অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পুৰুষ (হিন্দু দৰ্শন)

পুৰুষ (সংস্কৃত: पुरुष; IAST: Puruṣa) হিন্দু দৰ্শনৰ এক জটিল আৰু বহুস্তৰীয় ধাৰণা, যাৰ অৰ্থ মুখ্যতঃ পূৰ্ব বৈদিক যুগৰ পৰা ঔপনিষদিক যুগলৈ, আৰু তাৰ পাছতো লাহে লাহে সলনি আৰু বিস্তাৰিত হৈ আহিছে।

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৬ ৩১৪ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

পুৰুষ (সংস্কৃত: पुरुष; IAST: Puruṣa) হিন্দু দৰ্শনৰ এক জটিল আৰু বহুস্তৰীয় ধাৰণা, যাৰ অৰ্থ মুখ্যতঃ পূৰ্ব বৈদিক যুগৰ পৰা ঔপনিষদিক যুগলৈ, আৰু তাৰ পাছতো লাহে লাহে সলনি আৰু বিস্তাৰিত হৈ আহিছে।১

কোনো কোনো উৎসত পুৰুষ “বিশ্বমানৱ” বা “ব্ৰহ্মাণ্ডীয় সত্তা”, আন দৰ্শনত “আত্ম" বা "স্ব”, আকৌ আন দৰ্শনত “শুদ্ধ সচেতনতা” বা “সৰ্বব্যাপী চৈতন্য” আদি ভিন্ন অৰ্থত এই শব্দ ব্যৱহৃত হোৱা দেখা যায়।২৩ এই বহুত্বই পুৰুষ শব্দটোক কেৱল এক “সংজ্ঞা” নহয়, বৰং হিন্দু চিন্তাধাৰাৰ ভিন্ন পথসমূহক সংযোগ কৰা এক প্ৰধান সূতাৰ দৰে ধাৰণা যেন কৰি তোলে।

সাধাৰণ অৰ্থ আৰু ধাৰণাৰ বৈচিত্ৰ্য

হিন্দু ধৰ্মৰ বিভিন্ন দৰ্শনৰ মাজত “পুৰুষ”ৰ সংজ্ঞা সম্পূৰ্ণ বেলেগ বেলেগ।১

কোনো কোনো ঈশ্বৰবাদী পৰম্পৰাত পুৰুষক একাধিক ব্যাখ্যাৰে বুজোৱা দেখা যায়। কিছু পৰম্পৰাত বুদ্ধি বা অহংকাৰকো “পুৰুষ” বোলা হয় বুলি উল্লেখ আছে।১ সেয়ে পুৰুষ মানে কেতিয়াবা “সচেতন নীতি”, কেতিয়াবা “বিশ্বাত্মা”, কেতিয়াবা “সাক্ষী-চৈতন্য”, আৰু কেতিয়াবা “দেহত অৱস্থিত আত্মা”। উৎস আৰু পৰিপেক্ষৰ ওপৰতেই ই নিৰ্ভৰ কৰে।

হিন্দু দৰ্শনত প্ৰকৃতি (পৰিবৰ্তনশীল বস্তুগত-মানসিক জগত)ৰ পটভূমিত যি নিত্য, আকাৰহীন, অবিনাশী, আৰু সৰ্বব্যাপী নীতি বা চেতনা “সাক্ষী” হৈ থাকে, সেই দিশটোক বহু পৰম্পৰাত পুৰুষ আখ্যা দিয়া হয়।৩ এই অৰ্থত পুৰুষ “পৰিবৰ্তনৰ মাজত অপৰিৱৰ্তন”, আৰু “ঘটনাৰ মাজত নীৰৱ সাক্ষী”, যি প্ৰকৃতিত কাৰণ-কাৰ্য, বিকাশ, পৰিবৰ্তন ঘটি থাকিবলৈ এক প্ৰকাৰৰ “চেতন-পোহৰ” যোগায় বুলি ব্যাখ্যা পোৱা যায়।৪

বৈদিক পটভূমি

বৈদিক যুগত পুৰুষ ধাৰণাটো সৃষ্টিতত্ত্বৰ এক অন্যতম কাহিনীৰ অংশ আছিল।৫

ঋগ্বেদত পুৰুষক এনে এক মহাসত্তা ৰূপে বৰ্ণনা কৰা হৈছে, যি দেৱতাসকলৰ যজ্ঞত নিজেই আহুতি হয়, আৰু সেই যজ্ঞ-আহুতিৰ পৰা জগতৰ বিভিন্ন জীৱ-জগত, মানৱসমাজ আদিৰ সৃষ্টি হয়।৫ ঋগ্বেদীয় বাক্য “পুৰুষেই অতীত আৰু ভবিষ্যত সকলো” ধৰণৰ বৰ্ণনাই পুৰুষক এক বিশ্বব্যাপী আচ্ছাদিত সত্য বুলি স্থাপন কৰে।৬

বৰ্ণ-বৰ্ণনা সন্দৰ্ভত বিতৰ্ক

ঋগ্বেদৰ “পুৰুষসূক্ত”ত পুৰুষৰ দেহৰ ভিন্ন অংশৰ পৰা সমাজৰ ভিন্ন বৰ্ণ জন্ম হোৱা বুলি এক প্ৰসিদ্ধ বৰ্ণনা আছে। কিন্তু এই অংশটোক লৈ আধুনিক বিশ্লেষনত বিতৰ্ক আছে। কোনো কোনো পণ্ডিতে ভাষা-ছন্দ-শৈলীৰ ফালৰ পৰা ইয়াক বহু পলমকৈ কৰা সংযোজন বুলি সন্দেহ কৰিছে, আৰু কোনো কোনো পাণ্ডুলিপিত এই সূক্তৰ অনুপস্থিতি দেখা যায় বুলি কোৱা হয়।৭৮৯

উপনিষদসমূহত

উপনিষদসমূহত পুৰুষ ধাৰণাই বৈদিক "ব্ৰহ্মায়ণ্ডীয় ব্যক্তি”ৰ পৰা আঁতৰি আহি এক অধিক বিমূৰ্ত আত্ম-তত্ত্বত পৰিণত হয়।১০১১

কেতিয়াবা পুৰুষক ব্ৰহ্মৰ সৈতে সমাৰ্থক বুলি উল্লেখ কৰা হয়।১০ এই ৰূপত পুৰুষ “শৰীৰ-মন-শ্বাস”ৰ ঊৰ্ধত, জন্ম-মৃত্যুৰ ঊৰ্ধত, আৰু বৰ্ণনাৰ ঊৰ্ধত (ভাষাৰ ঊৰ্ধত) এক নিত্য চৈতন্য। মুণ্ডক উপনিষদত পুৰুষক “শৰীৰহীন, বাহিৰ-ভিতৰ সকলোতে ব্যাপ্ত, জন্মহীন” আদি শব্দৰে বৰ্ণনা কৰাৰ উদ্ধৃতিও আছে।১১

উপনিষদৰ পৰিকাঠামোত “প্ৰকৃতি”ক পৰিবৰ্তনশীল বস্তুগত বাস্তৱ আৰু “পুৰুষ”ক অপৰিবৰ্তনশীল নীতি বুলি বিভেদ ব্যাখ্যা আছে।১২১৩ এই ভেদৰ ভিতৰতেই কাৰণ-কাৰ্য, বিকাশ, আৰু জগতৰ গতি-বিধি “কিয়” সম্ভৱ, সেই তত্ত্বগত কাৰণ কিছুমান আলোচনা কৰা হয়।১৩

সাংখ্য আৰু যোগ দৰ্শনত

পুৰুষ আৰু প্ৰকৃতিৰ দ্বৈত বিশ্লেষণ সাংখ্য দৰ্শনৰ এক মূল বৈশিষ্ট্য। সাংখ্য দৰ্শনত পুৰুষ হ’ল শুদ্ধ সচেতনতা। নিষ্ক্ৰিয়, অপৰিৱৰ্তনশীল, অনাসক্ত, আৰু একাধিক বুলি ধৰা হয় পুৰুষক।১৪ সাংখ্যত জীৱন-অভিজ্ঞতা, জগত-প্ৰক্ৰিয়া আদিৰ জন্ম হয় পুৰুষ আৰু প্ৰকৃতিৰ সংযোগ-সম্পৰ্কত।১২

যোগ দৰ্শনেও পুৰুষ-প্ৰকৃতি দ্বৈত বাস্তৱক কেন্দ্ৰ কৰি মুক্তিৰ পথ বৰ্ণনা কৰে, আৰু ব্যক্তিগত পুৰুষৰ উপৰিও এক “বিশেষ পুৰুষ”, ভগৱানৰ ধাৰণাৰ কথাও যোগসূত্ৰৰ ভাষ্য-পৰম্পৰাত উল্লিখিত।১৫ ঈশ্বৰৰ উল্লেখ এনেদৰে সাংখ্য দৰ্শনত নাই। এই বিশেষ পুৰুষৰ অস্তিত্ব সাংখ্য আৰু যোগ দৰ্শনৰ এক বিশেষ পাৰ্থক্য। দুয়ো ধাৰাই মোক্ষ বা কৈবল্যৰ পথত “পুৰুষ-সাক্ষাৎকাৰ” বা “পুৰুষ-জ্ঞান”ক মৌলিক ধাৰণা হিচাপে গণ্য কৰে।১৬

পুৰাণ আৰু বেদান্তৰ ধাৰণা

পুৰাণসমূহত কেতিয়াবা বিষ্ণুক “সৰ্বোচ্চ পুৰুষ” বুলি আৰু কেতিয়াবা শিৱক “সৰ্বোচ্চ পুৰুষ” বুলি অভিহিত কৰা পৰম্পৰা দেখা যায়।১৭

ভগৱদ্গীতাতো “পুৰুষ” শব্দটো বহু স্থানত সৰ্বোচ্চ সত্তা বা ভগৱান অৰ্থেৰে ব্যৱহৃত হৈছে, আৰু ক্ষৰ-অক্ষৰ-উত্তমপুৰুষ আদি বিভাজনো দেখা যায়।১৮

ব্ৰহ্মসূত্ৰত “চকুত দেখাৰ ভিতৰত যি পুৰুষ” সেই “সৰ্বোচ্চ আত্মা” বুলি ব্যাখ্যা কৰা এক প্ৰসিদ্ধ সূত্ৰ-আলোচনাও আছে।১৯

তথ্যসূত্ৰ

  1. ↑ Angelika Malinar, “Hindu Cosmologies”, in Jessica Frazier (ed.), A Continuum Companion to Hindu Studies, p. 67
  2. ↑ Encyclopædia Britannica (2013), “Purusha”
  3. ↑ Karl Potter (2002), Presuppositions of India’s Philosophies, pp. 105–109
  4. ↑ Theos Bernard (1947), The Hindu Philosophy, pp. 69–72
  5. ↑ Klaus K. Klostermair (2007), A Survey of Hinduism, 3rd ed., pp. 87–88
  6. ↑ Rig Veda 10.90 (Puruṣa Sūkta)
  7. ↑ Colebrooke, Miscellaneous Essays, Vol. 1, footnote p. 309
  8. ↑ Müller (1859), A History of Ancient Sanskrit Literature, pp. 570–571
  9. ↑ N. Jabbar (2011), Historiography and Writing Postcolonial India, pp. 149–150
  10. ↑ Angelika Malinar, “Hindu Cosmologies”, in Jessica Frazier (ed.), A Continuum Companion to Hindu Studies, p. 67
  11. ↑ Klaus K. Klostermair (2007), A Survey of Hinduism, 3rd ed., pp. 87–88
  12. ↑ Karl Potter (2002), Presuppositions of India’s Philosophies, pp. 105–109
  13. ↑ Theos Bernard (1947), The Hindu Philosophy, pp. 69–72
  14. ↑ John A. Grimes (1996), A Concise Dictionary of Indian Philosophy, pp. 250–251
  15. ↑ Yoga Sūtras II.24
  16. ↑ Angelika Malinar, in Frazier (ed.), pp. 78–79
  17. ↑ Steven Rosen (2006), Essential Hinduism, p. 57
  18. ↑ Nicholas Sutton (2016), Bhagavad-Gita, pp. 133, 157, 225
  19. ↑ Thibaut (trans.), The Vedānta-Sūtras, Brahma Sūtra 1.2.13

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰুষ (হিন্দু দৰ্শন)” প্ৰবন্ধৰ সংশোধন ৫৭৭০৮৮ (১৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।