তামেংলং জিলা (Tamenglong district, Pron:/tæmɛŋˈlɒŋ/) ভাৰতত মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷১এই জিলাৰ সদৰ ঠাই তামেংলং নগৰ৷ জিলাখনৰ মুঠ মাটিকালি হৈছে ৪৩৯১ বৰ্গকিমি৷
ইতিহাস
১৯১৯ চনত ব্ৰিটিছৰ শাসনৰ সময়ত মণিপুৰ হিলছৰ চাৰিটা মহকুমা প্ৰতিষ্ঠা কৰা হয়- উত্তৰ-পূব মহকুমা, উত্তৰ-পশ্চিম, দক্ষিণ-পূব আৰু দক্ষিণ-পশ্চিম মহকুমা৷ ইয়াৰে উত্তৰ-পশ্চিম মহকুমাটোৰ সদৰ খঞ্জাও, তামেংলং গাঁৱত প্ৰতিষ্ঠা কৰা হয়৷ Khunjao, এই মহকুমাৰ বিষয়া হিচাপে নিয়োগ কৰা হয় ৱিলিয়াম শ্ব (Mr. William Shaw) ক৷ ১৯২৩ চনত এই সদৰ ঠাই খুঞ্জাওৰ পৰা ৩ কিমি দুৰত্বত অৱস্থিত বৰ্তমানৰ তামেংলঙলৈ স্থানান্তৰিত কৰা হয়৷ পৰৱৰ্তী কালত উত্তৰ-পশ্চিম মহকুমাকে তামেংলং নামেৰে অভিহিত কৰে৷ ১৯৬৯ চনত এই তামেংলং পূৰ্ণাংগ জিলা হিচাপে পৰিগণিত হয়৷
ভৌগোলিক অৱস্থান
তামেংলং জিলাৰ উত্তৰে নাগালেণ্ড ৰাজ্য, পূবে সেনাপতি জিলা, দক্ষিণে চুড়াচন্দ্ৰপুৰ জিলা আৰু পশ্চিমে ইম্ফল পশ্চিম জিলা আৰু অসম ৰাজ্য অৱস্থিত৷ এই জিলাৰ সদৰ ঠাই তামেংলং নগৰ৷ জিলাখনৰ মুঠ মাটিকালি হৈছে ৪৩৯১ বৰ্গকিমি৷
অৰ্থনীতি
২০০৬ চনৰ ভাৰতৰ পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতৰ আটাইতকৈ অৱহেলিত ২৫০ খন জিলাৰ ভিতৰত তামেংলং এখন বুলি অভিহিত কৰে।২ ভাৰতৰ Backward Regions Grant Fund Programme (BRGF) পুঁজিৰ পৰা অনুমোদন লাভ কৰা মণিপুৰৰ তিনিখন জিলাৰ ভিতৰত তামেংলং অন্যতম৷২
মহকুমা
তামেংলং জিলাৰ তিনিটা মহকুমা আছে:
- তামেংলং (Tamenglong)
- তামেই (Tamei)
- তউছেম (Tousem)
শেহতীয়াকৈ ননী জিলা (Noney District)-খন তামেংলঙৰ পৰা পৃথক কৰি পূৰ্ণাংগ জিলাৰ মৰ্য্যদা দিয়া হয়৷
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি তামেংলং জিলাৰ মুঠ জনসংখ্যা ১৪০,৬৫১ জন১৷ গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬০৭৷ এই জিলাৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩২ জন৷ ২০০১-২০১১ লৈ জিলাখনৰ জনসংখ্য বৃদ্ধিৰ হাৰ আছই ২৫.৬৯%৷ তামেংলং জিলাৰ পৰ্তি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৫৩ গৰাকী৷ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৭০.৪%৷
ভাষাসমূহ
জিলাখনৰ ব্যৱহৃত মূল ভাষাসমূহ চিনী-তীব্বতীয় মূলৰ (Sino-Tibetan languages)৷ এই ভাষা/উপভাষাসমূহ হৈছে:
- জেলিয়াংগ্ৰং (Zeliangrong Language)
- জেমি (Zeme language)
- লিয়াংমাই (Liangmai Language)
- ৰংমেই (Rongmei Language)
- ইনপুই (Inpui language)
তথ্যসূত্ৰ
- ↑ Tamenglong. 2011 Census of India. ভাৰত চৰকাৰ
- ↑ Ministry of Panchayati Raj. (September 8, 2009). A Note on the Backward Regions Grant Fund Programme. National Institute of Rural Development
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তামেংলং জিলা” প্ৰবন্ধৰ সংশোধন ২৬৬৬৮৮ (৭ মাৰ্চ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।