উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ হৈছে ভাৰত চৰকাৰৰ মহাকাশ বিভাগ আৰু উত্তৰ-পূব পৰিষদৰ যৌথ উদ্যোগত ২০০০ চনৰ ছেপ্টেম্বৰ মাহত মেঘালয়ৰ উমিয়ামত স্থাপন কৰা এটা আঞ্চলিক মহাকাশ কেন্দ্ৰ। উত্তৰ-পূবৰ ৰাজ্যসমূহত উন্মোচিত প্ৰাকৃতিক খনিজ পদাৰ্থসমূহ আৱিষ্কাৰৰ বাবে দূৰ সংবেদন প্ৰযুক্তিৰ ব্যৱহাৰ ক্ষিপ্ৰ কৰিবলৈ, আৰু মহাকাশ বিজ্ঞান আৰু প্ৰযুক্তি ব্যৱহাৰ কৰি ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ সামগ্ৰিক বিকাশৰ বাবে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে।১
ইতিহাস
মহাকাশ বিভাগ আৰু উত্তৰ পূব পৰিষদৰ যৌথ উদ্যোগত ২০০০ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ মেঘালয় ৰাজ্যৰ শ্বিলঙত উত্তৰ-পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ স্থাপন কৰা হৈছিল। ৰাজ্য চৰকাৰে এই কেন্দ্ৰটোক সংৰক্ষিত এলেকা হিচাপে ঘোষণা কৰিছে।২
লক্ষ্য
নেছাকৰ উদ্দেশ্য হৈছে দূৰ সংবেদন প্ৰযুক্তি ব্যৱহাৰ কৰি অঞ্চলটোত থকা প্ৰাকৃতিক সম্পদসমূহৰ সন্ধান আৰু ব্যৱহাৰ কৰা, উত্তৰ-পূবৰ ৰাজ্যসমূহক উপগ্ৰহ সেৱাৰ সুবিধা প্ৰদান কৰা, আৰু অঞ্চলটোৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতা কৰি অঞ্চলটোৰ মহাকাশ প্ৰযুক্তিৰ গৱেষণাক প্ৰসাৰ কৰা।৩৪
কাৰ্যক্ৰম
বৰ্তমান এই কেন্দ্ৰটোৱে দূৰ সংবেদন আৰু ভৌগোলিক তথ্য ব্যৱস্থা, এটা উপগ্ৰহ যোগাযোগ কাৰ্যসূচী আৰু মহাকাশ বিজ্ঞান গৱেষণা কাৰ্যসূচীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
আঁচনি
কেন্দ্ৰটোৱে উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ ভূমিৰ মানচিত্ৰ নিৰ্মাণৰ বাবে ১:৫০,০০০ স্কেলত প্ৰকল্প গ্ৰহণ কৰিছে, আৰু বন্যভূমি আৰু জলাশয়ৰ নিৰীক্ষণৰ কাম হাতত লৈছে। ই বানপানীৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থকা অঞ্চলসমূহৰ বাবে "বানপানীৰ আগতীয়া সতৰ্কবাণী ব্যৱস্থা" (বা চমুকৈ FLEWS) প্ৰস্তুত কৰিছিল।৫ ইয়াৰ উপৰিও নেছাকে মেঘালয় আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহৰ বিষয়ে তথ্য আগবঢ়াবলৈ স্পৰ্শ ইনপুট ভিত্তিক তথ্য প্ৰদৰ্শনী ডিছপ্লে' বিকাশ কৰিছিল।৬৭
সা-সুবিধা
এই কেন্দ্ৰটোত এৰডাছ, জিঅ’মেটিকা, ই কগনিচন, ই এছ আৰ আই আৰ্ক জিআইএছ, আদি আধুনিক জি আই এছ চফটৱেৰ আছে। ইয়াৰ সঁজুলিসমূহৰ ভিতৰত আছে:
- ডিজিটেল ফটোগ্ৰামেট্ৰি ৱৰ্ক ষ্টেচন
- A0 আকাৰৰ ৰঙীন স্কেনাৰ
- উচ্চমানৰ প্ৰিন্টাৰ আৰু প্লটাৰ
- লেইকা ডিফাৰেন্সিয়েল গ্লোবেল পজিচনিং চিষ্টেম (DGPS)
- দৃশ্যমান ব্যাখ্যাৰ সুবিধা
- স্পেক্ট্ৰ'ৰেডিঅ'মিটাৰ
- অতিবেঙুনীয়া ৰশ্মি-দৃশ্যমান স্পেক্ট্ৰ’-ফ’ট’মিটাৰ, ফ্লেম ফটোমিটাৰ
- ইকো-চাউণ্ডাৰ
- প্লেণ্ট কেন'পি ইমেজাৰ৮
বিত্ত
কেন্দ্ৰটোৰ বাবে যোগান ধৰা পুঁজি ভাৰত চৰকাৰ আৰু উত্তৰ-পূব পৰিষদৰ মাজত ৫০:৫০ অনুপাতত ভাগ কৰা হৈছে। ২০১২–১৩ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ৮ কোটি টকা আবন্টন কৰিছিল।৯
তথ্যসূত্ৰ
- ↑ (2012-12-20). North East Space Applications Centre. SP News Agency
- ↑ Meghalaya Government Declares North Eastern Space Application Centre Permanent Complex, Umiam As 'Protected Area'. US Fed News Service
- ↑ Establishment of North Eastern Space Application Centre (NE-SAC). North-Eastern Council
- ↑ Ushering In Ne Development Through Space Technology. Hindustan Times
- ↑ North Eastern-Space Applications Centre (NE-SAC). isro.org
- ↑ DoNER Minister launches Space Based Information Kiosk on North Eastern Region, India. Kangla Online
- ↑ Mizoram Remote Sensing Application Centre oganises workshop on SIS-DP. mizonews.net
- ↑ RS & GIS Facilities at NESAC. nesac.gov.in
- ↑ (2012-12-06). North East Space Applications Centre. Press Information Bureau
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ পূব মহাকাশ প্ৰয়োগ কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৫৪৬০৫৬ (২৯ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।