অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

উখৰুল জিলা

উখৰুল (Ukhrul, Pron:/ˈuːkˌɹəl or ˈuːkˌɹʊl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাখনৰ মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৮৪ কিলিমিটাৰ উত্তৰ-পূব দিশত অৱস্থিত।

হালনাগাদ: ৩১ জুলাই ২০২৬ ৩৮৩ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

উখৰুল (Ukhrul, Pron:/ˈuːkˌɹəl or ˈuːkˌɹʊl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাখনৰ মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৮৪ কিলিমিটাৰ উত্তৰ-পূব দিশত অৱস্থিত।

ইতিহাস

১৯১৯ চনত ব্ৰিটিছ শাসনৰ সময়ত উখৰুল জিলাক এক মহকুমা হিচাপে ৰখা হৈছিল। ১৯৬৯ চনত ভাৰত চৰকাৰে এই জিলাক মণিপুৰ পূব জিলা নাম দি পূৰ্ণাংগ জিলাৰ মৰ্য্যদা দিয়ে।

ভাষাতত্ত্বৰ ফালৰ পৰা উখৰুলৰ মূল অধিবাসী তাংখুল নগাসকল চীনা-তিব্বতীয় গোষ্ঠীৰ তিব্বতীয়-বৰ্মা বিভাগৰ অন্তৰ্ভুক্ত। এই সূত্ৰই তেওঁলোক ঐতিহাসিকভাৱে উত্তৰৰ চীন আৰু তিব্বতীয় মূলৰ বুলি ইংগিত দিয়ে। তাংখুলসকলৰ আটাইতকৈ প্ৰাচীন মূল চীন জিজিয়াং অঞ্চলৰ হোৱাংহো (Huang He) আৰু য়াংজে (Yangtze) নদীৰ উপত্যকা বুলি জনা যায়। জীৱন-নিৰ্বাহৰ সহজ পথৰ সন্ধানত তেওঁলোকে বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰে। ইয়াৰে এটা ঠাল আহি দক্ষিণে ম্যানমাৰ পায়হি।

তাংখুলকে ধৰি অন্যান্য নগা জনজাতিসমূহ ম্যানমাৰৰ পৰাই আহি মণিপুৰ, নাগালেণ্ড, অসম আৰু অৰুণাচল প্ৰদেশত বসতি কৰিবলৈ লয়।

ভৌগোলিক অৱস্থান

শ্বিৰুই লিলি
শ্বিৰুই লিলিছবি: Tabish Qureshi Tabish q · CC BY-SA 3.0

উখৰুল জিলাৰ সদৰ ঠাই উখৰুল নগৰ। এই নগৰৰ অধিবাসী ৭৫,০০০ বুলি জনা যায়। উখৰুল জিলাত অৱস্থিত শ্বিৰুই কাছং পৰ্বতত পোৱা আপুৰুগীয়া শ্বিৰুই লিলি (Shirui lily, Lilium mackliniae Sealy), আৰু Khangkhui Mangsor গুহা জিলাখনৰ অন্যতম আকৰ্ষণ।

প্ৰশাসন

উখৰুল জিলাৰ মহকুমাসমূহ হৈছে:

  • উখৰুল (Ukhrul)
  • লাংছং-মাইফাই (Lungchong-Maiphai)
  • চিংগাই (Chingai)
  • জেছামি (Jessami)

যাতায়ত

জিলাখনৰ সদৰ ঠাই উখৰুল ১৫০ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ইম্ফালৰ লগত সংযুক্ত। এই ঘাইপথেই জেছামিৰ মাজেৰে উখৰুলক ক’হিমাৰ লগতো সংযুক্ত কৰিছে।

জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি উখৰুল জিলাৰ জনসংখ্যা ১,৮৩,১১৫ জন।১জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯৩। এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪০ জন। ১ ২০০১-২০১১ দশকত জিলাখনৰ মুঠ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৩০.০৭%১ উখৰুলৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৪৮ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৮১.৮৭%।১

উখৰুলৰ সংখ্যাগৰিষ্ঠ লোক তাংখুল জনজাতিৰ।

ভাষা

উখৰুল জিলাত ব্যৱহৃত মূল ভাষাসমূহ হৈছে:

  • তাংখুল ভাষা (Tangkhul language)
  • চৰবুং ভাষা (Sorbung language)
  • পশ্চুৰি ভাষা (Pochuri language)
  • তাৰাও ভাষা (Tarao language)

সংস্কৃতি

উখৰুল জিলাত তাংখুল সকলে বিভিন্ন উৎসৱ পালন কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হৈছে বীজ সিচাঁৰ সময়ত পালন কৰা লুইৰা উৎসৱ (Luira), খেতিৰ কামৰ পৰা আহৰি পোৱাৰ সময়ত পালন কৰা মাংখাপ উৎসৱ (Mangkhap), মৃতকক সন্মান জনাই উদযাপন কৰা থিছম (Thisham) উৎসৱ আৰু খেতি চপোৱাৰ পিছত উদযাপন কৰা থাৰিও উৎসৱ (Thareo)।

শিক্ষা

১৮৯৬ চনত খ্ৰীষ্টান মিছনেৰী ৰেভাৰেণ্ড উইলিয়াম পেটিগ্ৰিউ (Rev. William Pettigrew)-এ উখৰুল জিলাৰ প্ৰথমখন বিদ্যালয় স্থাপন কৰিছিল। বৰ্তমান জনসংখ্যাৰ ৯০% শিক্ষিত লোকেৰে উখৰুল নগৰ ইম্ফলৰ পিছতে মণিপুৰৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আটাইতকৈ আগবঢ়া নগৰ। এই নগৰৰ উল্লেখযোগ্য শিক্ষানুষ্ঠানসমূহ হৈছে চেক্ৰেড হাৰ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়, এলিচ খ্ৰীষ্টিয়ান উচ্চতৰ মাধ্যমিক বিদ্যালয়, লিটল এঞ্জেল বিদ্যালয়, ব্লেছ’ মণ্টেশ্বৰী বিদ্যালয়, পাটকাই একাডেমী ইত্যাদি।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2011). District Census 2011. Census2011.co.in

সম্পৰ্কিত শ্ৰেণী

মণিপুৰৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উখৰুল জিলা” প্ৰবন্ধৰ সংশোধন ৬২১৮৫৯ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।