অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ইউনেস্কোৰ প্ৰতিনিধিত্বমূলক ৰচনাৰ সংগ্ৰহ

ইউনেস্কোৰ প্ৰতিনিধিত্বমূলক ৰচনাৰ সংগ্ৰহ (বা ইউনেস্কোৰ প্ৰতিনিধিত্বমূলক ৰচনাৰ তালিকা UNESCO Collection of Representative Works) আছিল ইউনেস্কোৰ অনুবাদ প্ৰকল্প আৰু এই প্ৰকল্পটো ১৯৪৮ চনৰ পৰা প্ৰায় ২০০৫ চনলৈকে প্ৰায় ৫৭ বছৰ ধৰি সক্ৰিয় আছিল।

হালনাগাদ: ১১ জুলাই ২০২২ ৫১৭ শব্দ · ৩ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

ইউনেস্কোৰ প্ৰতিনিধিত্বমূলক ৰচনাৰ সংগ্ৰহ (বা ইউনেস্কোৰ প্ৰতিনিধিত্বমূলক ৰচনাৰ তালিকা UNESCO Collection of Representative Works) আছিল ইউনেস্কোৰ অনুবাদ প্ৰকল্প আৰু এই প্ৰকল্পটো ১৯৪৮ চনৰ পৰা প্ৰায় ২০০৫ চনলৈকে প্ৰায় ৫৭ বছৰ ধৰি সক্ৰিয় আছিল।১ প্ৰকল্পটোৰ উদ্দেশ্য আছিল বিশ্ব সাহিত্যৰ অদ্বিতীয় বুলি বিবেচিত হোৱা সাহিত্যসমূহ অনুবাদ কৰা, মূলতঃ কম পৰিচিত ভাষাৰ পৰা ইংৰাজী আৰু ফৰাচী ভাষাৰ দৰে অধিক আন্তঃৰাষ্ট্ৰীয় ভাষালৈ ৰূপান্তৰিত কৰা হয়।২ ২০০৫ চনলৈকে এই তালিকাত ১০৬০খন গ্ৰন্থ আছিল৩ আৰু এই গ্ৰন্থসমূহে পয়ষষ্ঠিটাতকৈও অধিক ভিন্ন সাহিত্যক প্ৰতিনিধিত্ব কৰিছিল আৰু প্ৰায় পঞ্চাশটা এছিয়ান ভাষা, বিশটা ইউৰোপীয় ভাষাৰ লগতে আফ্ৰিকা আৰু ওচেনিয়াৰ পৰা অহা কেইবাখনো সাহিত্য আৰু ভাষাক প্ৰতিনিধিত্ব কৰিছিল।২ ইয়াৰ উপৰিও কিছুমান গ্ৰন্থ কমকৈ প্ৰচলিত ভাষালৈ অনুবাদ কৰিছিল, যেনে: জাপানী লেখক ইয়াছুনাৰী কাৱাবাতাৰ ইণ্ডোনেছিয়ান ভাষালৈ অনুবাদ কৰা (আন আঠটা ভাষাৰ উপৰিও), বা উৰ্দু কবি ফাইজ আহমেদ ফৈজৰ হাংগেৰিয়ান ভাষালৈ অনুবাদ কৰা (আন দুটা ভাষাৰ উপৰিও)। ইউনেস্কোৱে অনুবাদ আৰু প্ৰকাশনসমূহৰ বাবে বিত্তীয় সাহায্য আগবঢ়াইছিল যদিও এইক্ষেত্ৰত ইউনেস্কো নিজেই প্ৰকাশক নাছিল, বৰঞ্চ আন প্ৰকাশকৰ সৈতে কাম কৰিছিল। প্ৰকাশকে কিতাপসমূহ স্বতন্ত্ৰভাৱে বিক্ৰী কৰিবও পাৰিছিল।

কেইবাটাও মাপকাঠীৰ ওপৰত ভিত্তি কৰি ৰচনাসমূহ নিৰ্বাচন কৰা হৈছিল। সাধাৰণতে, ইতিমধ্যে প্ৰকাশিত অনুবাদৰ নতুন সংস্কৰণৰ কাম হাতত লোৱা হোৱা নাছিল ইয়াৰোপৰি কম পৰিমাণৰ সাহিত্য ৰচনাকৰা কমকৈ পৰিচিত সাহিত্যিকৰ সাহিত্য অন্তৰ্ভুক্তিৰ বাবে বিবেচনা কৰাটো একপ্ৰকাৰ বিৰল আছিল।২ তলত দিয়া পদ্ধতিৰে ৰচনাসমূহ নিৰ্বাচন কৰা হৈছিল। সদস্য ৰাষ্ট্ৰসমূহে এনে ৰচনাৰ তালিকাৰ পৰামৰ্শ দিছিল যিবোৰক তেওঁলোকে নিজৰ সংস্কৃতিৰ মূল্যবোধৰ প্ৰতিনিধিত্বমূলক বুলি বিবেচনা কৰে। আন্তৰ্জাতিক স্বীকৃতিপ্ৰাপ্ত সাংস্কৃতিক সংগঠন, যেনে পেন লেখক ফেডাৰেচন আৰু আন্তঃৰাষ্ট্ৰীয় দৰ্শন আৰু মানৱতাবাদী অধ্যয়ন পৰিষদকো তালিকাসমূহ স্থাপনৰ ক্ষেত্ৰত পৰামৰ্শৰ বাবে আহ্বান জনোৱা হৈছিল। ইয়াৰ উপৰিও সংগ্ৰহটোত স্থান লাভৰ যোগ্য বুলি বিবেচনা কৰা বিশেষ গ্ৰন্থসমূহৰ অনুবাদৰ কাম হাতত ল'বলৈ ইচ্ছুক প্ৰকাশকসকলৰ পৰা পৰামৰ্শ লাভ কৰা হৈছিল।২

প্ৰায় ২০০৫ চনৰ পৰা ইউনেস্কোৱে নতুন অনুবাদৰ বাবে আৰু ধন আগবঢ়াব পৰা নাছিল, কিন্তু তথাপিও অনলাইনত পূৰ্বৰ অনুবাদৰ তালিকা এখন বাহাল ৰাখিছে।

পৰিসংখ্যা

তলত ৰচনাসমূহ অনুবাদ কৰা প্ৰধান ভাষা আৰু সেই ভাষালৈ অনুবাদ কৰা ৰচনাসমূহৰ সংখ্যাৰ সৈতে তালিকা দিয়া হ'ল:

  • ইংৰাজী: ৪৫৫
  • ফৰাচী: ৪৫০
  • স্পেনিছ: ৭১
  • আৰবী: ৩৮
  • জাৰ্মান: ২৫

অনুবাদৰ অধীনত যথেষ্ট সংখ্যক ৰচনা থকা ভাষাসমূহৰ ভিতৰত আছে:

  • তামিল: ৩৪১
  • জাপানীজ: ১৫২
  • স্পেনিছ: ১০৫
  • আৰবী: ৬২
  • চীনা: ৬১
  • পাৰ্চী: ৫৪
  • সংস্কৃতঃ ৪৯ (কেৱল নতুন লিখিত গ্ৰন্থৰ ক্ষেত্ৰত এক অলিখিত মৃতভাষা, প্ৰধানকৈ হিন্দু ধৰ্ম আৰু সাহিত্যৰ প্ৰাচীন গ্ৰন্থৰ উৎস)
  • পৰ্তুগীজ: ৪৪
  • বাংলা: ৩৪
  • ফৰাচী: ৩৪
  • কোৰিয়ান: ৩১
  • ইংৰাজী: ২৯
  • হিন্দী: ২৭
  • ইটালীয়: ২৪
  • পালি: ২৩ (এটা অলিখিত বিলুপ্ত ভাষা, মূলতঃ আদিম বৌদ্ধ গ্ৰন্থৰ উৎস)
  • হাংগেৰিয়ান: ১৬
  • তুৰ্কী: ১৬
  • আধুনিক গ্ৰীক: ১৪
  • ৰোমানিয়ান: ১৪
  • উৰ্দু: ১৩

এটা ভাষাৰ পৰা আন এটা ভাষালৈ অনুবাদ কৰা ৰচনাৰ উল্লেখযোগ্য গোটসমূহৰ ভিতৰত আছে:

  • জাপানী ভাষাৰ পৰা ইংৰাজীলৈ: ৯২
  • চীনা ভাষাৰ পৰা ইংৰাজীলৈ: ৩০
  • পাৰ্চীৰ পৰা ইংৰাজীলৈ: ২৬
  • সংস্কৃতৰ পৰা ইংৰাজীলৈ: ২৩
  • কোৰিয়ানৰ পৰা ইংৰাজীলৈ: ২২
  • স্পেনিছৰ পৰা ইংৰাজীলৈ: ২২
  • হিন্দীৰ পৰা ইংৰাজীলৈ: ২০
  • পালিৰ পৰা ইংৰাজীলৈ: ২০
  • বাংলা ভাষাৰ পৰা ইংৰাজীলৈ: ১৯
  • আৰবীৰ পৰা ইংৰাজীলৈ: ১২
  • স্পেনিছৰ পৰা ফৰাচীলৈ: ৬২
  • আৰবীৰ পৰা ফৰাচীলৈ: ৪১

জাপানী ভাষাৰ পৰা ফৰাচীলৈ: ৩৯

  • পৰ্তুগীজৰ পৰা ফৰাচীলৈ: ৩১
  • চীনা ভাষাৰ পৰা ফৰাচীলৈ: ২৩
  • পাৰ্চীৰ পৰা ফৰাচীলৈ: ২০
  • ইটালীয়ৰ পৰা ফৰাচীলৈ: ১৯
  • সংস্কৃতৰ পৰা ফৰাচীলৈ: ১৬
  • ইংৰাজীৰ পৰা ফৰাচীলৈ: ১৪
  • বাংলা ভাষাৰ পৰা ফৰাচীলৈ: ১৩
  • ফৰাচীৰ পৰা আৰবীলৈ: ১৪

উল্লেখযোগ্য সংখ্যক অনুবাদ থকা লেখকসকলৰ ভিতৰত আছে:

  • নাটছুমে ছ’চেকি: ১১
  • যছুনাৰী কাৱাবাটা: ৯
  • ৰুমি: ৮
  • জুলিও কৰ্টাজাৰ: ৭
  • ৰবীন্দ্ৰনাথ ঠাকুৰ: ৭
  • ইউকিঅ’ মিছিমা: ৫
  • মহম্মদ ইকবাল: ৫

তথ্যসূত্ৰ

  1. ↑ UNESCO Collection of Representative Works. English Pen
  2. ↑ Maunick, Édouard J. (January 1986). A library of world classics. The UNESCO Courier. পৃ. 5─8
  3. ↑ UNESCO Collection of Representative Works. To see the full list, click "Search" with all search criteria blank or default

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউনেস্কোৰ প্ৰতিনিধিত্বমূলক ৰচনাৰ সংগ্ৰহ” প্ৰবন্ধৰ সংশোধন ৩২৭৩৪৫ (১১ জুলাই ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।