য়াংজে নদী (Yangtze River) ( or ), (Chinese: 长江, Cháng Jiāng), (চীনা নাম - Chang Jiang বা Yangzi) এছিয়াৰ আটাইতকৈ দীঘল আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ দৈৰ্ঘ্যৰ নদী। ’Qinghai-Tibet Plateau’ ৰ বৰফাবৃত অঞ্চলৰ পৰা দক্ষিণ-পশ্চিম, কেন্দ্ৰীয় আৰু পূব চীনৰ মাজেদি বৈ গৈ চাংহাইৰ পূব চীন সাগৰ (East China Sea) ত মিলিত হোৱালৈকে এই নদীয়ে প্ৰায় ৬,৩০০ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰে। এই নদীয়ে চীনৰ এক-পঞ্চমাংশ অঞ্চলৰ পানীৰ প্ৰধান উৎস আৰু এই নৈৰ উপত্যকা চীনৰ এক-তৃতীয়াংশ জনসংখ্যাৰ বাসস্থান।১
এই নদীয়ে চীনৰ ইতিহাস, সংস্কৃতি আৰু অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। ইয়াৰ য়াংজে নদী ব-দ্বীপ ( Yangtze River Delta)-এ চীনৰ মূল জিডিপিৰ ২০% উৎপন্ন কৰে। এই নদী বিভিন্ন পৰিস্থিতিতন্ত্ৰৰ মাজেৰে প্ৰবাহিত হৈছে আৰু এই অঞ্চলসমূহ জৈব-বৈচিত্ৰ্যৰ ফালৰ পৰা অতি সমৃদ্ধ। সভ্যতাৰ আৰম্ভণিৰে পৰা এই নৈ উদ্যোগ, জলসিঞ্চন, পৰিবহণ, যুদ্ধ সকলো ক্ষেত্ৰতে ব্যৱহাৰ হৈ আহিছে। এই নৈৰ ওপৰত থকা ’Three Gorges Dam’ নামৰ নদীবান্ধটো বিশ্বৰ সৰ্ববৃহৎ হাইড্ৰ’ইলেকট্ৰিক পাৱাৰ ষ্টেচন ৰূপে স্বীকৃত।২৩
শেহতীয়াকৈ এই নদী ওদ্যোগিক প্ৰদূষণ, কৃষিক্ষেত্ৰৰ জাবৰৰ প্ৰদূষণ আদি ভাবুকিৰ সন্মুখীন হৈছে। এই নৈৰ পশ্চিম য়ুনানৰ অংশটো ইউনেস্ক’ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত ৱৰ্ল্ড হেৰিটেজ ছাইট Three Parallel Rivers of Yunnan Protected Areas নামৰ সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত।৪
নৈৰ পাৰত অৱস্থিত চহৰসমূহ

উপনৈ

য়াংজে নৈৰ ৭০০ ৰো অধিক উপনৈ আছে বুলি জনা যায়। ইয়াৰ ভিতৰত মূল উপনৈ কেইখন হৈছে-
- Yalong River
- Min River (Sichuan)
- Tuo River
- Chishui River
- Jialing River
- Wu River
- Qing Jiang
- Yuan River
- Lishui River
- Zi River
- Xiang River
- Han River (Hanshui)
- Gan River (Jiangxi)
- Shuiyang River
- Qingyi River
- Chao Lake
- Tai Lake
লগতে চাওক
- Carles, William Richard, "The Yangtse Chiang", The Geographical Journal, Vol. 12, No. 3 (Sep., 1898), pp. 225–240; Published by: Blackwell Publishing on behalf of The Royal Geographical Society (with the Institute of British Geographers)
- Danielson, Eric N. 2004. Nanjing and the Lower Yangzi, From Past to Present, The New Yangzi River Trilogy, Vol. II. Singapore: Times Editions/Marshall Cavendish. ISBN 981-232-598-0.
- Danielson, Eric N. 2005. The Three Gorges and The Upper Yangzi, From Past to Present, The New Yangzi River Trilogy, Vol. III. Singapore: Times Editions/Marshall Cavendish. ISBN 981-232-599-9.
- Grover, David H. 1992 American Merchant Ships on the Yangtze, 1920-1941. Wesport, Conn.: Praeger Publishers.
- Van Slyke, Lyman P. 1988. Yangtze: nature, history, and the river. A Portable Stanford Book. ISBN 0-201-08894-0
- Winchester, Simon. 1996. The River at the Center of the World: A Journey Up the Yangtze and Back in Chinese Time, Holt, Henry & Company, 1996, hardcover, ISBN 0-8050-3888-4; trade paperback, Owl Publishing, 1997, ISBN 0-8050-5508-8; trade paperback, St. Martins, 2004, 432 pages, ISBN 0-312-42337-3
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Accessed 10 Sept 2010
- ↑ Three Gorges Dam, China: Image of the Day. earthobservatory.nasa.gov
- ↑ International Rivers, Three Gorges Dam profile, Accessed August 3, 2009
- ↑ New stimulus measures by China to boost economic growth. Beijing Bulletin
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়াংজে নদী” প্ৰবন্ধৰ সংশোধন ৩৮২৭৬৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।