অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পুৰুষমেধ

পুৰুষমেধ (বা নৰমেধ) মানৱ বলিৰ এটি শ্ৰৌত বিধি। ৱাজসনেয়িসংহিতা - শতপথ ব্ৰাহ্মণ - কাত্যায়ণ শ্ৰৌত সূত্ৰত (শুক্ল যজুৰ্বেদ) ইয়াৰ বিষয়ে বিস্তৃত আলোচনা পোৱা যায়। ১৮০৫ত ক'লব্ৰুকে আঙুলিওৱাৰ পৰাই এই কথাৰ ওপৰত তৰ্ক চলি আহিছে যে প্ৰকৃততে মানুহক বলি দিয়া হৈছিল নে নাই।

হালনাগাদ: ৭ মে’ ২০২২ ২২২ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

পুৰুষমেধ (বা নৰমেধ) মানৱ বলিৰ এটি শ্ৰৌত বিধি। ৱাজসনেয়িসংহিতা - শতপথ ব্ৰাহ্মণ - কাত্যায়ণ শ্ৰৌত সূত্ৰত (শুক্ল যজুৰ্বেদ) ইয়াৰ বিষয়ে বিস্তৃত আলোচনা পোৱা যায়।১

১৮০৫ত ক'লব্ৰুকে আঙুলিওৱাৰ পৰাই এই কথাৰ ওপৰত তৰ্ক চলি আহিছে যে প্ৰকৃততে মানুহক বলি দিয়া হৈছিল নে নাই। ইয়াক এটা চিহ্নগত বিধি বুলি তেওঁ দাবী কৰিছিল।২ কোনো শিলালিপি আদি পোৱা হোৱা নাই য'ত পুৰুষমেধৰ উল্লেখ আছে, সেয়ে কোনো কোনো বিশেষজ্ঞৰ মতে, এই যজ্ঞৰ উল্লেখ কেৱল সাম্ভাৱ্য যজ্ঞৰ সূচীৰ পূৰ্ণতাৰ বাবেহে কৰা হৈছিল।৩ আস্ক' পাৰ্প'লাৰ মতে, বৈদিক লেখত প্ৰকৃত মানৱ বলিৰ ইংগিত পোৱা যায়, কিন্তু ব্ৰাহ্মণসমূহত ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ কথা পোৱা যায়। শতপথ ব্ৰাহ্মণত এটি আকাশী মাতে কাৰ্যটো ৰখাই দিয়ে।৪ পাণিনিৰ অষ্টাধ্যায়ীৰ ধাতুপথত মেধৰ ধাতু সংজ্ঞায়িত কৰা হৈছে এনেদৰে: ঊৰ্জা সমন্বয় কৰা কোনো ফলৰ বাবে।

হিন্দু মহাকাব্যত

ঐতৰেয় ব্ৰাহ্মণত ৰজা হৰিশ্চন্দ্ৰৰ কথা কোৱা হৈছে। সন্তানহীন ৰজাজনে বৰুণক এটি পুত্ৰ বিচাৰিলে, আৰু তাৰ প্ৰতিদানস্বৰূপে, বৰুণে সেই সন্তান তেওঁৰ পৰা বলি হিচাপে বিচাৰিলে। হৰিশ্চন্দ্ৰই পুত্ৰ ৰোহিতৰ বলিত পলম কৰি গৈ থাকিল, আৰু ৰোহিতক ডাঙৰ হ'বলৈ দিলে। পাছলৈ, ৰোহিতে বনলৈ গৈ নিজৰ বিকল্প এটা বিচাৰি পালে। অজীগৰ্ত নামৰ দৰিদ্ৰ ব্ৰাহ্মণ এজনে ৰোহিতক নিজৰ পুত্ৰ শুনঃশেপক বিক্ৰী কৰিলে। শুনঃশেপে কিন্তু মৃত্যুৰ আগতে বিশ্বামিত্ৰই শিকোৱা মন্ত্ৰ উচ্চাৰণ কৰি নিজকে মুক্ত কৰি ল'লে।৫ এই কাহিনী ভাগৱৎ পুৰাণতো পোৱা যায়।৬

বেদান্ত আৰু পুৰাণত

নৰ বলি আৰু নৰ ভক্ষণক পুৰাণত স্পষ্টভাৱে নিন্দা কৰা হৈছে (৫.২৬.৩১)। ছান্দোগ্য উপনিষদৰ মতে, পুৰুষমেধ জীৱনৰ উপমা। বিভিন্ন উৎচৰ্গ জীৱনৰ বিভিন্ন স্তৰৰ সৈতে তুলনা কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Knipe 2015, পৃ. 237
  2. ↑ Parpola (2007) p. 159
  3. ↑ Knipe 2015, পৃ. 237
  4. ↑ Knipe 2015, পৃ. 237
  5. ↑ Parpola (2007) pp. 161–164
  6. ↑ Bhagavata Purana, Canto 9, Chapter 7

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্মীয় প্ৰথা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুৰুষমেধ” প্ৰবন্ধৰ সংশোধন ৩২০২৭৬ (৭ মে’ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।