অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

উত্তৰ সাগৰ

উত্তৰ সাগৰ আটলাণ্টিক মহাসাগৰৰ এক সীমামূৰীয়া সাগৰ। ই গ্ৰেট ব্ৰিটেইন, স্কেণ্ডিনাভিয়া (Scandinavia), জাৰ্মানী (Germany), নেডাৰলেণ্ড (Netherlands), বেলজিয়াম (Belgium), আৰু ফ্ৰান্সৰ মাজত অৱস্থিত। এই সাগৰে দক্ষিণে ইংলিছ চেনেল আৰু উত্তৰে নৰৱেৰিয়ান সাগৰেৰে মূল সাগৰত মিলিত হৈছে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৪৪৭ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

উত্তৰ সাগৰ আটলাণ্টিক মহাসাগৰৰ এক সীমামূৰীয়া সাগৰ। ই গ্ৰেট ব্ৰিটেইন, স্কেণ্ডিনাভিয়া (Scandinavia), জাৰ্মানী (Germany), নেডাৰলেণ্ড (Netherlands), বেলজিয়াম (Belgium), আৰু ফ্ৰান্সৰ মাজত অৱস্থিত। এই সাগৰে দক্ষিণে ইংলিছ চেনেল আৰু উত্তৰে নৰৱেৰিয়ান সাগৰেৰে মূল সাগৰত মিলিত হৈছে। এই সাগৰৰ দৈৰ্ঘ্য ৯৭০ কিমি. আৰু প্ৰস্থ ৫৮০ কিমি., মুঠ কালি ৫৭০,০০০বৰ্গ কিমি.।

ইউৰোপৰ জলপৰিবহণ তথা মৎস্য উদ্যোগত উত্তৰ সাগৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। তদুপৰি পৰ্য্যটনৰ দিশৰ পৰাও ইয়াৰ গুৰুত্ব যথেষ্ট।

ঐতিহাসিকভাৱে, উত্তৰ সাগৰ ভাইকিং সামাজ্য উত্থানৰ কেন্দ্ৰ আছিল। পৰৱৰ্তীকালত হেনছিয়েটিক লীগ (Hanseatic League), নেডাৰলেণ্ড (Netherlands) আৰু ব্ৰিটিছে উত্তৰ সাগৰৰ ওপৰত নিজা আধিপত্য প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। জাৰ্মানীৰ বাবে সাগৰলৈ একমাত্ৰ পথ হিচাপে উত্তৰ সাগৰে দুয়োখন বিশ্বযুদ্ধতে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল।

উত্তৰ সাগৰৰ গতিপথত ভিন্নধৰণৰ ভৌগোলিক গঠন আৰু বৈশিষ্ট্য পোৱা যায়। উত্তৰে ন’ৰৱে আৰু স্কটিছ সাগৰীয় পাৰ থিয় শিলাময় (sheer cliffs mark) হোৱাৰ বিপৰীতে দক্ষিণে সাগৰৰ পাৰটো বালিময় আৰু বোকাময় সমতলহে। জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, উদোগীকৰণ, সাগৰৰ অতিমাত্ৰা ব্যৱহাৰ (intense use) আদিৰ বাবে এই অঞ্চলটোত পৰিৱেশ দূষিত হৈছে।

ভৌগোলিক বিৱৰণ

উত্তৰ সাগৰৰ পশ্চিমে অ’ৰকনী দ্বীপপূঞ্জ (Orkney Islands) আৰু গ্ৰেট ব্ৰিটেইনৰ পূবৰ সাগৰীয় অঞ্চল।১ ইয়াৰ পূব আৰু দক্ষিণত ক্ৰমান্বয়ে উত্তৰ আৰু কেন্দ্ৰীয় ইউৰোপৰ বিভিন্ন দেশসমূহ অৱস্থিত।২১২ পূবে এই সাগৰে Skagerrak আৰু Kattegat ৰ জৰিয়তে বেল্টিক সাগৰ (Baltic Sea) ত মিলিত হৈছে।২১ উত্তৰে এই সাগৰৰ সীমাত Shetland Islands অৱস্থিত।১৩

তথ্যসূত্ৰ

  • (January 2007). North Sea. Country Analysis Briefs. Energy Information Administration (EIA)
  • North Sea Facts. Royal Belgian Institute of Natural Sciences. Management Unit of North Sea Mathematical Models

লগতে চাওক

  • Starkey, David J.; Morten Hahn-Pedersen. (2005). Bridging troubled waters: Conflict and co-operation in the North Sea Region since 1550. Fiskeri-og Søfartsmuseets. ISBN 87-90982-30-4
  • Ilyina, Tatjana P. (2007). The fate of persistent organic pollutants in the North Sea multiple year model simulations of (gamma)-HCH, (alpha)-HCH and PCB 153Tatjana P Ilyina;. Springer. ISBN 978-3-540-68163-2
  • Karlsdóttir, Hrefna M. (2005). Fishing on common grounds: the consequences of unregulated fisheries of North Sea Herring in the postwar period. Ekonomisk-Historiska Inst., Göteborg Univ. ISBN 91-85196-62-2
  • Tiedeke, Thorsten; Werner Weiler. (2007). North Sea coast: landscape panoramas. Nelson: NZ Visitor; Lancaster: Gazelle Drake Academic. ISBN 978-1-877339-65-3
  • ed. by Erik Thoen. (2007). Rural history in the North Sea area: a state of the art (Middle Ages – beginning 20th century). Brepols. ISBN 978-2-503-51005-7
  • Waddington, Clive; Kristian Pedersen. (2007). Mesolithic studies in the North Sea Basin and beyond: proceedings of a conference held at Newcastle in 2003. Oxbow Books. ISBN 1-84217-224-7
  • Zeelenberg, Sjoerd. (2005). Offshore wind energy in the North Sea Region: the state of affairs of offshore wind energy projects, national policies and economic, environmental and technological conditions in Denmark, Germany, The Netherlands, Belgium and the United Kingdom. University of Groningen

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ L.M.A. (1985). Europe. Encyclopædia Britannica Macropædia. Encyclopædia Britannica Inc. পৃ. 832–835. ISBN 0-85229-423-9
  2. ↑ Ripley, George; Charles Anderson Dana. (1883). The American Cyclopaedia: A Popular Dictionary of General Knowledge. D. Appleton and company. পৃ. 499
  3. ↑ Helland-Hansen, Bjørn; Fridtjof Nansen. (1909). IV. The Basin of the Norwegian Sea.. Report on Norwegian Fishery and Marine-Investigations Vol. 11 No. 2. Geofysisk Institutt

সম্পৰ্কিত শ্ৰেণী

সাগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ সাগৰ” প্ৰবন্ধৰ সংশোধন ৬৩২০৯৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।