পিয়ং ইয়াং (평양, P’yŏngyang, অৰ্থাৎ: "সমতল ভূমি" বা "শান্ত ভূমি") উত্তৰ কোৰিয়াৰ ৰাজধানী আৰু সৰ্ববৃহৎ মহানগৰ। পিয়ং ইয়াং টাএডং নদীৰ পশ্চিম কোৰিয়া সাগৰৰ মুখৰ ১১০ কিলোমিটাৰ উজনিত অৱস্থিত। ২০০৮ চনৰ লোকপিয়লৰ প্ৰাৰম্ভিক ফলাফল অনুযায়ী পিয়ং ইয়াং ৩২,৫৫,৩৮৮ জনৰ বসতিস্থল।১ মহানগৰখনক ১৯৪৬ত দক্ষিণ পিয়ং ইয়াং জিলাৰ পৰা পৃথক কৰা হ'ল আৰু বৰ্তমানে ই এক প্ৰত্যক্ষভাৱে শাসিত মহানগৰ বা চিখাল্সি। ইয়াৰ চৰকাৰৰ মৰ্যদা আঞ্চলিক চৰকাৰৰ সমান, যি দক্ষিণ কোৰিয়াৰ ছিউলৰ ব্যৱস্থাতকৈ বেলেগ।
নাম
"পিয়ং ইয়াঙ"ৰ অৰ্থ কোৰীয় ভাষাত "সমতল ভূমি"। এই ঠাইৰ এক জনপ্ৰিয় ঐতিহাসিক নাম ৰিয়ুগ ইয়ং যাৰ অৰ্থ "ৱিল' গছৰ ৰাজধানী"। আজিও ৱিল' গছৰ উভৈনদীয়ে চহৰখনৰ বিষয়ে লিখিত কাব্যক অনুপ্ৰেৰিত কৰে আৰু অনেক ঠাইত এতিয়াও ৰিয়ুগ ইয়ং নাম প্ৰচলিত। কিচং, হুৱাংচং, ৰাক্ৰাং, চ গ্যং, চ'ড', হগ্যং, চাংগান আৰু হেইজ'ও এই চহৰৰ ইতিহাসৰ বিভিন্ন সময়ত প্ৰচলিত নাম। ঐতিহাসিকভাৱে খ্ৰীষ্টধৰ্মৰ আধিপত্য থকাৰ বাবে এই চহৰক খ্ৰীষ্টান প্ৰচাৰকসকলে পূবৰ জেৰুজালেমো বোলে।২৩
১৯৯৪ত কিম ২-চুংকিম ২-চুঙৰ মৃত্যুত প্ৰস্তাৱ ৰখা হ'ল যে এই চহৰৰ নাম কিম ২-চুং নগৰ ৰখা উচিত। আন আনে তাৰ বিপৰীতে পৰামৰ্শ প্ৰদান কৰিলে যে তাৰ সলনি উত্তৰ কোৰিয়াই ছিউলকহে কিম ২-চুং নগৰ আখ্যা দিয়া উচিত আৰু পিয়ং ইয়াঙক কিম জং-ইল চহৰ বোলা উচিত। পিচে, উভয় প্ৰস্তাৱেই গৃহিত নহ'ল।৪
ৰাজনীতি
সাংবিধানিকভাৱে দেশখনৰ ৰাজধানী পিয়ং ইয়াঙত দেশখনৰ মুখ্য চৰকাৰী আৰু আন আন ৰাজহুৱা দপ্তৰ অৱস্থিত। হেনবাংচান-ডঙত ৱৰ্কাৰ্চ পাৰ্টি চেণ্ট্ৰেল কমিটি বহে। পিয়ং ইয়াং পিপল্স কমিটি বহে চুং-গুয়কৰ হেবাংচান-ডঙত। উত্তৰ কোৰিয়াৰ কেবিনেট চুং গুয়কৰ জংৰ'-ডঙত অৱস্থিত।
পিয়ং ইয়াং উত্তৰ কোৰিয়াৰ সকলো মুখ্য সুৰক্ষা সংস্থাৰ স্থান। গণ সুৰক্ষা মন্ত্ৰ্যালয়ত ১৩০০০০ কৰ্মীয়ে ১২ ব্যুৰ'ত কাম কৰে। মন্ত্ৰ্যালয়টোৱে আৰক্ষী সেৱাৰ পৰা জনস্বাস্থ্যলৈকে ভিন্ন ধৰণৰ কৰ্ম সম্পাদন কৰে। ৰাজ্য সুৰক্ষা বিভাগো ইয়াতেই অৱস্থিত য'ত ৩০০০০ কৰ্মীয়ে কাম কৰে। ই ৰাজনৈতিক কাৰাগাৰ ব্যৱস্থা। প্ৰৱেশ প্ৰস্থান ব্যৱস্থা আদি চায়।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰেই চহৰখনৰো প্ৰায় সকলো দিশ ৱৰ্কাৰ্চ পাৰ্টি অৱ কোৰিয়াই নিয়ন্ত্ৰণ কৰে।
ভাগ
পিয়ং ইয়াং ১৯টা ৱাৰ্ড আৰু ২টা কাউণ্টি (কুন/গুন)ত বিভক্ত।.৫
ঘাই স্থল
কিছু উল্লেখনীয় স্থান:
- খুমচুচান প্ৰাসাদ
- আৰ্ক অৱ ট্ৰায়াম্ফ (ফ্ৰাঞ্চৰ পেৰিচৰ আৰ্ক ডে ট্ৰায়ম্ফেৰ পৰা প্ৰেৰিত, কিন্তু তাতকৈ ডাঙৰ
- কিম ২-চুঙৰ জন্মস্থান
- জুচে টাৱাৰ
- ষ্টেডিয়ামদ্বয়:
- ৰুংনাড' মে' দিৱস ষ্টেডিয়াম
- কিম ২-চুং ষ্টেডিয়াম
- মানচু হিল কম্প্লেক্স আৰু তাৰ ভিতৰৰ কোৰিয়ান বিপ্লৱ মিউজিয়াম (সংগ্ৰহালয়)
- খিম ২-চুং স্কুৱেৰ
- য়াংগাকড' আন্তৰ্জাতিক চিকিৎসালয়
তথ্যসূত্ৰ
- ↑ United Nations Statistics Division; Preliminary results of the 2008 Census of Population of the Democratic People’s Republic of Korea conducted on 1–15 October 2008 (pdf-file) Retrieved on 2009-03-01
- ↑ Lankov, Andrei. (16 March 2005). North Korea's missionary position. Asia Times Online
- ↑ Caryl, Christian. (15 September 2007). Prayer In Pyongyang. The Daily Beast. The Newsweek/Daily Beast Co
- ↑ (2005-02-21). Pyongyang was to become 'Kim Il Sung City'; The followers of Kim Jong Il suggested the idea. Daily NK
- ↑ 행정구역현황 (Haengjeong Guyeok Hyeonhwang). NK Chosun
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পিয়ং ইয়াং” প্ৰবন্ধৰ সংশোধন ৩৮১৭৬২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।