আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ দ্বাৰা প্ৰতিষ্ঠা কৰা এক প্ৰকল্প। ইয়াৰ দ্বাৰা ব্লক পৰ্যাযত বিভিন্ন বিদ্যালয়সমূহৰ মাজত বিজ্ঞান প্ৰযুক্তিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কেন্দ্ৰৰ দ্বাৰা বিভিন্ন কাৰ্যসূচী লোৱা হয়। বৰ্তমানে অসমত ২১৯ টা আৰ্যভট্ট কেন্দ্ৰ আছে।১ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ,অসমৰ সহযোগত হোৱা এই প্ৰকল্পৰ ২০০৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত কেন্দ্ৰসমূহৰ প্ৰথমটো কেন্দ্ৰ মুকলি কৰে।
উদ্দেশ্য
আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্দেশ্য সমূহ হ'ল২ -
- বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলা।
- পৰীক্ষা-নিৰীক্ষা আৰু অন্যান্য হাতে কামে কৰা কামৰ জৰিয়তে বিজ্ঞান শিক্ষাক আকৰ্ষণীয় কৰি তোলা।
- মৌলিক বিজ্ঞানক কেৰিয়াৰ বিকল্প হিচাপে প্ৰচাৰ কৰা।
কাৰ্যসূচী সমূহ
ব্লক পৰ্যায়ৰ প্ৰতিযোগিতা
- বিজ্ঞান ভিত্তিক আকস্মিক বক্তৃতা প্ৰতিযোগিতা
- বিজ্ঞান ভিত্তিক পোষ্টাৰ অংকন প্ৰতিযোগিতা
- বিজ্ঞান আৰু প্ৰযুক্তি মডেল নিৰ্মাণ প্ৰতিযোগিতা (প্ৰদৰ্শনী) যিবোৰ সেই ব্লকৰ ভিতৰৰ বিদ্যালয়সমূহৰ মাজত আয়োজন কৰা হয়। ব্লক পৰ্যায়ৰ প্ৰতিযোগিতাসমূহৰ পৰা নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলৰ মাজত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহৰ আয়োজন কৰা হয়।
জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহৰ পৰা নিৰ্বাচিত অংশগ্ৰহণকাৰীসকলে গুৱাহাটীত ASTEC ৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
তথ্যসূত্ৰ
- ↑ astec.assam.gov.in/portlet-innerpage/aryabhatta- link|date=August 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
- ↑ আৰ্কাইভ কপি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, অসম” প্ৰবন্ধৰ সংশোধন ৫৩০৬৪৪ (৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।