অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বতাৰা কলা

বতাৰা কলা পৰম্পৰাগত জাভা আৰু বালি পৌৰাণিক কাহিনীত মৃত্যুৰ দেৱতা, চেটেছুয়াৰাৰ সৈতে এটা গুহাৰ ওপৰত শাসন কৰে। বতাৰা কলাক পোহৰ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা বুলিও অভিহিত কৰা হৈছে। তেওঁ সময়ৰ দেৱতাও, যি দুৰ্ভগীয়া মানুহক গ্ৰাস কৰে।

হালনাগাদ: ৪ মাৰ্চ ২০২৫ ২৮১ শব্দ · ২ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

বতাৰা কলা পৰম্পৰাগত জাভা আৰু বালি পৌৰাণিক কাহিনীত মৃত্যুৰ দেৱতা, চেটেছুয়াৰাৰ সৈতে এটা গুহাৰ ওপৰত শাসন কৰে।১ বতাৰা কলাক পোহৰ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা বুলিও অভিহিত কৰা হৈছে। তেওঁ সময়ৰ দেৱতাও, যি দুৰ্ভগীয়া মানুহক গ্ৰাস কৰে।

উৎপত্তি

কিংবদন্তি অনুসৰি বতাৰা কলা বতাৰা গুৰু (শিৱৰ জাভাত প্ৰচলিত ৰূপ)ৰ পুত্ৰ।২ বতাৰা গুৰুৰ এগৰাকী অতি ধুনীয়া পত্নী আছে যাৰ নাম দেৱী উমা (পাৰ্বতী)। এদিন বতাৰা গুৰুৱে অনিয়ন্ত্ৰিত কামনাৰ জুইত জ্বলি উমা দেৱীৰ ওপৰত বলপূৰ্বক কামনা উপশম কৰিছিল। তেওঁলোকৰ যৌন সংগম ঐশ্বৰিক বাহন নন্দী নামৰ গৰুটোৰ ওপৰত সম্পন্ন কৰিছিল। এই আচৰণে উমাক লাজ দিছিল, যিয়ে দুয়োকে গালি পাৰিছিল যাতে তেওঁলোক ভয়ংকৰ আৰু কুৎসিত ৰাক্ষস হিচাপে দেখা দিয়ে। দেৱী উমাৰ এই উগ্ৰ ৰূপটো হিন্দু ধৰ্মত দুৰ্গা নামেৰেও জনা যায়। এই সম্পৰ্কৰ পৰাই বতাৰা কলাৰ জন্ম হৈছিল ৰাক্ষস ৰূপত।২

আন এটা উৎপত্তিৰ কাহিনী হ’ল শিৱৰ বীৰ্যৰ এটোপাল এটা মাছে গিলিবলৈ পাইছিল আৰু গৰ্ভধাৰণ কৰিছিল।৩

বতৰা কলাৰ অতৃপ্ত ক্ষুধাতুৰ আৰু অতি অভদ্ৰ বুলি বৰ্ণনা কৰা হৈছে। মানুহৰ কু-অভ্যাসৰ শাস্তি দিবলৈ দেৱতাই তেওঁক পৃথিৱীলৈ পঠিয়াইছিল। অৱশ্যে বতাৰা কলাৰ আগ্ৰহ কেৱল মানুহৰ ভোক পূৰোৱাৰ বাবেহে আগ্ৰহী আছিল। তাৰ পিছত আতংকিত হৈ দেৱতাসকলে বতাৰা কলাক পৃথিৱীৰ পৰা পুনৰ ওভোতাই নিবলৈ আহ্বান কৰে।১ পিছলৈ তেওঁ দেৱী চেটেছুয়াৰাৰ সৈতে মিলি পাতালৰ শাসক হয়।৪

পৰম্পৰাগতভাৱে জাভা জনসাধাৰণে তেওঁৰ অনুকূলতা লাভ কৰিবলৈ চেষ্টা কৰে, সময় আৰু ধ্বংসৰ দেৱতা হিচাপে, বিশেষকৈ শিশুৰ দুৰ্ভাগ্য ৰোধ কৰিবলৈ।৫ ভূত-প্ৰেত নিৰ্বাসন অনুষ্ঠান, যাক ৰুটান বুলি কোৱা হয়, "দুৰ্ভাগ্যজনক" পৰিস্থিতিত জন্ম লোৱা যেনে ভৰি প্ৰথমে জন্ম হোৱা শিশুৰ বাবে অনুষ্ঠিত কৰা হয়। এনে শিশুক বতাৰা কলাৰ দ্বাৰা গ্ৰাস কৰিব নোৱাৰাকৈয়ে এনেদৰে কৰা হৈছে। এই অনুষ্ঠানত সাধাৰণতে ৱায়াং (জাভানিজ ছাঁৰ পুতলা) পৰিবেশন আৰু চেলামান ভোজ অনুষ্ঠিত কৰা হয়।৬৭

প্ৰতীকবাদ

চাইমন মনবাৰনে লক্ষ্য কৰিছে যে, বতাৰা কলা আবেগৰ ঢৌত যৌন সম্পৰ্ক স্থাপন কৰাৰ নেতিবাচক প্ৰভাৱৰ প্ৰতীক। বতাৰা কলাৰ নেতিবাচক দিশবোৰক বিবাহ বহিৰ্ভূতভাৱে জন্ম হোৱা সকলো সন্তানৰ ভাগ্যৰ বিৰুদ্ধে সতৰ্কবাণী হিচাপে বৰ্ণনা কৰা হৈছে।২ বতাৰা কলাৰ কাম বিশেষকৈ কীৰ্তিমুখ হিচাপে ভাৰতীয় আৰু বালি হিন্দু ধৰ্মত ভোমাৰ দৰেই বুলি গণ্য কৰা হৈছে।৩

তথ্যসূত্ৰ

  1. ↑ Khoon, Choy Lee. (1999). A fragile nation: the Indonesian crisis. World Scientific. পৃ. 209. ISBN 978-981-02-4003-5
  2. ↑ Monbaron, Simon. (1999). Subud the Coming New Age of Reality: The Most Complete Book on Subud. Peace. পৃ. 573. ISBN 978-0-9672753-1-4
  3. ↑ Emigh, John. (1996). Masked performance: the play of self and other in ritual and theatre. University of Pennsylvania Press. পৃ. 100. ISBN 978-0-8122-1336-2
  4. ↑ Littleton, C. Scott. (2005). Gods, Goddesses, and Mythology. Marshall Cavendish. পৃ. 1324. ISBN 978-0-7614-7559-0
  5. ↑ Geels, Antoon. (1997). Subud and the Javanese mystical tradition. 0700706232, 9780700706235. পৃ. 75. ISBN 978-0-7007-0623-5
  6. ↑ Weintraub, Andrew Noah. (2004). Power plays: wayang golek puppet theater of West Java. Ohio University Press. পৃ. 39. ISBN 978-981-230-249-6
  7. ↑ (June 16, 2011). Gerhana Disambut Ritual Usir Batara Kala. okezone.com

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বতাৰা কলা” প্ৰবন্ধৰ সংশোধন ৪৮৭০০১ (৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।