অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কাৰ্গিল জিলা

কাৰ্গিল জিলা (Kargil district) হৈছে ভাৰতৰ লাডাখক সামৰি লোৱা দুখন জিলাৰ ভিতৰত অন্যতম আৰু ইয়াৰ মুখ্য কাৰ্যালয় কাৰ্গিল চহৰত। জিলাখনৰ পশ্চিমে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ, উত্তৰে পাকিস্তানৰ গিলগীত–বাল্টিস্তান, পূবে লাডাখৰ লেহ জিলা আৰু দক্ষিণে হিমাচল প্ৰদেশ ৰাজ্য।

হালনাগাদ: ৬ এপ্ৰিল ২০২৩ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

কাৰ্গিল জিলা (Kargil district) হৈছে ভাৰতৰ লাডাখক সামৰি লোৱা দুখন জিলাৰ ভিতৰত অন্যতম আৰু ইয়াৰ মুখ্য কাৰ্যালয় কাৰ্গিল চহৰত। জিলাখনৰ পশ্চিমে কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ, উত্তৰে পাকিস্তানৰ গিলগীত–বাল্টিস্তান, পূবে লাডাখৰ লেহ জিলা আৰু দক্ষিণে হিমাচল প্ৰদেশ ৰাজ্য।

১৯৭৯ চনত লাডাখৰ লেহ জিলাৰ পৰা পৃথক কৰি জম্মু-কাশ্মীৰ ৰাজ্যৰ অন্তৰ্গত জিলাখনৰ সৃষ্টি হয়।১ ২০০৩ চনত কাৰ্গিলক লাডাখ স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদ(LAHDC) প্ৰদান কৰা হয়। ২০১৯ চনত লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চলত পৰিণত হয়, আৰু কাৰ্গিল আৰু লেহ ইয়াৰ যৌথ ৰাজধানী হয়।

জিলাখনৰ জনসংখ্যাৰ গৰিষ্ঠসংখ্যক ছিয়া মুছলমান, যদিও বৌদ্ধসকলে উল্লেখযোগ্য সংখ্যালঘু গঠন কৰে আৰু মূলতঃ জান্সকাৰ তহচিলত বাস কৰে।

জলবায়ু

কাৰ্গিল জিলা হিমালয়ৰ গভীৰ দক্ষিণ-পশ্চিম অংশত অৱস্থিত, যাৰ বাবে ইয়াৰ জলবায়ু শীতল আৰু নাতিশীতোষ্ণ। গ্ৰীষ্মকাল শীতল ৰাতিৰ সৈতে দিনত উষ্ণ হয়, আনহাতে শীতকাল দীঘলীয়া আৰু ঠাণ্ডা হয় আৰু তাপমাত্ৰা প্ৰায়ে −১৫ °C (৫ °F) লৈ হ্ৰাস পায় আৰু কাৰ্গিল চহৰৰ পৰা কিলোমিটাৰ (৩৫ মাইল) দূৰত্বত অৱস্থিত সৰু চহৰ ড্ৰাছত ৰেকৰ্ড কৰা উষ্ণতা হৈছে −৬০ °C (−৭৬ °F)। জানস্কাৰ উপত্যকা আন ঠাইসমূহৰ তুলনাত অধিক ঠাণ্ডা।কাৰ্গিল জিলা ১৪,০৮৬ কিলোমিটাৰ বৰ্গমিটাৰ (৫,৪৩৯ বৰ্গমাইল) জুৰি বিস্তৃত। জিলাখনৰ মাজেৰে সুৰু নদীখন বৈ গৈছে।

তথ্যসূত্ৰ

  1. ↑ District Census Handbook 2011, পৃ. 7

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্গিল জিলা” প্ৰবন্ধৰ সংশোধন ৩৫২৯৫৮ (৬ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।