অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

পৰশু

পৰশু সংস্কৃত ভাষাৰ শব্দ, যাৰ অৰ্থ যুদ্ধ-কুঠাৰ, যিটো এখন হাত বা দুয়োহাতেৰে ব্যৱহাৰ কৰিব পাৰি।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ২৫০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পৰশু সংস্কৃত ভাষাৰ শব্দ, যাৰ অৰ্থ যুদ্ধ-কুঠাৰ, যিটো এখন হাত বা দুয়োহাতেৰে ব্যৱহাৰ কৰিব পাৰি।১২৩৪

নিৰ্মাণ

পৰশু দুয়োফালে ধাৰযুক্ত বা একক প্ৰান্তৰ ধাৰযুক্ত হ’ব পাৰে আৰু নকটা ফালটোত এটা চোকা হুল থাকিব পাৰে। ইয়াৰ জোখ সাধাৰণতে ৯০–১৫০ চে.মি. (৩৫–৫৯ ইঞ্চি)ৰ ভিতৰত যদিও কিছুমানৰ দৈৰ্ঘ্য ২১০ চে.মি. (৮৩ ইঞ্চি)। পৰশু সাধাৰণতে লোহা বা নিৰ্মল তীখাৰে তৈয়াৰ কৰা হয়। মুঠিৰ লগত সংলগ্ন প্ৰান্তটোতকৈ কাটিব পৰা দিশটো বহল। ভালকৈ ধৰিব পৰাকৈ মুঠিটো প্ৰায়ে চামৰাৰ আৱৰণেৰে বান্ধি লোৱা হয়।৫

হিন্দু ধৰ্ম

বিদ্যুদভি নামৰ পৰশু হৈছে শিৱ দেৱতাৰ অস্ত্ৰ৬ যিয়ে ইয়াক পৰশুৰামক দিছিল,৭৮ বিষ্ণুৰ ষষ্ঠ অৱতাৰ৯১০ যাৰ নামৰ অৰ্থ হৈছে "কুঠাৰসহ ৰাম" আৰু ইয়াৰ আয়ত্তৰ শিক্ষাও দিছিল।১১ পৰশুৰাম আছিল মহাভাৰত মহাকাব্যত পাণ্ডৱক নিৰ্দেশ দিয়া গুৰু দ্ৰোণৰ গুৰু। পাণ্ডৱৰ সতীয়া ভাই কৰ্ণ আৰু ভীষ্ময়ো পৰশুৰামৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ শিক্ষা গ্ৰহণ কৰিছিল। পৰশুৰামৰ স্বভাৱ ভয়ংকৰ বুলি জনা গৈছিল, তেওঁৰ পিতৃক দুষ্ট ক্ষত্ৰিয় কৰ্তবীৰ্য্য অৰ্জুন(মহাভাৰতৰ অৰ্জুন নহয়)ই হেৰুৱাইছিল১২ পৰশুৰামৰ অস্ত্ৰত অলৌকিক শক্তি আছিল। ইয়াৰ চাৰিটা কাটিব পৰা ধাৰ আছিল, ব্লেডৰ মূৰৰ প্ৰতিটো মূৰত এটা আৰু খাদৰ প্ৰতিটো মূৰত এটাকৈ।

পৰশুক মহাকাব্যসমূহৰ আটাইতকৈ মাৰাত্মক হস্ত-যুদ্ধৰ অস্ত্ৰ হিচাপে জনা গৈছিল। ই শিৱ, পৰশুৰাম, দুৰ্গা আদিৰ অন্যতম অস্ত্ৰ আৰু আজিও সমগ্ৰ ভাৰতবৰ্ষতে তেওঁলোকৰ মূৰ্তিত অংকন কৰা হৈছে। ইয়াৰ উপৰিও ই গণেশৰ অন্যতম অস্ত্ৰ,১৩ আৰু সহদেৱ আৰু শকুনিৰো প্ৰধান অস্ত্ৰ।

কিম্বদন্তি

কেৰালাৰ আঞ্চলিক হিন্দু সৃষ্টিৰ মিথক প্ৰায়ে পৰশুৰামৰ পৰশু বুলি কোৱা হয়। পৰম্পৰা অনুসৰি পৰশুৰামক ক্ৰমে সাগৰ আৰু পৃথিৱীক মূৰ্ত ৰূপ দিয়া দেৱতা বৰুণ আৰু ভূদেৱী উভয়েই বৰদান কৰিছিল। তেওঁ ভাৰতীয় মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণ প্ৰান্ত কন্যাকুমাৰীলৈ গৈ উত্তৰ দিশলৈ কুঠাৰ দলিয়াই সাগৰৰ পৰা ভূমিৰ এটা অংশ উদ্ধাৰ কৰা বাবে কেৰালা হৈ পৰিব পাৰে বুলি কোৱা হয়।১৪

তথ্যসূত্ৰ

  1. ↑ Prasoon, Prof. Shrikant. (2009). Rishis & rishikās. Pustak Mahal. ISBN 978-81-223-1072-6
  2. ↑ Rajan, Rahul. (2016). Rudrāvan. ISBN 978-93-5201-765-2
  3. ↑ Agarwal, Himanshu. (2016). Mahabharata Retold: Part - 1. Notion Press. ISBN 9789386073877
  4. ↑ Bane, Theresa. (2020). Encyclopedia of mythological objects. পৃ. 120. ISBN 978-1-4766-3920-8
  5. ↑ Ramsey, Syed. (12 May 2016). Tools of War: History of Weapons in Ancient Times. Vij Books India Private Limited. ISBN 978-93-86019-80-6
  6. ↑ Coulter, Charles Russell. Turner, Patricia. (2020). Encyclopedia of Ancient Deities. McFarland. ISBN 978-0-7864-9179-7
  7. ↑ Rajendran, Abhilash. (7 May 2016). Parashu Weapon – The Divine Axe Weapon of Parshuram and Shiva
  8. ↑ Chaturvedi, B.K. (1900). Brahmavaivarta Purana. Diamond Books. ISBN 978-93-5296-763-6
  9. ↑ Rout, Professor Sanjay. (2021). Crystals and Life Transition. Lulu. ISBN 978-1-716-25108-5
  10. ↑ Varma, Ravi. Vishnu's sixth avatar Parashu Rama. Chromolithograph by R. Varma.. Vishnu's Sixth Avatar Parashu Rama
  11. ↑ Srinivasan, A. V. (2011). Hinduism for dummies. Wiley. ISBN 978-1-118-11076-8
  12. ↑ (2010). Japan mini-set. F, F. Taylor & Francis. পৃ. 472. ISBN 978-1-136-90356-4
  13. ↑ Pattanaik, Devdutt. (2011). 99 Thoughts on Ganesha. Jaico Publishing House. পৃ. 45. ISBN 978-81-8495-152-3
  14. ↑ Bhargava, S. C. Bhatt, Gopal K. (2006). Land and People of Indian States and Union Territories: In 36 Volumes. Kerala. Gyan Publishing House. পৃ. 18. ISBN 978-81-7835-370-8

সম্পৰ্কিত শ্ৰেণী

অস্ত্ৰহিন্দু কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰশু” প্ৰবন্ধৰ সংশোধন ৬৩২৮৫২ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।