অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

বালাম্বিকা

বালাম্বিকা (ইংৰাজী: Balambika) সাধাৰণতে দক্ষিণ ভাৰতৰ হিন্দু ধৰ্মত বৰ্ণিত এগৰাকী দেৱী। এই দেৱীক “বালা” বুলিও জনা যায়৷ এই গৰাকী দেৱীৰ নাম বালাম্বিকাৰ অৰ্থ হৈছে "জ্ঞানৰ দেৱী", বা "শিশু দেৱী"। বালাম্বিকাৰ বৰ্ণনা তেওঁৰ পবিত্ৰ গ্ৰন্থ বালাম্বিকা দশকমত পোৱা যায়।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৫ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

বালাম্বিকা (ইংৰাজী: Balambika) সাধাৰণতে দক্ষিণ ভাৰতৰ হিন্দু ধৰ্মত বৰ্ণিত এগৰাকী দেৱী। এই দেৱীক “বালা” বুলিও জনা যায়৷ এই গৰাকী দেৱীৰ নাম বালাম্বিকাৰ অৰ্থ হৈছে "জ্ঞানৰ দেৱী", বা "শিশু দেৱী"।১

বালাম্বিকাৰ বৰ্ণনা তেওঁৰ পবিত্ৰ গ্ৰন্থ বালাম্বিকা দশকমত পোৱা যায়। তেওঁৰ মূৰ্তিত চাৰিখন হাত আৰু প্ৰতিখন হাতৰ তলুৱাত ৰঙা বৃত্ত থকা বুলিও দেখুওৱা হৈছে।২ তেওঁৰ এখন হাতত এখন পবিত্ৰ গ্ৰন্থ থাকে আৰু দুখন হাতেৰে এডাল জাপামালা ধৰি থাকে। বালাম্বিকাক শিশু বুলি গণ্য কৰা হয়, আৰু তেওঁ এজন শিশুৰ দৰে আচৰণ কৰে, কিন্তু উন্নত জীৱনৰ বাবে প্ৰকৃত জ্ঞান, শিক্ষা, প্ৰজ্ঞা, শক্তি আৰু সমৃদ্ধি কঢ়িয়াই আনে বুলি কোৱা হয়।৩ তেওঁক কেতিয়াবা শিশুৰ দেৱী বুলিও কোৱা হয়, আৰু সেয়েহে, তেওঁৰ মন্দিৰটো শিশুৰ বাবে উৎসৰ্গা কৰিবলৈ নিৰ্মাণ কৰা হৈছিল৷

মূলমন্ত্ৰ

“আইয়ম ক্লিম ছৌ। ছৌ, ক্লিম, আইয়ম।

আইয়ম, ক্লিম, ছৌ।”৪

"আইয়ম"ৰ অৰ্থ হৈছে শিক্ষণ।

"ক্লিম"ৰ অৰ্থ হ'ল চুম্বকীয় আকৰ্ষণ।

"ছৌ" ৰ অৰ্থ হৈছে সমৃদ্ধি।

এই সৰল তিনিটা শব্দৰ মূলমন্ত্ৰই সকলো আধুনিক লৌকিক সমস্যাৰ সমাধান কৰে বুলি গণ্য কৰা হয়।৩ এই মূলমন্ত্ৰ জপ কৰিলে বালাম্বিকা দেৱী নিমিষতে ভক্তৰ ওচৰত আৱিৰ্ভাব হয় বুলি কোৱা হয়। যেতিয়া ভক্তজনে দেৱীৰ নাম "বালা" উচ্চাৰণ কৰিব তেতিয়া দেৱীয়ে ভক্তজনে কোৱা কথাবোৰ সকলো সময়তে শুনি থাকিব৷

মন্দিৰ

তামিলনাডুৰ আৰিয়ালুৰ জিলাৰ কামৰসাৱল্লীত বালাম্বিকাৰ এটা মন্দিৰ আছে। এই মন্দিৰটো প্ৰায় ১০০০–২০০০ বছৰ পুৰণি। মন্দিৰৰ দেৱালত কিছুমান ভাস্কৰ্য্য খোদিত কৰা হৈছে য'ত কাৰ্কোডগাই ভগৱান বিনায়ক আৰু নন্দীৰ সৈতে শিৱ পূজা (শিৱদেৱৰ পূজা) কৰা কাহিনী দেখুওৱা হৈছে।৫ কোৱা হয় যে কৰ্কট ৰাশিৰ লোকসকলে ইয়াত মনোকামনা পূৰণৰ বাবে প্ৰাৰ্থনা কৰিব লাগে।৫

পবিত্ৰ গ্ৰন্থ

বালাম্বিকাৰ বিষয়ে বৰ্ণনা কৰা পবিত্ৰ গ্ৰন্থখনক বালাম্বিকা দশকম বুলি কোৱা হয়।৬ এই গ্ৰন্থখনত বালাম্বিকা বা তেওঁৰ গুণৰ বৰ্ণনাৰ বাবে "কোন" বা "কাৰ" বাক্যাংশ ব্যৱহাৰ কৰা হৈছে। প্ৰতিটো শাৰী "অ' বালাম্বিকা, কৃপা কৰি মোৰ ফালে দয়ালু চাৱনিৰে চোৱা" বুলি আৰম্ভ কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ (2012-08-12). Skanda's Sister Jyoti. Murugan.org
  2. ↑ Balambika Image. Balambikathirupanitrust.webs.com
  3. ↑ Bala Tripurasundari Moolamantram. Sribalathirupurasundari.com
  4. ↑ Home - Balambika Divya Sangam (A Balambika Thirupani Trust Initiative). Balambikathirupanitrust.webs.com
  5. ↑ Balambika-Karkodeswarar Temple: Balambika-Karkodeswarar Temple Details | Balambika-Karkodeswarar - Kamarasavalli | Tamilnadu Temple | பாலாம்பிகா சமேத கார்க்கோடேஸ்வரர். Dinamalar
  6. ↑ Balambika Dasakam - Hindupedia, the Hindu Encyclopedia. Hindupedia.com

সম্পৰ্কিত শ্ৰেণী

হিন্দু দেৱী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বালাম্বিকা” প্ৰবন্ধৰ সংশোধন ৪৭৯৫৬৮ (১৯ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।