অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পৰদেশী ইহুদী উপাসনাগৃহ

পৰদেশী ইহুদী উপাসনাগৃহ বা মাট্টানচেৰী ইহুদী উপাসনাগৃহ (പരദേശി ജൂതപള്ളി) এটা ইহুদী উপাসনাগৃহ। এইটো ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ মাট্টানচেৰী জু টাউনত অৱস্থিত। ইয়াক ১৫৬৮ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। ইয়াক চামুৱেল কাষ্টিয়েল, ডেভিদ বেলিলে আৰু জোচেফ লেভীয়ে নিৰ্মাণ কৰিছিল।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৯০৫ শব্দ · ৫ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ
ইহুদী উপাসনাগৃহৰ ভিতৰভাগ
ইহুদী উপাসনাগৃহৰ ভিতৰভাগছবি: Wouter Hagens · Public domain

পৰদেশী ইহুদী উপাসনাগৃহ বা মাট্টানচেৰী ইহুদী উপাসনাগৃহ (പരദേശി ജൂതപള്ളി) এটা ইহুদী উপাসনাগৃহ। এইটো ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ মাট্টানচেৰী জু টাউনত অৱস্থিত। ইয়াক ১৫৬৮ খ্ৰীষ্টাব্দত নিৰ্মাণ কৰা হৈছিল। ইয়াক চামুৱেল কাষ্টিয়েল, ডেভিদ বেলিলে আৰু জোচেফ লেভীয়ে নিৰ্মাণ কৰিছিল। তেওঁলোকে ইয়াক কোচিৰ পৰদেশী ইহুদী সম্প্ৰদায়ৰ বাবে সাজিছিল। কোচিন ইহুদীসকলৰ মাজত মূলত দুটা দল আছিল। প্ৰথমটো পুৰণি মালাবাৰী ইহুদী দল আছিল। দ্বিতীয়টো নতুনকৈ অহা চাফাৰ্ডিক ভগনীয়া দল আছিল। তেওঁলোকে পৰ্তুগীজসকলৰ ধৰ্মীয় নিৰ্যাতনৰ বাবে স্পেইন আৰু পৰ্তুগালৰ পৰা পলাই আহিছিল।১ এইটো কমনৱেলথ অৱ নেচনছৰ প্ৰাচীনতম সক্ৰিয় ইহুদী উপাসনাগৃহ।২৩ 'পৰদেশী' শব্দটো ভাৰতৰ বিভিন্ন ভাষাত ব্যৱহাৰ হয়। ইয়াৰ অৰ্থ হৈছে "বিদেশী"। এই উপাসনাগৃহটো চাফাৰ্ডিক বা পৰ্তুগীজ ভাষী ইহুদীসকলে নিৰ্মাণ কৰিছিল। তেওঁলোকৰ কিছুমান পৰিয়াল আলেপ্প’, চাফেড আৰু অন্যান্য পশ্চিম এছিয়াৰ ঠাইৰ পৰা খেদি পঠোৱা হৈছিল। সেইবাবে এই নামটো দিয়া হৈছিল।

এই উপাসনাগৃহটো পুৰণি কোচিৰ জু টাউন নামৰ ঠাইত অৱস্থিত।৩ এই অঞ্চলত সাতটা ইহুদী উপাসনাগৃহ আছিল। তাৰ ভিতৰত কেৱল এইটোহে বৰ্তমান ব্যৱহাৰ হৈ আছে। এই চৌহদত চাৰিটা ভৱন আছে। ইয়াক মাট্টানচেৰী ৰাজপ্ৰসাদ মন্দিৰৰ কাষতে নিৰ্মাণ কৰা হৈছিল। কোচিৰ ৰজা ৰাম বৰ্মাই ইহুদী সম্প্ৰদায়ক এই মাটি দিছিল। মাট্টানচেৰী ৰাজপ্ৰসাদ মন্দিৰ আৰু এই ইহুদী উপাসনাগৃহটোৰ দেৱাল এখন উমৈহতীয়া দেৱাল।

ইতিহাস

প্ৰৱেশদ্বাৰ
প্ৰৱেশদ্বাৰছবি: Jean-Pierre Dalbéra from Paris, France · CC BY 2.0

মালাবাৰী ইহুদী বা য়াহুদান মাপ্পিলাসকল (কোচিন ইহুদী নামেৰেও জনাজাত) কেৰালাৰ এক চহকী ব্যৱসায়ী সম্প্ৰদায় আছিল। তেওঁলোকে বিশ্বজুৰি চলা মচলা ব্যৱসায়ৰ এক ডাঙৰ অংশ নিয়ন্ত্ৰণ কৰিছিল। ১৫৬৮ চনত পৰদেশী ইহুদী সকলে মাট্টানচেৰী ৰাজপ্ৰসাদৰ কাষতে পৰদেশী ইহুদী উপাসনাগৃহ নিৰ্মাণ কৰিছিল। এই ঠাইডোখৰ বৰ্তমান ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি (পূৰ্বৰ কোচিন) চহৰৰ অন্তৰ্গত এৰ্ণাকুলাম জিলাৰ অংশ। কোচিৰ ৰজাই তেওঁলোকক এই মাটি দান কৰিছিল। চতুৰ্থ শতিকাত কডুংঙালুৰ (ক্ৰাংকানুৰ) চহৰত ভাৰতৰ প্ৰথমটো ইহুদী উপাসনাগৃহ নিৰ্মাণ কৰা হৈছিল। সেই সময়ত দক্ষিণ ভাৰতৰ মালাবাৰ উপকূল অঞ্চলত ইহুদীসকলৰ এক গুৰুত্বপূৰ্ণ ব্যৱসায়িক ভূমিকা আছিল। চতুৰ্দশ শতিকাত যেতিয়া এই সম্প্ৰদায়টো কোচিলৈ স্থানান্তৰিত হয়, তেতিয়া তেওঁলোকে তাত এটা নতুন ইহুদী উপাসনাগৃহ নিৰ্মাণ কৰিছিল।

মালাবাৰী ইহুদী বা য়াহুদান মাপ্পিলাসকলৰ কোচিৰ প্ৰথমটো ইহুদী উপাসনাগৃহ ষোড়শ শতিকাত ধ্বংস কৰা হৈছিল। পৰ্তুগীজসকলে ইহুদী আৰু চিৰিয়ান মালাবাৰ নাছৰাণী বা চুৰিয়ানী মাপ্পিলা বা চিৰিয়াক (আৰামীয়) মাপ্পিলা লোকসকলৰ ওপৰত কৰা ধৰ্মীয় নিৰ্যাতনৰ সময়ত এইটো ধ্বংস হৈছিল। কোচিনত পৰ্তুগীজ শাসনৰ সময়ত ১৫৫৮ চনত ৰজাৰ সুৰক্ষাত মাট্টানচেৰীত দ্বিতীয়টো উপাসনাগৃহ নিৰ্মাণ কৰা হৈছিল। এইটোৱেই বৰ্তমানৰ ইহুদী উপাসনাগৃহ,৪ যি এতিয়াও উপাসনাৰ বাবে ব্যৱহাৰ হৈ আছে। ইয়াত প্ৰাৰ্থনাৰ বাবে প্ৰয়োজনীয় ন্যূনতম সদস্যৰ সংখ্যা অৰ্থাৎ মিনিয়ান সমবেত হয়। ইয়াক 'পৰদেশী' ইহুদী উপাসনাগৃহ বুলি কোৱা হয় কাৰণ ইয়াক স্পেনিছ ভাষী ইহুদীসকলে (পৰদেশী ইহুদী) নিৰ্মাণ কৰিছিল। ইয়াৰ বাবেই ইয়াক অনানুষ্ঠানিকভাৱে 'পৰদেশী' ইহুদী উপাসনাগৃহ বা 'বিদেশী' ইহুদী উপাসনাগৃহ বুলি কোৱা হৈছিল। ইয়াৰ উপৰিও আইবেৰিয়ান উপদ্বীপৰ পৰা অহা চাফাৰ্ডিম নামৰ এটা নতুন ইহুদী দল কোচিলৈ প্ৰব্ৰজন কৰিছিল। তেওঁলোক আৰু মালাবাৰী ইহুদী বা য়াহুদান মাপ্পিলাসকলৰ ধৰ্মীয় নীতি-নিয়মৰ বহু মিল আছিল। নতুনকৈ অহা লোকসকলে ইহুদী-মালয়ালম উপভাষা শিকি লৈছিল। কিন্তু চাফাৰ্ডিমসকলে অন্ততঃ তিনি শতিকা ধৰি নিজৰ সংস্কৃতি আৰু স্পেনিছ ভাষা বজাই ৰাখিছিল। ১৬৬০ চনৰ ভিতৰত ওলন্দাজসকলে কোচি অঞ্চল শাসন কৰিছিল আৰু ইয়াক ডাচ মালাবাৰ বুলি নামকৰণ কৰিছিল। পৰৱৰ্তী বছৰবোৰত পৰদেশী ইহুদী উপাসনাগৃহটো মূলতঃ চাফাৰ্ডিম (যিসকলক পৰদেশী বুলিও কোৱা হৈছিল), তেওঁলোকৰ বংশধৰ আৰু পিছলৈ ইউৰোপৰ পৰা বহিষ্কৃত ইহুদীসকলে ব্যৱহাৰ কৰিছিল।

পৰদেশী ইহুদী উপাসনাগৃহৰ সদস্যসকলৰ তিনিটা শ্ৰেণী আছিল:

  • স্বেতাংগ ইহুদী: তেওঁলোক পূৰ্ণ পৰ্যায়ৰ সদস্য আছিল। স্বেত ইহুদী বা পৰদেশী ইহুদীসকল স্পেইন, পৰ্তুগাল আৰু নেদাৰলেণ্ডৰ পৰা অহা চাফাৰ্ডিমসকলৰ শেহতীয়া বংশধৰ আছিল।
  • কৃষ্ণাংগ ইহুদী: বা মালাবাৰী ইহুদীসকলক ইয়াত উপাসনা কৰাৰ অনুমতি দিয়া হৈছিল কিন্তু পূৰ্ণ সদস্যপদ দিয়া হোৱ নাছিল। এই কোচিন ইহুদীসকল আছিল কোচিৰ আদিম ইহুদী বাসিন্দা।
  • মেছুচৰাৰিম: তেওঁলোক চাফাৰ্ডিমসকলে লগত অনা মুক্ত দাস আৰু তেওঁলোকৰ বংশধৰ আছিল। তেওঁলোকৰ কোনো সামাজিক অধিকাৰ নাছিল আৰু নিজা ইহুদী উপাসনাগৃহও নাছিল। তেওঁলোকে মজিয়াত বা বাহিৰৰ খোপবোৰত বহিব লগা হৈছিল। বিংশ শতিকাৰ প্ৰথমাৰ্ধত আব্ৰাহাম বাৰাক চালেম নামৰ এজন মেছুচৰাৰে এই বৈষম্যৰ বিৰুদ্ধে সফলতাৰে আন্দোলন চলাইছিল।

১৯৬৮ চনত এই ইহুদী উপাসনাগৃহৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপন কৰা হৈছিল। এই অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অংশগ্ৰহণ কৰিছিল।

বৰ্তমান কাল

ক’ভিড-১৯ মহামাৰীৰ সময়ত ঘড়ীৰ সৈতে পৰদেশী ইহুদী উপাসনাগৃহ
ক’ভিড-১৯ মহামাৰীৰ সময়ত ঘড়ীৰ সৈতে পৰদেশী ইহুদী উপাসনাগৃহছবি: Sunnyfunny147 · CC BY-SA 4.0

ইহুদী উপাসনাগৃহসমূহৰ নিয়ম অনুসৰি পৰদেশী ইহুদী উপাসনাগৃহতো পুৰুষ আৰু মহিলাৰ বাবে সুকীয়া বহাৰ ব্যৱস্থা আছে।

বৰ্তমান সময়ত পৰদেশী ইহুদী উপাসনাগৃহটোৱেই হৈছে কোচিৰ একমাত্ৰ সক্ৰিয় ইহুদী উপাসনাগৃহ য’ত একোটা মিনিয়ান গঠিত হয়। অৱশ্যে তাত স্থায়ীভাৱে বসবাস কৰা ইহুদীৰ সংখ্যা পৰ্যাপ্ত নহয়। সেইবাবে কোচিৰ বাহিৰৰ পৰা অহা ইহুদীসকলক লগত লৈহে এই মিনিয়ান গঠন কৰিবলগীয়া হয়। কেৰালাৰ হিন্দু, ছেইণ্ট থমাছ খ্ৰীষ্টান বা চুৰিয়ানী মাপ্পিলা আৰু মুছলিম মাপ্পিলা পৰম্পৰাৰ সৈতে সংগতি ৰাখি উপাসকসকলে পৰদেশী ইহুদী উপাসনাগৃহত খালী ভৰিৰে প্ৰৱেশ কৰিব লাগে।৫ কোচিনৰ ইহুদী সম্প্ৰদায়ৰ মাজত কিছুমান অনন্য বৈশিষ্ট্য দেখা যায়। এইবোৰ মূলতঃ হিন্দু ধৰ্মৰ প্ৰভাৱৰ ফলত গঢ়ি উঠিছে। ইয়াৰ ভিতৰত প্ৰতিটো উৎসৱৰ বাবে সুকীয়া ৰঙৰ কাপোৰ পিন্ধা, ৰাজহুৱা উপাসনাৰ সময়ত লিংগত্বক বা চুন্নত কৰা আৰু কিছুমান বিশেষ উৎসৱত দ্ৰাক্ষাৰসত তিয়াই থোৱা মেৰ্টল গছৰ পাত বিতৰণ কৰা আদি অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও মিড্ৰাছ চাফাৰ্ডিৰ দ্বাৰা পৰদেশী ইহুদী উপাসনাগৃহত নিযুক্ত কৰা বৰ্তমানৰ ৰব্বীজন হৈছে ৰব্বী য়োনাটন ফ্ৰান্সিল গোল্ডস্মিথ।

এই উপাসনাগৃহটো দৰ্শনাৰ্থীৰ বাবে এক ঐতিহাসিক আকৰ্ষণ হিচাপে মাচুলৰ বিনিময়ত খোলা থাকে। ইয়াত টিকট বিক্ৰী কৰা য়াহেহ হালেগুৱা নামৰ মহিলাগৰাকী হ’ল সন্তান জন্ম দিব পৰা বয়সৰ অন্তৰ্গত শেষৰগৰাকী মহিলা পৰদেশী ইহুদী।৬ শুকুৰবাৰ, শনিবাৰ আৰু দেওবাৰে তথা ইহুদী ধৰ্মৰ বন্ধৰ দিনবোৰত এই উপাসনাগৃহটো বন্ধ থাকে। ২০১৬ চনৰ এপ্ৰিল মাহৰ তথ্য অনুসৰি ফৰ্ট কোচিনত কেৱল ৫ জন ইহুদী লোকে বাস কৰিছিল। মাট্টানচেৰী ইহুদী উপাসনাগৃহ দৰ্শন কৰাৰ সময় হ’ল ৰাতিপুৱা ১০:০০ বজাৰ পৰা দুপৰীয়া ১:০০ বজালৈ আৰু তাৰ পিছত আবেলি ৫:০০ বজাৰ পৰা সন্ধিয়া ৭:০০ বজালৈ। ইয়াত পুৰুষ আৰু মহিলা উভয়ৰে বাবে এক কঠোৰ পোছাক বিধি আছে। পুৰুষসকলে সম্পূৰ্ণ চোলা আৰু লংপেণ্ট পিন্ধিব লাগে। মহিলাসকলে আঁঠুৰ তললৈকে পৰা স্কাৰ্ট পিন্ধিব লাগে। কেৰালাৰ আটাইতকৈ জ্যেষ্ঠ ইহুদীসকলৰ এজন ড° জন জেকব তিৰুৱাল্লাৰ কাভিয়ুৰ গাঁৱত বাস কৰিছিল। ২০২৫ চনৰ ২৫ মে’ত ৮০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। তেওঁৰ নশ্বৰ দেহ কাভিয়ুৰত থকা তেওঁলোকৰ পাৰিবাৰিক গীৰ্জাৰ কবৰস্থানত সমাধিস্থ কৰা হয়।

প্ৰাচীন সামগ্ৰীসমূহ

পৰদেশী ইহুদী উপাসনাগৃহত ধৰ্মগ্ৰন্থ স্ক্ৰল অৱ দ্য ল’ (Scrolls of the Law), উপহাৰ হিচাপে পোৱা কেইবাটাও সোণৰ মুকুট, বেলজিয়ামৰ কাঁচৰ বহুতো লণ্ঠন আৰু এটা পিতলৰ ৰেলিং থকা বেদী আছে। ইয়াত দশম শতিকাৰ তামৰ ফলি সংৰক্ষিত হৈ আছে। এই ফলিখন আটাইতকৈ প্ৰাচীন বুলি জনাজাত কোচিন ইহুদী জোচেফ ৰাব্বানক প্ৰদান কৰা বিশেষ অধিকাৰৰ প্ৰমাণ পত্ৰ আছিল। এই দুখন ফলি মালাবাৰ উপকূলৰ শাসকে পুৰণি মালয়ালম ভাষাত খোদিত কৰাইছিল। এই উপাসনাগৃহৰ মজিয়াখন অষ্টাদশ শতিকাৰ চীনদেশত হাতেৰে অঁকা শ শ পৰ্চেলিন টাইলছেৰে নিৰ্মিত। এই টাইলছবোৰৰ প্ৰতিটোৱেই অনন্য আৰু স্বকীয়। ইয়াত থকা হাতেৰে বোৱা এখন অৰিয়েণ্টেল দলিচা ইথিওপিয়াৰ শেষৰজন সম্ৰাট হাইলে চেলাচিয়ে উপহাৰ হিচাপে দিছিল।৭ এই উপাসনাগৃহ চৌহদত এটা অষ্টাদশ শতিকাৰ ঘড়ী স্তম্ভ আছে। ৱৰ্ল্ড মনুমেণ্টছ ফাণ্ডৰ তত্ত্বাৱধানত স্থপতিবিদ কাৰ্ল ডেমচেনে ১৯৯৮ চনৰ পৰা ১৯৯৯ চনৰ ভিতৰত ইয়াৰ লগতে চৌহদৰ আন আন অংশৰ পুনৰুদ্ধাৰ কাৰ্য সম্পন্ন কৰিছিল।৮

লিপিৰ ফলক।]]

কোচিৰ জু টাউনৰ দক্ষিণে অৱস্থিত পূৰ্বৰ কোচানগাড়ী ইহুদী উপাসনাগৃহৰ (১৩৪৪) এখন লিপি ফলক পৰদেশী ইহুদী উপাসনাগৃহৰ বাহিৰৰ দেৱালত স্থাপন কৰা হৈছিল। এই লিপিত উল্লেখ আছে যে এই গাঁথনিটো ৫১০৫ চনত (হিব্ৰু কেলেণ্ডাৰ অনুসৰি) "ঈশ্বৰৰ আত্মাৰ বাসস্থান" হিচাপে নিৰ্মাণ কৰা হৈছিল। পুনৰুদ্ধাৰৰ কামৰ সময়ত এই ফলকখন প্ৰথমতে কাদাভুমভাগম মাট্টানচেৰী ইহুদী উপাসনাগৃহৰ দেৱালৰ ভিতৰত পোৱা গৈছিল।

থেক্কুমভাগম ইহুদী উপাসনাগৃহ

কোচিনৰ ইৰেনাকুলাম অঞ্চলৰ জুজ ষ্ট্ৰীটত অৱস্থিত থেক্কুমভাগম ইহুদী উপাসনাগৃহটো ১৫৮০ চনত নিৰ্মাণ কৰা হৈছিল। পৰৱৰ্তী সময়ত ১৯৩৯ চনত ইয়াক পুনৰ মেৰামতি কৰা হয়।৯

সমল

বাহ্যিক সংযোগসমূহ

তথ্যসূত্ৰ

  1. ↑ Jay A. Waronker: Paradesi Synagogue, Friends of Kerala Synagogues, 2011
  2. ↑ Fernandes, Edna. (2008). The Last Jews of Kerala. Portobello Books. পৃ. 24. ISBN 978-1-84627-098-7
  3. ↑ The Paradesi Synagogue, Cochin, India. Database of Jewish Communities, Museum of the Jewish People at Beit Hatfutsot. Accessed online 13 February 2007
  4. ↑ Hallelujah! Assemble, Pray, Study – Synagogues Past and Present. Beit Hatfutsot
  5. ↑ "Cochin Jews", Overview Of World Religions, Philtar, St Martin's College (UK). Accessed online 13 February 2007
  6. ↑ Abram, David. (November 2010). The ((Rough Guide)) to Kerala. Penguin Books. পৃ. 181. ISBN 978-1-84836-541-4
  7. ↑ Photographs and Video Clips from South India, Easter 2003, Religious Education, Staffordshire Learning Net. Accessed online 13 February 2007
  8. ↑ "Repairs and Planning Begin for Paradesi Synagogue in Cochin, India", Jewish Heritage Report, Vol. II, Nos. 1–2 / Spring-Summer 1998. Accessed online 13 February 2007
  9. ↑ MICHAEL FREUND, "Cochin battles to save its shul", JERUSALEM POST, 15 May 2009

সম্পৰ্কিত শ্ৰেণী

কেৰালা পৰ্যটনকেৰালাৰ সংস্কৃতিইহুদী ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰদেশী ইহুদী উপাসনাগৃহ” প্ৰবন্ধৰ সংশোধন ৬৩২৭৮১ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।