ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পিপ্পলাড়া
পিপ্পলাড়া হিন্দু পৰম্পৰাৰ এজন ঋষি আৰু দাৰ্শনিক আছিল। দহখন মুখ্য উপনিষদৰ ভিতৰত অন্যতম প্ৰশ্নোপনিষদৰ ৰচনাকাৰ বুলি তেওঁক বেছিকৈ জনা যায়। তেওঁ অথৰ্ববেদ শিক্ষাৰ পিপ্পলাড়া চিন্তাধাৰা প্ৰতিষ্ঠা কৰিছিল বুলি বিশ্বাস কৰা হয়। কিছুমান পুৰাণত তেওঁক শিৱৰ অৱতাৰ (অংশ) বুলি গণ্য কৰা হয়।
-
পুৰাণ কাচ্চাপ
পুৰাণ কাচ্চাপ আছিল খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ আশে-পাশে বাস কৰা এজন ভাৰতীয় তপস্বী শিক্ষক, আৰু তেওঁ মহাবীৰ আৰু শাক্যমুনি বুদ্ধৰ সমসাময়িক।
-
পুৰাণ ভগত (লোককথা)
পুৰাণ ভগত ( Puran Bhagat) (পিছলৈ শ্ৰী চৌৰংগিনাথ) পাঞ্জাবী লোককথাৰ পৰা ছিয়ালকোটৰ এজন পৌৰাণিক ৰাজকুমাৰ। কাহিনী অনুসৰি তেওঁ ছিয়ালকোটৰ গুৰ্জাৰ (গুজাৰ নহয়) ৰজা ছালভানৰ পুত্ৰ আৰু ৰাজকুমাৰ ৰাছালু গুৰ্জাৰৰ জ্যেষ্ঠ ভাতৃ আছিল।
-
পুৰুষ (হিন্দু দৰ্শন)
পুৰুষ (সংস্কৃত: पुरुष; IAST: Puruṣa) হিন্দু দৰ্শনৰ এক জটিল আৰু বহুস্তৰীয় ধাৰণা, যাৰ অৰ্থ মুখ্যতঃ পূৰ্ব বৈদিক যুগৰ পৰা ঔপনিষদিক যুগলৈ, আৰু তাৰ পাছতো লাহে লাহে সলনি আৰু বিস্তাৰিত হৈ আহিছে।
-
পুৰুষমেধ
পুৰুষমেধ (বা নৰমেধ) মানৱ বলিৰ এটি শ্ৰৌত বিধি। ৱাজসনেয়িসংহিতা - শতপথ ব্ৰাহ্মণ - কাত্যায়ণ শ্ৰৌত সূত্ৰত (শুক্ল যজুৰ্বেদ) ইয়াৰ বিষয়ে বিস্তৃত আলোচনা পোৱা যায়। ১৮০৫ত ক'লব্ৰুকে আঙুলিওৱাৰ পৰাই এই কথাৰ ওপৰত তৰ্ক চলি আহিছে যে প্ৰকৃততে মানুহক বলি দিয়া হৈছিল নে নাই।
-
পূৰ্ব মীমাংসা দৰ্শন
প্ৰাচীন ভাৰতীয় দৰ্শনৰ ছটা আস্তিক দৰ্শনৰ (ষড়দৰ্শন) ভিতৰত পূৰ্ব মীমাংসা দৰ্শন (ইংৰাজী: Purva Mimamsa) অন্যতম গুৰুত্বপূৰ্ণ। ইয়াক সাধাৰণ ভাষাত 'মীমাংসা দৰ্শন' বুলিও কোৱা হয়। মহৰ্ষি জৈমিনি এই দৰ্শনৰ প্ৰতিষ্ঠাপক আৰু তেওঁৰ দ্বাৰা খ্ৰীষ্টপূৰ্ব চতুৰ্থ শতিকামানত ৰচিত "মীমাংসা সূত্ৰ" হৈছে ইয়াৰ মূল আধাৰ।
-
পোপা মেডাউ
পোপা মেডাউ বা মে ৱুনা ম্যানমাৰৰ এগৰাকী নাট। ফুল খোৱা যক্ষিনী আৰু শ্বে হ্পিইন (ইনফিৰিয়ৰ গোল্ড) ভাতৃ শ্বে হ্পিন নাউংদাও আৰু শ্বে হ্পিইন নিডাৱৰ মাতৃ। যদিও তেওঁৰ ডমেইন আৰু মাউণ্ট পোপাৰ নামকৰণৰ ওপৰত ভিত্তি কৰি গঠিত ৩৭ গৰাকী নাট প্যান্থেয়নৰ আনুষ্ঠানিক সদস্য নহয়, তেওঁক বাৰ্মিজ আত্মাৰ জগতত এগৰাকী…
-
পৌণ্ড্ৰক
পৌণ্ড্ৰক বাসুদেৱ মহাভাৰত আৰু ভাগৱত পুৰাণত উল্লিখিত এজন ৰজা আছিল। পুৰাণৰ মতে তেওঁ পোণ্ড্ৰ ৰাজ্যৰ ৰজা আছিল। কিছুমান সূত্ৰত উল্লেখ থকা অনুসৰি তেওঁ মগধ ৰাজ জৰাসন্ধ আৰু গান্ধাৰ ৰাজ্যৰ ৰজা শকুনি দুয়োৰে মিত্ৰ আছিল। তেওঁ কৃষ্ণৰ এজন প্ৰধান শত্ৰু আছিল।
-
প্ৰকৃতি আই
প্ৰকৃতি আই (mother nature কেতিয়াবা ধৰিত্ৰী আই বুলিও জনা যায়) হৈছে প্ৰকৃতিৰ এক ব্যক্তিত্ব যিয়ে প্ৰকৃতিৰ প্ৰাণদায়ক আৰু লালন-পালনকাৰী দিশসমূহক মূৰ্ত কৰি, মাতৃৰ ৰূপত গুৰুত্ব দিয়ে।
-
প্ৰজ্ঞা
প্ৰজ্ঞা (Intellect) হিন্দু আৰু বৌদ্ধ ধৰ্মত জ্ঞান বা চেতনাক বুজাবলৈ ব্যৱহাৰ কৰা এটা শব্দ। অভিজ্ঞতা, প্ৰতিফলন আৰু চিন্তা-চৰ্চাৰ দ্বাৰা লাভ কৰা বুজাবুজি আৰু অন্তৰ্দৃষ্টিৰ বৰ্ণনাৰ বাবে শতিকাজুৰি ব্যৱহাৰ কৰা শব্দ।
-
প্ৰত্যঙ্গিৰা
প্ৰত্যঙ্গিৰা (प्रत्यङ्गिरा) হৈছে শক্তিৰ সৈতে জড়িত এগৰাকী হিন্দু দেৱী। তেওঁক অথৰ্ৱণ ভদ্ৰকালী, নৰসিংহী আৰু সিংহমুখা লক্ষ্মী বুলিও কোৱা হয়। তেওঁ হৈছে দেৱী চণ্ডী বা দুৰ্গাৰ অৱতাৰ তথা বিষ্ণুৰ অৱতাৰ নৰসিংহৰ দৈৱিক শক্তি। প্ৰত্যঙ্গিৰাক এক মতা সিংহৰ মুখৰ সৈতে এগৰাকী শক্তিশালী দেৱী বুলি বৰ্ণনা কৰা হৈছে।
-
পৰদেশী ইহুদী উপাসনাগৃহ
পৰদেশী ইহুদী উপাসনাগৃহ বা মাট্টানচেৰী ইহুদী উপাসনাগৃহ (പരദേശി ജൂതപള്ളി) এটা ইহুদী উপাসনাগৃহ। এইটো ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ মাট্টানচেৰী জু টাউনত অৱস্থিত। ইয়াক ১৫৬৮ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। ইয়াক চামুৱেল কাষ্টিয়েল, ডেভিদ বেলিলে আৰু জোচেফ লেভীয়ে নিৰ্মাণ কৰিছিল।
-
পৰশু
পৰশু সংস্কৃত ভাষাৰ শব্দ, যাৰ অৰ্থ যুদ্ধ-কুঠাৰ, যিটো এখন হাত বা দুয়োহাতেৰে ব্যৱহাৰ কৰিব পাৰি।
-
পৰ্জন্য
পৰ্জন্য (पर्जन्य ) বেদত উল্লিখিত বৰ্ষা, বিজুলী, ঢেৰেকনি আৰু উৰ্বৰতাৰ দেৱতা।
-
পৱিত্ৰ ঈশ্বৰমাতাৰ ধৰ্মসভাৰ গীৰ্জা, মাটকিভ
পৱিত্ৰ ঈশ্বৰমাতাৰ ধৰ্মসভাৰ গীৰ্জা (Church of the Synaxis of the Blessed Virgin Mary, Matkiv, Церква Собору Пресвятої Богородиці) ইউক্ৰেইনৰ মাটকিভত অৱস্থিত ১৮৩৮ চনত নিৰ্মিত এখন কাঠৰ গীৰ্জা। ই বয়কো স্থাপত্য আৰু কলাৰ এক উল্লেখযোগ্য স্মাৰক।
-
ফছপ
ফছপ (โพสพ) বা ফাইছপ (ไพสพ) হৈছে থাইসকলৰ ধানৰ অধিষ্ঠাত্ৰী দেৱী। মূলসুঁতিৰ ধৰ্মতকৈয়ো প্ৰাচীন লোকসংস্কৃতিৰ সৈতেহে এই দেৱীগৰাকীৰ অধিক সম্পৰ্ক আছে। তেওঁক মে খ্বান খাও অৰ্থাৎ শস্য-প্ৰাচুৰ্যৰ মাতৃ নামেৰেও জনা যায়। তেওঁক থাইলেণ্ড কৃষি আৰু সমবায় মন্ত্ৰ্যালয়ৰ ধান বিভাগৰ প্ৰতীকচিহ্নৰূপে উপস্থাপন কৰা হয়।
-
ফিচুইয়া সমুত
ফিচুইয়া সমুত, নাং ফিচুইয়া সমুদ্ৰা (থাই: นางผีเสื้อสมุทร) বুলিও কোৱা হয়, ফ্ৰা আফাই মণি (Phra Aphai Mani) নামৰ ছানথৰ্ন ফুৰ (Sunthorn Phu) মহাকাব্যত বৰ্ণিত এগৰাকী সাগৰীয় অগ্ৰেছ (ৰাক্ষসী) আৰু কাব্যখনৰ মূল নাৰী চৰিত্ৰ। এই গ্ৰন্থখনক থাইলেণ্ডৰ অন্যতম জাতীয় মহাকাব্য বুলি গণ্য কৰা হয়।
-
ফুলবাৰী (মেঘালয়)
ফুলবাৰী (Phulbari) হৈছে উত্তৰ-পূৱ ভাৰতৰ মেঘালয় ৰাজ্যৰ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ অসমৰ সীমান্তত থকা এটি সৰু গাঁও। ইয়াৰ উত্তৰ আৰু পশ্চিম দিশত অসমৰ দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ অঞ্চল। পূৱত চিবিনাং আৰু দক্ষিণত ৰাজাবালা। জিলাখনৰ সদৰ তুৰাৰ দূৰত্ব প্ৰায় ৮১ কিমি.।
-
বগলামুখী
বগলামুখী বা বগলা (बगलामुखी) হ'ল হিন্দু ধৰ্মৰ দহগৰাকী তান্ত্ৰিক দেৱ-দেৱীৰ এগৰাকী সদস্য, তেওঁ মহাবিদ্যাৰ অন্যতম। দেৱী বগলাই তেওঁ ভক্ত সকলৰ ভ্ৰম আৰু বিভ্ৰান্তি (বা ভক্তৰ শত্ৰু সকলৰ) নিজৰ গদাৰে চূৰমাৰ কৰে। বগলা শব্দটো ভল্গা (অৰ্থাৎ লাগাম) শব্দৰপৰা আহিছে, যিটো পিছলৈ ভগ্লা আৰু শেষত বগ্লা হয়।
-
বজ্ৰাংগ
বজ্ৰাংগ হিন্দু ধৰ্মশাস্ত্ৰত উল্লেখ থকা এক অসুৰ। পুৰাণৰ মতে তেওঁৰ জন্ম দিতিৰ আৰু পিতৃ কাশ্যপ ঋষিৰপৰা হৈছিল। পুত্ৰহন্তা দেৱতাৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে দিতি অসুৰৰ মাতৃ হৈছিল।
-
বতাৰা কলা
বতাৰা কলা পৰম্পৰাগত জাভা আৰু বালি পৌৰাণিক কাহিনীত মৃত্যুৰ দেৱতা, চেটেছুয়াৰাৰ সৈতে এটা গুহাৰ ওপৰত শাসন কৰে। বতাৰা কলাক পোহৰ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা বুলিও অভিহিত কৰা হৈছে। তেওঁ সময়ৰ দেৱতাও, যি দুৰ্ভগীয়া মানুহক গ্ৰাস কৰে।
-
বনঝাক্ৰি আৰু বনঝাক্ৰিনী
বনঝাক্ৰি আৰু বনঝাক্ৰিনী (ইংৰাজী: Banjhakri আৰু Banjhakrini) নেপাল আৰু ভাৰতৰ ছিকিম, দাৰ্জিলিং, আৰু কালিম্পং আদিৰ কিৰাট জনগোষ্ঠীৰ পৰম্পৰাৰ তান্ত্ৰিক দেৱতা। এওঁলোক দুয়ো দম্পতী, আৰু সম্ভৱতঃ একেটা সত্তাৰ ভিন্ন দিশ। অৰণ্যৰ অলৌকিক বেজ।
-
বহুচৰা মাতা
বহুচৰা মাতা (बहुचरा माता) হৈছে সতীত্ব আৰু উৰ্বৰতাৰ এগৰাকী হিন্দু দেৱী। তেওঁ হিংলাজ বা হিংগুলা দেৱীৰ অৱতাৰ। গুজৰাট আৰু ৰাজস্থানৰ অন্যান্য দৈৱিক চৰিত্ৰৰ দৰে বহুচৰা মাতা চাৰণ কুলজাত। দেৱী বহুচৰা বাপলদানজী দেথাৰ জীয়ৰী আছিল। তেওঁক হিজৰা সম্প্ৰদায়ৰ পৃষ্ঠপোষক বুলিও গণ্য কৰা হয়। .
-
বাংলাদেশত ইছলাম ধৰ্ম
ইছলাম বাংলাদেশৰ সৰ্ববৃহৎ আৰু জাতীয় ধৰ্ম। ২০২২ চনৰ লোকপিয়ল অনুসৰি বাংলাদেশৰ জনসংখ্যা প্ৰায় ১৫ কোটি মুছলমান অৰ্থাৎ মুঠ ১৬৫ নিযুত জনসংখ্যাৰ ৯১.০৪%। বাংলাদেশৰ মুছলমান প্ৰধান থলুৱা বাঙালী মুছলমান। বাংলাদেশীৰ অধিকাংশই ছুন্নী, আৰু হানাফী চিন্তাধাৰা আৰু ফিকহ অনুসৰণ কৰে।
-
বাগো মেদাও
বাগো মেদাও (মহিষী মাতৃ বা লেডী বাফেলো নামেও জনাজাত) হৈছে এখন বৰ্মী নাট (আত্মা), যাক বিশেষকৈ বাগো অঞ্চলত পূজা কৰা হয় (যদিও নিম্ন বৰ্মা জুৰিও উপাসনা দেখা যায়)। বাগো মেদাওক এটা যুৱতী ৰূপে চিত্ৰিত কৰা হয়, যিয়ে এখন পানী মহিষৰ খোৰা পিন্ধি থাকে।
-
বালাম্বিকা
বালাম্বিকা (ইংৰাজী: Balambika) সাধাৰণতে দক্ষিণ ভাৰতৰ হিন্দু ধৰ্মত বৰ্ণিত এগৰাকী দেৱী। এই দেৱীক “বালা” বুলিও জনা যায়৷ এই গৰাকী দেৱীৰ নাম বালাম্বিকাৰ অৰ্থ হৈছে "জ্ঞানৰ দেৱী", বা "শিশু দেৱী"। বালাম্বিকাৰ বৰ্ণনা তেওঁৰ পবিত্ৰ গ্ৰন্থ বালাম্বিকা দশকমত পোৱা যায়।
-
বিপত্তাৰিণী
বিপত্তাৰিণী বা বিপদতাৰিণী এগৰাকী হিন্দু দেৱী। এইগৰাকী দেৱী বাংলাদেশ, পশ্চিম বংগ, উৰিষ্যা, অসম আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চল সমূহত পূজিত। তেওঁ দেৱী সংকটতাৰিণীৰ সৈতে সম্পৰ্কিত। এইগৰাকী দেৱীক দুৰ্গা দেৱীৰ ১০৮টা অৱতাৰৰ মাজৰ এটা স্বৰূপ বুলি কোৱা হয়। বিপদ মুক্ত হ'বৰ বাবে ভক্তই এইগৰাকী দেৱীৰ পূজা কৰে।
-
বিভাণ্ডক
বিভাণ্ডক হিন্দু ধৰ্মৰ এজন ঋষি। তেওঁ ঋষি কাশ্যপৰ বংশৰ অন্তৰ্গত। ৰামায়ণত বৰ্ণিত ঋষ্যশৃংগ আছিল, তেওঁৰ পুত্ৰ। মহাভাৰতত এটা কাহিনী বৰ্ণিত আছে যে, ঋষি বিভাণ্ডকে এবাৰ অপ্সৰীসকলৰ ভিতৰত আটাইতকৈ ধুনীয়া উৰ্বশীক দেখা পোৱাৰ সুযোগ পাইছিল।
-
বুঢ়া গোঁসাই দেৱালয়
বুঢ়া গোঁসাই দেৱালয় তেজপুৰৰ ন-দুৱাৰ অঞ্চলৰ জামুগুৰিহাটৰ নন্দিকেশ্বৰ গাঁৱত অৱস্থিত এটা মন্দিৰ। এই দেৱালয় আহোম যুগত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ তত্ত্বাৱধানত নিৰ্মিত। পিছত ১৬৮৭ খ্ৰীষ্টাব্দত শিৱ সিংহই এই দেৱালয়খন পুনৰ নিৰ্মাণ কৰোৱায়।
-
বৃষভানু
বৃষভানু (वृषभानु; IAST: ), (বানানভেদে ব্ৰুষভানু বুলিও লিখা হয়) হʼল হিন্দু শাস্ত্ৰত উল্লেখ কৰা এগৰাকী প্ৰধান বা মুখিয়াল। তেওঁক ভগৱান কৃষ্ণৰ প্ৰধান সহধৰ্মিণী আৰু দ্বাপৰ যুগৰ লক্ষ্মী দেৱীৰ অৱতাৰ হিচাপে গণ্য কৰা ৰাধা দেৱীৰ পিতৃ বুলি বৰ্ণনা কৰা হয়।