অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ফেক জিলা

ফেক ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা। এই জিলাখন ১৯৭৩ চনত স্থাপন কৰা হৈছিল। জিলাখনৰ সদৰ ঠাই ফেক নগৰ। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী আৰু কৃষি তেওঁলোকৰ মূল পেছা।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৬১০ শব্দ · ৩ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

ফেক ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা। এই জিলাখন ১৯৭৩ চনত স্থাপন কৰা হৈছিল। জিলাখনৰ সদৰ ঠাই ফেক নগৰ।১ এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী আৰু কৃষি তেওঁলোকৰ মূল পেছা।

ভৌগোলিক অৱস্থান

ফেক জিলাৰ অধিকাংশই পাহাৰীয়া। এই জিলাৰ ৭০% চিৰসেউজীয়া বনাঞ্চলে আগুৰি আছে। এই জিলাৰ সৰ্বোচ্চ উচ্চতাৰ পৰ্বতটো হৈছে মাউণ্ট জানিবো (Zanibu), যি সাগৰ পৃষ্ঠৰ পৰা ২৪০০ মিটাৰ উচ্চতাত অৱস্থিত। জিলাখনৰ অঞ্চলসমূহৰ ভিতৰত সাগৰপৃ্ষ্ঠৰ পৰা সৰ্বনিম্ন উচ্চতাত অৱস্থিত সদৰঠাই ফেক (১৫২৪ মিটাৰ) আৰু সৰ্বোচ্চ উচ্চতাত অৱস্থিত ফুটছেৰ’ (Pfutsero) নামৰ গাওঁখন (২১৩৬ মিটাৰ)।২৩

জিলাখনৰ সৰ্ববৃহৎ নদীবোৰৰ ভিতৰত প্ৰধান হৈছে Tizu, Lanyi, Arachu আৰু মূল হ্ৰদবোৰ হৈছে Shilloi, Chida আৰু Dzudu।১ ২০০২ চনৰ তথ্য অনুসৰি, এই জিলাৰ ৮৯খন স্বীকৃতিপ্ৰাপ্ত গাঁৱৰ ভিতৰত বাৰখন গাওঁ এতিয়াও ঘাইপথৰ দ্বাৰা সংযুক্ত হোৱা নাই। একেদৰে ৮৯ খনৰ গাঁৱৰ ভিতৰত মাথোঁ নখন গাঁৱত নিয়মীয়া পানীৰ ব্যৱস্থা আছে।২

ফেক জিলাত অৱস্থিত Avakhung International Border Checkpost, যাক আভাংশু (Avankhu) বুলিও জনা যায়, ভাৰত-ম্যানমাৰ সীমান্তৰ এটা আন্তৰ্জাতিক সীমা সুৰক্ষাৰ প’ষ্ট (International Border Checkpost)।৪

জলবায়ু

গ্ৰীষ্মকালি এই জিলাৰ উষ্ণতা গড়ে ২৭ ডিগ্ৰী ছেণ্টিগ্ৰেড হয়। মৌচুমী জলবায়ু আৰম্ভ হয় মে’ মাহৰ শেষৰফালে আৰু ছেপ্টেম্বৰৰ শেষৰ ফালে অন্ত পৰে। শীতকালি সাধাৰণতে চুবুৰীয়া অসমৰ তুলনাত জাৰ অধিক হয়। শীত আটাইতকৈ বাছি পৰা জানুৱাৰী আৰু ফ্ৰেব্ৰুৱাৰী মাহত উষ্ণতা শূন্য ডিগ্ৰীৰ তললৈকো নামিব পাৰে।৫

এই জিলাৰ গড় বৰষুণৰ পৰিমাণ ১৫২৭ মিমি।৫

ইতিহাস

ফেক নামৰ উৎস হৈছে Phekrekedze শব্দটো যাৰ অৰ্থ হৈছে নিৰীক্ষণ স্তম্ভ (watch tower)।১

ফেক জিলাখন ১৯৭৩ চনৰ ১৯ ডিচেম্বৰ তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল।

প্ৰশাসন

জিলাখন ১৪টা প্ৰশাসনিক চাৰ্কোলত বিভক্ত কৰা হৈছে: ফুটছেৰ’ (Pfutsero), ফেক চদৰ (Phek Sadar), Chetheba, Chozuba, মেলুৰী (Meluri), Sekruzu, চিজামি (Chizami), Sakraba, Razieba, Zuketsa, ফ’ৰ (Phor), Khuza, Khezhakeno, আৰু Phokhungri।৬৩

জনসংখ্যা

২০১১ চনৰ জনগণনা অনুসৰি ফেক জিলাৰ জনসংখ্যা ১৬৩,২৯৪ জন।৭ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯৬।৭ ফেক জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৫১ গৰাকী।৭ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭৯.১৩%।৭

জিলাখনৰ ৮৫% শতাংশ লোকেই গ্ৰাম্য অঞ্চলত বাস কৰে।৮ এই জিলাৰ সংখ্যগৰিষ্ঠ লোক চাকেচাং (Chakhesang) আৰু পশ্চুৰি (Pochury) জনজাতিৰ।১

ভাষা

ফেক জিলাত নিম্নোলিখিত আংগামী-পশ্চুৰি ভাষাসমূহ প্ৰচলিত:

  • চ’কৰি ভাষা (Chokri language)
  • খেজা ভাষা (Kheza language)
  • পশ্চুৰি ভাষা (Pochuri language)
  • পৌলা ভাষা (Poula language)

ধৰ্ম

জিলাখনৰ ৯৭% অধিবাসীয়ে খ্ৰীষ্টান ধৰ্মাৱলম্বী। অন্যান্য ধৰ্মৰ ভিতৰত ২% লোক হিন্দু ধৰ্মাৱলম্বী, ০.৬% মুছলমান, ০.২% বৌদ্ধ আৰু কিছু লোক জৈন আৰু শিখ ধৰ্মাৱলম্বী।৮

নগৰ আৰু গাওঁসমূহ

২০১১ চনৰ লোকপিয়ল অনুসৰি ফেক জিলাত দুখন সৰু নগৰ, ফেক আৰু ফুটছেৰ’, আৰু ১১৭খন গাওঁ আছে। এই অঞ্চলসমূহ চৈধ্যটা প্ৰশাসনিক চাৰ্কোলত বিভক্ত কৰা হৈছে।

প্ৰশাসনিক চাৰ্কোলনগৰগাওঁ
Chetheba৯Chesezumi (3,470), Thenyizumi (3,275), Thipuzu (3,249), Chetheba Hq (1,915), Khulazu Basa (1,839), Khulazu Bawe (1,669), Rihuba (949), Chesezu Nasa (275), Phuyoba (240).
Chizami১০Thetsumi (2,840), Chizami Vill. (2,592), Mesulumi (2,037), Chizami Hq (1,283), Enhulumi (1,014), Sumi (508).
Chozuba১১Chozuba Hq (3,543), Chozuba Vill. (3,419), Yoruba (3,353), Thevopisu (2,624), Runguzumi Nawe (1,193), Runguzumi Nasa (335), Khesomi (265), Chozubasa (104).
Khezhakeno১২Khezakeno Village (3,281), Khezakeno Hq (529).
Khuza১৩Chiepoketa (1,007), Khuza Village (743), Metsale (663), Tehephu (534), Khutsokhuno (501), Suthotsu (402), Khuza Hq (157).
Meluri১৪Meluri Hq (5,191), Meluri Village (2,723), Lephori (1,355), Akhegwo (1,196), Matikhru (623), Reguri (592), Kanjang (539), Mollen (430), Khumiasu (407), New Akhegwo (305), Kukhegwo (288), Akhen (128), Akhegwo Junction (113).
Pfutsero১৫Pfutsero Town Committee (10,371)Kikruma (7,298), Phusachodu (7,275), Pfutseromi (3,378), Kami (1,239), Lekromi (950), R.D Block Kikruma (571), Kade (147).
Phek Sadar১৬Phek Town Committee (14,204)Phek Village (2,744), Losami (2,246), Lozaphuhu (2,077), Ketsapo (2,050), Phek Old Town (924), Sohomi (558), Kizari (490), Kotisu (455), Phek Basa (434), Lanyezho (319), Tezatse (252), Chosaba (210), Satheri (194), Losami Junction (132), Surhoba (118).
Phokhungri১৭Phokhungri Vill. (629), Sutsu (485), Laruri (472), New Thewati (457), Zipu (387), Phokhungri Hq (259), Mokie (214), Washelo (200), Old Thewati (187), Avankhu (186), Letsam (135).
Phor১৮Hutsu (1,007), Weziho Town (783), Phor (732), Weziho (699), Satuza (431), Yesisotha Centre (331), Wuzu (314), Kuzatu (195), Yesi (102), New (Phor 523).
Razieba১৯Zhavame (3,208), Zelume (1,076), Tsupfume (1,070), Razieba Hq (780), Zavachu (371).<
Sakraba২০Porba (2,764), Middle Khomi (1,206), Pholami (1,159), Pholami (873), Sakraba (754), Sakraba Hq (735), Upper Khomi (730), Wibo (538), Gidemi (246), Lower Khomi (236).
Sekruzu২১Ruzazho (2,848), Dzulhami (2,823), Phugwi (1,527), Suthazu Nawe (1,478), Therhutsesemi (1,010), Khutsami (621), Suthazu Nasa (462), Sekrezu (394), New Ruzazho (203).
Zuketsa২২Leshemi (1,877), Zapami (1,308), Lasumi (1,048), Zuketsa (555), Lowuza (456).

অৰ্থনীতি

এই জিলাৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। Terrace Rice Cultivation (TRC) আৰু জুম খেতি এই জিলাৰ মুল জীৱিকা।১২৩

এই জিলাত উৎপন্ন কৰা শস্যৰ ভিতৰত ধান, গোমধান আৰু কুনীধান (Millet) আদি উল্লেখযোগ্য।৩

উৎপাদনৰ ভিতৰত মেলুৰীত নিমখ, ফলৰ ৰস, বোৱা-কঁটা আৰু কাঠৰ কাৰুকাৰ্য্য প্ৰধান।১

এই জিলাত এখন চিকিৎসালয়, দুটা সামাজিক স্বাস্থ্য কেন্দ্ৰ (community health centers) আৰু আঠাটা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ (primary health centers) আছে।২

ফেক জিলাৰ ১১৬খন প্ৰাথমিক বিদ্যালয়, ৪৬খন মাধ্যমিক বিদ্যালয়, ১৮খন উচ্চ মাধ্যমিক বিদ্যালয়, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তিনিখন মহাবিদ্যালয় অৱস্থিত।২

সংস্কৃতি

ফেক জিলাৰ প্ৰধান উৎসৱসমূহ হৈছে Shükhrünyie, Yemshe, Tsükhrünyie, আৰু Nazhü॥৩

তথ্যসূত্ৰ

  1. ↑ District Census Handbook. Government of India
  2. ↑ (2003). Phek profile. phek.nic.in
  3. ↑ District Profile. Department of Information & Public Relations. Government of Nagaland
  4. ↑ Bharatmala presentation. পৃ. 21,22
  5. ↑ Ministry of Water Resources. (September 2013). Ground Water Information Booklet Phek District, Nagaland. Central Ground Water Board, North Eastern Region
  6. ↑ Circles in Phek District, Nagaland. www.census2011.co.in
  7. ↑ (2011). District Census 2011. Census2011.co.in
  8. ↑ Phek District Population Census 2011, Nagaland literacy sex ratio and density. www.census2011.co.in
  9. ↑ Villages & Towns in Chetheba Circle of Phek, Nagaland. www.census2011.co.in
  10. ↑ Villages & Towns in Chizami Circle of Phek, Nagaland. www.census2011.co.in
  11. ↑ Villages & Towns in Chozuba Circle of Phek, Nagaland. www.census2011.co.in
  12. ↑ Villages & Towns in Khezhakeno Circle of Phek, Nagaland. www.census2011.co.in
  13. ↑ Villages & Towns in Khuza Circle of Phek, Nagaland. www.census2011.co.in
  14. ↑ Villages & Towns in Meluri Circle of Phek, Nagaland. www.census2011.co.in
  15. ↑ Villages & Towns in Pfutsero Circle of Phek, Nagaland. www.census2011.co.in
  16. ↑ Villages & Towns in Phek Sadar Circle of Phek, Nagaland. www.census2011.co.in
  17. ↑ Villages & Towns in Phokhungri Circle of Phek, Nagaland. www.census2011.co.in
  18. ↑ Villages & Towns in Phor Circle of Phek, Nagaland. www.census2011.co.in
  19. ↑ Villages & Towns in Razieba Circle of Phek, Nagaland. www.census2011.co.in
  20. ↑ Villages & Towns in Sakraba Circle of Phek, Nagaland. www.census2011.co.in
  21. ↑ Villages & Towns in Sekruzu Circle of Phek, Nagaland. www.census2011.co.in
  22. ↑ Villages & Towns in Zuketsa Circle of Phek, Nagaland. www.census2011.co.in
  23. ↑ Lohe, Sakhoveyi. (2014). Environmental Management of Degraded Ecosystems in Phek District, Nagaland (PhD thesis). Shodhganga. পৃ. 30, ch2

সম্পৰ্কিত শ্ৰেণী

নাগালেণ্ডৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফেক জিলা” প্ৰবন্ধৰ সংশোধন ৩৮১৯১৬ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।