক্সা জিলা বড়োলেণ্ড স্বায়ত্ত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত। ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়। বাক্সা জিলাৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ।

হালনাগাদ: ৫ জানুৱাৰী ২০২১ ১৬১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মুছলপুৰ অসমৰ বাক্সা জিলা জিলাৰ সদৰ।১ বাক্সা জিলা অসমৰ প্ৰশাসনিক জিলাৰ ভিতৰত এখন। বাক্সা জিলা বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্ভুক্ত। ২০০৩ চনত ইয়াক নতুন জিলা ৰূপে ঘোষণা কৰা হয়। বাক্সা জিলাৰ মাটিকালি প্ৰায় ২৪০০ বৰ্গকিলোমিটাৰ।

ইতিহাস

২০০৩ চনৰ ফেব্ৰুৱাৰীত স্বাক্ষৰিত বি টি চি চুক্তিমতে অসমত চাৰিখন জিলা- কোকৰাঝাৰ, বাক্সা, চিৰাং আৰু ওডালগুৰিৰে বড়োলেণ্ড স্বায়ত্ত্ব শাসিত অঞ্চল স্থাপিত হয়। বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং জিলাৰ অংশৰে বাক্সা জিলাৰ সৃষ্টি কৰা হৈছে। ২০০৩ চনৰ অক্টোবৰত ইয়াৰ ঘোষণা কৰা হয় আৰু ২০০৪ চনৰ ১ জুনৰ পৰা আনুষ্ঠানিকভাৱে কাম-কাজৰ আৰম্ভণি হয়৷২ বাক্সাৰ প্ৰথম উপায়ুক্ত আছিল ড: আনোৱাৰুদ্দিন চৌধুৰী।

জন গাঁথনি

২০১১ চনৰ লোকপিয়ল মতে, মুছলপুৰৰ জনসংখ্যা ৭৯৫ আছিল তাৰে ভিতৰত ৪২৯জন পুৰুষ আৰু ৩৬৬জনী মহিলা। ০-৬ বছৰ বয়সৰ শিশুৰ সংখ্যা ৬৯ জন। এই সংখ্যা চহৰ খনৰ মুঠ জনসংখ্যাৰ ৮.৬৮%। গড় লিংগ অনুপাত ৮৫৩ যিটো অসমৰ লিংগ অনুপাত ৯৫৮ তকৈ কম। মুছলপুৰৰ শিশুৰ লিংগ অনুপাত ১০২৯ যিটো অসমৰ গড় ৯৬২ তকৈ বেছি। ২০১১ চনত মুছলপুৰৰ সাক্ষৰতাৰ হাৰ ৭৩.১৯%। মুছলপুৰত পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮২.৫৩% আৰু মহিলাৰ ৬৩.১৪% ৷

বহিঃ সংযোগ

তথ্যসূত্ৰ

  1. ↑ Baksa district
  2. ↑ Law, Gwillim. (2011-09-25). Districts of India. Statoids

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মুছলপুৰ” প্ৰবন্ধৰ সংশোধন ২৫৭৮৯৯ (৫ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।