বনঝাক্ৰি আৰু বনঝাক্ৰিনী (ইংৰাজী: Banjhakri আৰু Banjhakrini) নেপাল আৰু ভাৰতৰ ছিকিম, দাৰ্জিলিং, আৰু কালিম্পং আদিৰ কিৰাট জনগোষ্ঠীৰ পৰম্পৰাৰ তান্ত্ৰিক দেৱতা। এওঁলোক দুয়ো দম্পতী, আৰু সম্ভৱতঃ একেটা সত্তাৰ ভিন্ন দিশ।১ অৰণ্যৰ অলৌকিক বেজ। নেপালী ভাষাত বন শব্দৰ অৰ্থ "অৰণ্য", ঝাক্ৰিৰ অৰ্থ "তান্ত্ৰিক বা বেজ", আৰু ঝাক্ৰিনীৰ অৰ্থ "মহিলা তান্ত্ৰিক বা বেজ"। বনঝাক্ৰিনী লেমলেমেই নামেৰেও জনা যায়।
বনঝাক্ৰি এজন চুটি, বন্য, বেজালি কাম কৰা ব্যক্তি যি সূৰ্য্যৰ বংশধৰ।১ কাণ দুখন ডাঙৰ আৰু ভৰি দুখন পিছলৈ মূৰ কৰা। দীঘল, জটা চুলিয়ে তেওঁৰ মুখ আৰু হাতৰ তলুৱাৰ বাহিৰে সমগ্ৰ শৰীৰটো ঢাকি ৰাখে,২ আৰু তেওঁ সোণালী ৰঙৰ ধ্যাংৰো বজায়।৩ ধ্যাংৰো হৈছে নেপালী ঝাক্ৰিসকলে বজোৱা এক প্ৰকাৰৰ ঢোল।
বনঝাক্ৰিয়ে বেজ হোৱাৰ সম্ভাৱনা থকা মানৱ সন্তানক বিচাৰি পায়, আৰু তেওঁলোকক প্ৰশিক্ষণৰ বাবে নিজৰ গুহালৈ লৈ যায়। তাত ল’ৰা-ছোৱালীকেইটাক বনঝাক্ৰিনীয়ে গোটে গোটে খাই পেলোৱাৰো আশংকা থাকে। বনঝাক্ৰিনী দেখিবলৈ ভালুক অথৱা মানৱৰূপী, মূৰত দীঘল চুলি, দীঘল ওলমি থকা স্তন আৰু পিছলৈ মূৰ কৰা ভৰি থাকে। সাধাৰণতে বনঝাক্ৰিনীক ৰক্তপিপাসু আৰু নিষ্ঠুৰ বুলি বৰ্ণনা কৰা হয়। বনঝাক্ৰিনীয়ে এখন প্ৰতীকী সোণৰ কাঁচি লৈ ফুৰে।১২
যদিও বনঝাক্ৰিয়ে ল’ৰাক (আৰু কিছুমান কিংবদন্তি অনুসৰি ছোৱালীকো) অপহৰণ কৰে, তথাপিও তেওঁ কু-অভিপ্ৰায়ৰ বাবে তেনে নকৰে। বনঝাক্ৰিনীৰ দীক্ষা লাভ কৰা ল’ৰা-ছোৱালীবোৰক তেওঁ প্ৰশিক্ষণ দিয়ে। যেতিয়া ল’ৰা-ছোৱালীবোৰে বেজালিৰ প্ৰশিক্ষণ লৈ ঘৰলৈ উভতি যায়, তেতিয়া মানুহে প্ৰশিক্ষণ দিয়া বেজবোৰতকৈও অধিক শক্তিশালী হ’ব পাৰে।
য়েটিৰ দৰেই বনঝাক্ৰি আৰু বনঝাক্ৰিনীও কেৱল আত্মাৰ জগতত নহয়, বাস্তৱ জগততো দেখা যায়। অৱশ্যে শক্তিশালী বেজসকলেহে তেওঁলোকক চাব পাৰে। যদিও আমাৰ জগতত দেখা যায়, বনঝাক্ৰি আৰু য়েটি দুয়ো বান্দৰৰ দৰে, য়েটি মানুহতকৈ ওখ, আনহাতে বনঝাক্ৰি মাত্ৰ প্ৰায় ১–১.৫ মিটাৰ (৩–৫ ফুট) ওখ।২
এজন নৃতত্ত্ববিদ হুমায়ুন ছিডকিয়ে বনঝাক্ৰি এজন ছদ্মবেশী (ৰূপ সলনি কৰিব পৰা) বুলি মত প্ৰকাশ কৰিছে; এক মানৱৰূপী প্ৰাণী যি অমানৱীয় প্ৰাণীৰ ৰূপলৈ সলনি হয়।৩৪
কিছুমান কিংবদন্তিত বনঝাক্ৰি আৰু বনঝাক্ৰিনী অসংখ্য বুলি কোৱা হয়। যিকোনো ক্ষেত্ৰতে নেপালৰ বেজসকলে মূল বনঝাক্ৰিক নেপালী তান্ত্ৰিকবাদৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰে। বনঝাক্ৰিক শিক্ষক আৰু অৰণ্যৰ দেৱতা হিচাপে শ্ৰদ্ধা আৰু উদযাপন কৰা হয়।৩
তথ্যসূত্ৰ
- ↑ Pratt, Christina. (2007). An Encyclopedia of Shamanism. Rosen Publishing. পৃ. 54–55. ISBN 978-1-4042-1040-0
- ↑ Peters, L. G. (1997). The 'Calling', the Yeti, and the Ban Jhakri ('Forest Shaman') in Nepalese Shamanism. Journal of Transpersonal Psychology. Association for Transpersonal Psychology. পৃ. 51–52
- ↑ Sidky, Homayun. (2008). Haunted by the Archaic Shaman: Himalayan Jhākris and the Discourse on Shamanism. Lexington Books. পৃ. 150–151. ISBN 9780739126219
- ↑ Dr. Homayun Sidky. www.miamioh.edu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনঝাক্ৰি আৰু বনঝাক্ৰিনী” প্ৰবন্ধৰ সংশোধন ৬২৪১৩৭ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।