অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ফুলবাৰী (মেঘালয়)

ফুলবাৰী (Phulbari) হৈছে উত্তৰ-পূৱ ভাৰতৰ মেঘালয় ৰাজ্যৰ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ অসমৰ সীমান্তত থকা এটি সৰু গাঁও। ইয়াৰ উত্তৰ আৰু পশ্চিম দিশত অসমৰ দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ অঞ্চল। পূৱত চিবিনাং আৰু দক্ষিণত ৰাজাবালা। জিলাখনৰ সদৰ তুৰাৰ দূৰত্ব প্ৰায় ৮১ কিমি.।

হালনাগাদ: ৬ আগষ্ট ২০২৬ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

ফুলবাৰী (Phulbari) হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ পশ্চিম গাৰো পাৰ্বত্য জিলাৰ অসমৰ সীমান্তত থকা এটি সৰু গাঁও। ইয়াৰ উত্তৰ আৰু পশ্চিম দিশত অসমৰ দক্ষিণ শালমাৰা আৰু ফকিৰগঞ্জ অঞ্চল। পূৱত চিবিনাং আৰু দক্ষিণত ৰাজাবালা। জিলাখনৰ সদৰ তুৰা, মেঘালয়ৰ দূৰত্ব প্ৰায় ৮১ কিমি.।১২

গাঁৱখন বৰ্ত্তমান সময়ত বাণিজ্যিক কেন্দ্ৰ বিন্দু হোৱাৰ পৰিলক্ষিত হৈছে। ইয়াৰ ফুলবাৰী বজাৰখনত এম. বজাৰৰ দৰে বাণিজ্যিক প্ৰতিষ্ঠানৰ লগতে বিভিন্ন ধৰণৰ উচ্চমানৰ দোকান-পোহাৰ গঢ় লৈ উঠিছে। ধুবুৰী-ফুলবাৰী দলং সম্পূৰ্ণ হোৱাৰ লগে লগে এই দিশত আৰু বেছিকৈ আগবাঢ়ি যাব।৩৪

জনগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি ফুলবাৰী গাঁৱৰ মুঠ জনসংখ্যা ৫৪৩ গৰাকী। ইয়াৰে ৩০১ গৰাকী পুৰুষ আৰু ২৪২ গৰাকী মহিলা।৫ ফুলবাৰী গাঁৱৰ ০-৬ বছৰ বয়সৰ শিশুৰ জনসংখ্যা ৮৮ যি গাঁৱৰ মুঠ জনসংখ্যাৰ ১৬.২১ %। ফুলবাৰী গাঁৱৰ গড় লিংগ অনুপাত ৮০৪ যিটো মেঘালয় ৰাজ্যৰ গড় ৯৮৯তকৈ কম। ৰাজ্যখনৰ তুলনাত ফুলবাৰী গাঁৱৰ সাক্ষৰতাৰ হাৰ কম। ২০১১ চনত ফুলবাৰী গাঁৱৰ সাক্ষৰতাৰ হাৰ ৪৯.২৩%। ফুলবাৰীত পুৰুষৰ সাক্ষৰতা ৫৫.৬০ % হোৱাৰ বিপৰীতে মহিলাৰ সাক্ষৰতাৰ হাৰ আছিল ৪১.৪৬%।৫

যাতায়ত আৰু সা-সুবিধা

ৰাজ্যিক ঘাই পথ নং ২ (যাক শিঙিমাৰী-ফুলবাৰী-আগিয়া-গুৱাহটী পথ নামেৰেও জনাজাত) ফুলবাৰী বজাৰৰ সোমাদি পাৰ হৈ অসমৰ মানকাচৰলৈ গৈছে।৬ ইয়াত মুঠ ৪টা বিভিন্ন কোম্পানীৰ প্ৰেট্ৰ’ল পাম্প আছে। লগতে ফুলবাৰী আৰক্ষী চকী বজাৰখনৰ ১ কিমি. পূৱত অৱস্থিত। আৰক্ষী চকীৰ ওচৰতেই এখন অগ্নি নিৰ্বহাক কাৰ্যলয় অৱস্থিত। ফুলবাৰী গাঁওখন ব্ৰহ্মপুত্ৰ নদৰ উপ-নৈ জিঞ্জিৰাম নদীৰ দাঁতিত হোৱা বাবে ফুলবাৰীৰ পৰা ধুবুৰীলৈ নাও পথেৰে যত্ৰা কৰা হয়।৭

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Phulbari (Islampur) - Demdema, West Garo Hills. villageinfo.in
  2. ↑ Phulbari Village Detailed Information. villagedatabase.com
  3. ↑ Phulbari Bazar. onefivenine.com
  4. ↑ (July 22, 2026). Dhubri-Phulbari bridge 76% complete; set for 2028 finish. theshillongtimes.com
  5. ↑ Phulbari Population - West Garo Hills, Meghalaya. www.census2011.co.in/
  6. ↑ Phulbari Bazar on Google Maps. Google. Google.com
  7. ↑ (2016). Phulbari Ghat Final Report. Meghalaya Institute of Governance (MIG). পৃ. 12-15-18

সম্পৰ্কিত শ্ৰেণী

মেঘালয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফুলবাৰী (মেঘালয়)” প্ৰবন্ধৰ সংশোধন ৬২৩৮৪৯ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।