বজ্ৰাংগ হিন্দু ধৰ্মশাস্ত্ৰত উল্লেখ থকা এক অসুৰ।১ পুৰাণৰ মতে তেওঁৰ জন্ম দিতিৰ আৰু পিতৃ কাশ্যপ ঋষিৰপৰা হৈছিল। পুত্ৰহন্তা দেৱতাৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে দিতি অসুৰৰ মাতৃ হৈছিল। ইয়াৰ বাবে দিতিয়ে দহ হাজাৰ বছৰ ধৰি কঠোৰ তপস্যা কৰিছিল বুলি কোৱা হয়, যাৰ বিনিময়ত তেওঁক দেৱতাক হত্যা কৰিব পৰা সন্তান এটা দিয়া হৈছিল। কাশ্যপে তেওঁৰ ইচ্ছা পূৰণ কৰিলে আৰু তেওঁলোকে বজ্ৰাংগক জন্ম দিলে, যাৰ শৰীৰ ইন্দ্ৰৰ অস্ত্ৰ বজ্ৰৰ দৰে।২
বজ্ৰাংগ অসুৰ তাৰকাসুৰৰ পিতৃ, যিয়ে দেৱতাৰ সৈতে পিতৃৰ শত্ৰুতা অব্যাহত ৰাখিছিল, কিন্তু শেষত যুদ্ধ দেৱতা কাৰ্তিকেয়ৰদ্বাৰা পৰাস্ত হৈছিল।
ব্যুৎপত্তিবিজ্ঞান
বজ্ৰাংগ শব্দটো এটা বিশেষণ, যাৰ অৰ্থ হৈছে "হীৰাৰে ঢাকি থোৱা"।৩
বজ্ৰাংগ মানে বজ্ৰ, অৰ্থাৎ বজ্ৰ বা হীৰা আৰু অংক অৰ্থাৎ অলংকৃত শব্দৰে গঠিত সংস্কৃত যৌগ।
নতুবা বজ্ৰ আৰু নাগৰ পৰা উদ্ভৱ হোৱা বজ্ৰনাগ নামৰ অৰ্থ হীৰা সৰ্প। বৈদিক হিন্দু ধৰ্মত বৃত্ৰৰ দৰে অসুৰবোৰক কেতিয়াবা নাগৰ দৰে চিত্ৰিত কৰা হয়।
কিংবদন্তি
ভনীয়েক অদিতিৰ প্ৰতি সদায় ঈৰ্ষা কৰা দিতিয়ে স্বামী কাশ্যপৰ পৰা অদিতিৰ পুত্ৰ দেৱতাসকলক পৰাস্ত কৰিবলৈ সক্ষম হ’ব পৰা পুত্ৰৰ কামনা কৰিলে। সন্মতি দি, কাশ্যপে তেওঁৰ পত্নীক বজ্ৰৰ সমান কঠোৰ শৰীৰৰ পুত্ৰদান কৰিছিল, যিয়ে ইন্দ্ৰ আৰু আন দেৱতাসকলক ধৰি আৰু শাস্তি দি নিজৰ বচন পালন কৰিছিল। ব্ৰহ্মাই বজ্ৰাংগক নিজৰ বন্দীসকলক মুকলি কৰি দিবলৈ আহ্বান জনাইছিল আৰু বজ্ৰাংগই মাকৰ নিৰ্দেশমতেহে কৰা বুলি কৈ পিছত মুক্তি দিছিল। সন্তুষ্ট হৈ ব্ৰহ্মাই তেওঁৰ বাবে বজ্ৰাংগী নামেৰে পৰিচিত মোহনীয় আৰু মৰমিয়াল এগাৰকী নাৰী সৃষ্টি কৰিছিল। ব্ৰহ্মাই যেতিয়া বজ্ৰাংগীক বৰদান আগবঢ়াইছিল, তেতিয়া তেওঁ তেওঁক এনে এজন পুত্ৰ প্ৰদান কৰিবলৈ ক’লে যিয়ে ত্ৰিজগত দখল কৰিব আৰু দেৱতাৰ বাবে ত্ৰাসৰ সৃষ্টি কৰিব। ব্ৰহ্মাই তথাস্তু বুলি আশীৰ্বাদ দি যিটো সন্তান বৰদান হিচাপে দিছিল, তেৱেঁই তাৰকাসুৰ নামে পৰিচিত।৪
বজ্ৰাংগ আৰু বজ্ৰাংগী গোটেই জীৱন শান্তিৰে অৰণ্যতে বাস কৰিছিল। হাজাৰ হাজাৰ বছৰৰ পিছত বাৰ্ধক্যৰ বাবে তেওঁলোকৰ মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ www.wisdomlib.org. (2017-08-28). Vajranga, Vajrāṅga, Vajra-anga, Vajramga: 9 definitions. www.wisdomlib.org
- ↑ Kannan, Preetha Rajah. (2016-01-19). Shiva in the City of Nectar: Fifty-four divine tales of Shiva in ancient India. Jaico Publishing House. ISBN 978-81-8495-787-7
- ↑ www.wisdomlib.org. (2019-03-21). Vajranka, Vajra-anka, Vajrāṅka: 1 definition. www.wisdomlib.org
- ↑ Vanamali. (2013-10-04). Shiva: Stories and Teachings from the Shiva Mahapurana. Simon and Schuster. পৃ. Chapter 10. ISBN 978-1-62055-249-0
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বজ্ৰাংগ” প্ৰবন্ধৰ সংশোধন ৫৫৯৩৬৮ (৩০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।