প্ৰকৃতি আই (mother nature কেতিয়াবা ধৰিত্ৰী আই বুলিও জনা যায়) হৈছে প্ৰকৃতিৰ এক ব্যক্তিত্ব যিয়ে প্ৰকৃতিৰ প্ৰাণদায়ক আৰু লালন-পালনকাৰী দিশসমূহক মূৰ্ত কৰি, মাতৃৰ ৰূপত গুৰুত্ব দিয়ে।
ইউৰোপীয় পৰম্পৰাৰ ইতিহাস

"প্ৰকৃতি" শব্দটো লেটিন শব্দ, "natura"ৰ পৰা আহিছে, যাৰ অৰ্থ জন্ম বা চৰিত্ৰ। ইংৰাজীত ইয়াৰ প্ৰথম লিপিবদ্ধ ৰূপত ব্যৱহাৰ হৈছিল ১২৬৬ চনত। "নেচুৰা" আৰু মাতৃ প্ৰকৃতিৰ ব্যক্তিত্ব মধ্যযুগত বহুলভাৱে জনপ্ৰিয় আছিল। সঠিকভাৱে ঐশ্বৰিক আৰু মানুহৰ মাজত থকা এটা ধাৰণা হিচাপে ইয়াক প্ৰাচীন গ্ৰীচৰ পৰাই আৰম্ভ হোৱা বুলি অনুসন্ধানত জনা যায়, যদিও পৃথিৱীক হয়তো দেৱী হিচাপে মূৰ্ত কৰি তোলা হৈছিল। নৰ্ছসকলৰ Jörð (Jord, বা Erth) নামৰ এগৰাকী দেৱীও আছিল।
লিখিত ব্যৱহাৰ ক্ষেত্ৰত আটাইতকৈ প্ৰাচীনতম ব্যৱহাৰৰ হয় মাইচেনিয়ান গ্ৰীক ভাষাত: মা-কা (অনুবাদক মা-গা), "মাতৃ গিয়া", ৰৈখিক বি চিলেবিক লিপিত লিখা (খ্ৰীষ্টপূৰ্ব ত্ৰয়োদশ বা দ্বাদশ শতিকা)।১ গ্ৰীচত প্ৰাক-চক্ৰেটিক দাৰ্শনিকসকলে যেতিয়া পৃথিৱীৰ পৰিঘটনাসমূহৰ সম্পূৰ্ণতাক একক হিচাপে বিমূৰ্ত কৰাৰ সময়ত প্ৰকৃতিক "আৱিষ্কাৰ" কৰিছিল। পিছৰ মধ্যযুগীয় খ্ৰীষ্টান চিন্তাবিদসকলে প্ৰকৃতিক সকলোকে সামৰি লোৱা বুলি নাভাবিছিল, বৰঞ্চ ভাবিছিল যে তেওঁক ঈশ্বৰে সৃষ্টি কৰিছে; প্ৰকৃতিৰ স্থান পৃথিৱীত আছিল, অপৰিৱৰ্তিত আকাশ আৰু চন্দ্ৰৰ তলত। প্ৰকৃতি কেন্দ্ৰত ক’ৰবাত পৰি ৰৈছিল, তেওঁৰ ওপৰত কোনো ফেৰস্তা, আৰু তলত দানৱ আৰু নৰক আছিল। মধ্যযুগীয় ধাৰণাত প্ৰকৃতি আছিল কেৱল এজন ব্যক্তিত্ব, দেৱী নহয়।
আমেৰিকাৰ খিলঞ্জীয়া জনগোষ্ঠী
এলগনকিয়ান কিংবদন্তি অনুসৰি "ডাৱৰৰ তলত পৃথিৱী-মাতৃ বাস কৰে আৰু ইয়াৰ পৰা জীৱনৰ বাবে পানী উৎপন্ন হয়, আৰু এই পানীয়েই তেওঁৰ বুকুত থকা উদ্ভিদ, জীৱ-জন্তু আৰু মানুহক পানীৰ যোগান ধৰিছে।" (লাৰ'ছ ৪২৮)। ইয়াৰোপৰি প্ৰকৃতি আইক নোকোমিছ (আইতাক) বুলি জনা যায়।
ইনকা পৌৰাণিক কাহিনীত মামা পাচা বা পাচামামা এগৰাকী উৰ্বৰতাৰ দেৱী, তেওঁ ৰোপণ আৰু চপোৱাৰ তদাৰককাৰী। পাচামামাক সাধাৰণতে "মাতৃ পৃথিৱী" বুলি অনুবাদ কৰা হৈছে। কিন্তু অধিক আক্ষৰিক অনুবাদ হ'ব "মাতৃ বিশ্বব্ৰহ্মাণ্ড" (আইমাৰা আৰু কেচুয়া ভাষাত মামা = মাতৃ / পাচা = জগত, স্থান-কাল বা বিশ্বব্ৰহ্মাণ্ড)।২ পাচামামা আৰু তেওঁৰ স্বামী ইণ্টি আটাইতকৈ উপকাৰী দেৱতা। এণ্ডিয়ান পৰ্বতমালাৰ কিছু অংশত (বৰ্তমানৰ ইকুৱেডৰৰ পৰা চিলি আৰু আৰ্জেণ্টিনালৈকে) পূজা কৰা হয়।৩
দক্ষিণ-পূব এছিয়া
মূল ভূখণ্ডৰ দক্ষিণ-পূব এছিয়াৰ দেশ কম্বোডিয়া, লাওছ আৰু থাইলেণ্ডত পৃথিৱীক ফ্ৰা মে থোৰানী হিচাপে ব্যক্তি স্বৰূপ দিয়া হৈছে যদিও বৌদ্ধ পৌৰাণিক কাহিনীত তেওঁৰ ভূমিকা প্ৰকৃতি মাতৃৰ পৰা যথেষ্ট পৃথক। মালয় দ্বীপপুঞ্জত সেই ভূমিকা পূৰণ কৰিছে ইষ্ট ইণ্ডিজৰ দেৱী দ্য ৰাইচ-মাদাৰ শ্ৰীয়ে।
তথ্যসূত্ৰ
- ↑ Palaeolexicon; Word Study Tool of Ancient Languages
- ↑ Lira, Jorge A.; 1944; "Diccionario Kkechuwa - Español; " Tucumán, Argentina
- ↑ Alemán Cleto, Teódula. (2015). Coateteleco, pueblo indígena de pescadores
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰকৃতি আই” প্ৰবন্ধৰ সংশোধন ৩৫৪৪৭৬ (১৭ এপ্ৰিল ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।