ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আয-যুখৰুফ
আয-যুখৰুফ (الزخرف, "সোণৰ অলংকাৰ, বিলাসিতা") হৈছে ইছলাম ধৰ্মৰ মূল ধৰ্মগ্ৰন্থ কোৰআনৰ ৪৩তম অধ্যয় (ছূৰা)। ইয়াৰ ৮৯টা শ্লোক (আয়াত) আছে। ৩৫ নং আয়াত আৰু ৫৩ নং আয়াতত স্বীকৃতি পোৱা সোণৰ অলংকাৰৰ নামেৰে নামকৰণ কৰা এই ছূৰাখন হজৰত মুহাম্মাদ মদিনালৈ প্ৰব্ৰজন কৰাৰ আগৰ দ্বিতীয় মক্কা যুগৰ।
-
আল-আকছা মছজিদ
আল-আকছা ( আৰবী: الأَقْصَى ) বা আল-মছজিদ আল-আকছা ( আৰবী: المسجدالأقصى ) হৈছে জেৰুজালেমৰ পুৰণি চহৰত অৱস্থিত ইছলামৰ তৃতীয় পৱিত্ৰতম মছজিদ। ইয়াক হাৰাম আল-শ্বৰীফ বুলিও কোৱা হয়। বহুতো মছজিদ আৰু প্ৰাৰ্থনা কোঠা, মাদ্ৰাছা, জাৱিয়া, খালৱা আৰু অন্যান্য গম্বুজ আৰু ধৰ্মীয় গঠনৰ লগতে চাৰিটা আগুৰি থকা মিনাৰ।
-
আল-জাছিয়া
আল-জাছিয়া, ( الجاثية, al-jāthiyah; অৰ্থ: 'আঁঠুৰ ওপৰত', 'আঁঠু') পবিত্ৰ কোৰআনৰ ৪৫ নং অধ্যয় (ছূৰা) যাৰ ৩৭টা শ্লোক (আয়াত) আৰু ৪৮৮টা শব্দ আছে। ই এটা মক্কান ছূৰা, ইছলামিক পৰম্পৰা অনুসৰি মুহাম্মদৰ নবীত্বৰ মক্কা পৰ্যায়ত অৱতীৰ্ণ হোৱা বুলি বিশ্বাস কৰা হয়।
-
আল-ফুৰকান
আল-ফুৰকান (الفرقان, ’al-furqān; অৰ্থ: মাপকাঠী) হৈছে কোৰআনৰ ২৫ নং ছূৰা (অধ্যায়) যাৰ ৭৭টা আয়াত আছে। নাম আল-ফুৰকান, বা "মাপকাঠী"য়ে কোৰআনক নিজেই ভাল আৰু বেয়াৰ মাজৰ নিৰ্ণায়ক কাৰক হিচাপে বুজায়। এই ছূৰাটোৰ নাম প্ৰথম আয়াতত থকা শব্দৰ পৰা আল-ফুৰকান ৰাখা হৈছে।
-
আল-লাহাব
আল-লাহাব (ألْمَسَدْ, (ওৰফে "টুইষ্টেড ষ্ট্ৰেণ্ডচ", "দ্য পাম ফাইবাৰ") ইয়াক আল-মাছাদ নামেৰেও জনাজাত কোৰআনৰ ১১১ তম অধ্যায় (ছূৰা) ৫টা শ্লোক (আয়াত) আছে। আবু লাহাবৰ হাত নষ্ট হওক, আৰু ধ্বংস হওক তেওঁ। তেওঁৰ সম্পদে তেওঁক বা যি লাভ কৰিছিল সেইটো লাভ নকৰিব।
-
আলকায়া
আলকায়া (প্ৰাচীন গ্ৰীক: Άλκαίαν, ইংৰাজী: Alcaea) গ্ৰীক শ্ৰুতিকথা অনুসৰি থেছালিনৰ ৰাজকুমাৰী আছিল৷ তেওঁ লেপিথৰ ৰজা হাইপচিয়াছ আৰু নাইয়াড ক্লিডানোপৰ কন্যা।
-
আলহামদুলিল্লাহ
আলহামদুলিল্লাহ (আৰবী الهمدليلهي, আল-হামদু লিল্লাহ) হৈছে এটা আৰবী বাক্যাংশ যাৰ অৰ্থ হৈছে "ঈশ্বৰৰ প্ৰশংসা", কেতিয়াবা "ঈশ্বৰক ধন্যবাদ" বা "আল্লাহক ধন্যবাদ" বুলি অনুবাদ কৰা হয়। এই বাক্যাংশটোক তাহমিদ (আৰবীঃ تهميد') বুলি কোৱা হয়।
-
আস্তিয়াগিয়া
আস্তিয়াগিয়া (প্ৰাচীন গ্ৰীক: Ἀστυάγυια, ইংৰাজী: Astyaguia বা Astyagyia) গ্ৰীক শ্ৰুতিকথা অনুসৰি থেছালিনৰ ৰাজকুমাৰী আছিল৷ তেওঁ লেপিথৰ ৰজা হাইপচিয়াছ আৰু নাইয়াড ক্লিডানোপৰ কন্যা।
-
আৰ-ৰুম
আৰ-ৰুম (الروم) হৈছে কোৰআনৰ ৩০তম অধ্যয় (ছূৰা), য’ত ৬০টা শ্লোক (আয়াত) আছে। ৰুম শব্দটোৰ উৎপত্তি ৰোমান শব্দৰ পৰা হৈছিল আৰু ইছলামিক নবী মুহাম্মাদৰ সময়ত ই পূব ৰোমান সাম্ৰাজ্যক বুজাইছিল; শিৰোনামটোক কেতিয়াবা "গ্ৰীক" বা "বাইজেণ্টাইন" বুলিও অনুবাদ কৰা হয়।
-
ইউনিকৰ্ণ
ইউনিকৰ্ণ হৈছে এবিধ কিংবদন্তিমূলক জীৱ। প্ৰাচীন কালৰ পৰাই পোৱা বৰ্ণনা মতে ই হৈছে কপালৰ মাজ অংশত এটা ডাঙৰ, জোঙা, আৰু সৰ্পিল আকৃতিৰ শিং ওলাই থকা এবিধ জন্তু।
-
ইউফ্ৰ’চাইন
ইউফ্ৰ’চাইন (/juːˈfrɒzɪniː/, ইংৰাজী: Euphrosyne, প্ৰাচীন গ্ৰীক: Εὐφροσύνη) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত চাৰিটেছসকলৰ অন্তৰ্গত এগৰাকী অন্যতম দেৱী৷ ৰোমান পৌৰাণিক কাহিনীত এওঁলোকক গ্ৰেচ বুলি জনা যায়।
-
ইছলামিক সন্ত্ৰাসবাদ
ইছলামিক সন্ত্ৰাসবাদ হৈছে এক ধৰণৰ ধৰ্মীয় সন্ত্ৰাসবাদ, যি ধৰ্মৰ নামত বিভিন্ন উদ্দেশ্য অৰ্জন কৰিবলৈ কোনো ব্যক্তি বা গোষ্ঠীৰ দ্বাৰা চৰ্চা কৰা হয়। এওঁলোকে গণহত্যা, আত্মঘাতী বোমা বিস্ফোৰণ, সাধাৰণ মানুহক হত্যা প্ৰভৃতি হিংস্ৰ কাম-কাজৰ মাধ্যমৰে সন্ত্ৰাসবাদী কৰ্মকাণ্ড কৰি থাকে।
-
ইলেক্ট্ৰা
ইলেক্ট্ৰা (/əˈlɛktrə/; ইংৰাজী: Electra) ট্ৰেজেডীৰ অন্যতম জনপ্ৰিয় পৌৰাণিক চৰিত্ৰ। ইলেক্ট্ৰা হৈছে ছফ'ক্লেছৰ ইলেক্ট্ৰা আৰু ইউৰিপিডিছৰ ইলেক্ট্ৰা নামৰ দুখন গ্ৰীক ট্ৰেজেডীৰ মূল চৰিত্ৰ।
-
এগলিয়া (গ্ৰেচ)
এগ্লাইয়া (/əˈɡlaɪə/, ইংৰাজী: Aglaia বা Aglaïa) বা এগলিয়া (/əˈɡliːə/, ইংৰাজী: Aglaea) (প্ৰাচীন গ্ৰীক: Ἀγλαΐα, আক্ষৰিক অৰ্থ: 'উৎসৱৰ উজ্জ্বল') গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত চাৰিটেছসকলৰ অন্তৰ্গত এগৰাকী অন্যতম দেৱী৷ ৰোমান পৌৰাণিক কাহিনীত এওঁলোকক গ্ৰেচ বুলি জনা যায়।
-
ঔৰ্ব
ঔৰ্ব হিন্দু ধৰ্মৰ এজন উগ্ৰ ঋষি, ভাৰ্গৱ গোত্ৰৰ সদস্য। ক্ষত্ৰিয় আৰু ভৃগু বা ভাৰ্গৱ বংশৰ মাজত হোৱা ৰক্তাক্ত কাজিয়াৰ সময়ত তেওঁৰ জন্ম হৈছিল। তেওঁ বৎসৰো ককাক, যাৰ নামেৰে শ্ৰীবৎস গোত্ৰৰ নামকৰণ কৰা হৈছে। বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ ককাদেউতাক ঋষিক তেওঁৰ পুত্ৰ আছিল।
-
কণ্ণগি
কণ্ণগি বা কণ্ণকি (Kannagi/Kannaki) তামিল মহাকাব্য শিলাপ্পটিকৰমৰ কেন্দ্ৰীয় চৰিত্ৰ। শিলাপ্পটিকৰমত কণ্ণগিক এগৰাকী পৱিত্ৰ নাৰী হিচাপে বৰ্ণনা কৰা হৈছে। নিজৰ গিৰীয়েকৰ আনুগত্যহীনতাৰ কথা জানিও কণ্ণগিয়ে কিদৰে গিৰীয়েকৰ সৈতে থাকিবলৈ লয়, নিজৰ সৰ্বস্ব হেৰুওৱা অনুতপ্ত গিৰীয়েকৰ স'তে কিদৰে নিজৰ বৈবাহিক জীৱন…
-
কমণ্ডলু
কমণ্ডলু (कमण्डलु) ), কমণ্ডল বা কমণ্ডলম হৈছে এক ডিম্বাকাৰ পানীৰ পাত্ৰ। এই পাত্ৰৰ মূল হৈছে ভাৰতীয় উপমহাদেশ। শুকান ৰঙালাও বা নাৰিকলৰ খোলা, ধাতু, কমণ্ডলতৰু গছৰ কাঠ, বা মাটিৰ সহায়ত সাধাৰণতে হেণ্ডেল আৰু পানী ওলাই আহিব পৰা এডাল নলী সহ নিৰ্মিত।
-
কামাখ্যা দেৱী
কামাখ্যা অথৱা কামাক্ষা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। তেওঁৰ আবাস হৈছে নীলাচল পাহাৰ। তেওঁক সিদ্ধ কব্জিকা হিচাপে পূজা কৰা হয়। তেওঁক কালী বা মহা ত্ৰিপুৰা সুন্দৰী হিচাপেও চিহ্নিত কৰা হয় কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ দেৱী কামাখ্যাৰ পূজাৰ মূল আধাৰ। কামৰূপ জিলাত কামাখ্যা দেৱীৰ মন্দিৰ আছে।
-
কালযৱন
কালযৱন (कालयवन) হিন্দু ধৰ্মৰ এজন ৰজা। তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ বিৰুদ্ধে ৩ কোটি যৱনৰ সৈন্যবাহিনীৰে মথুৰা আক্ৰমণ কৰা বুলি কোৱা হয়।
-
কালান্তক
কালান্তক হিন্দু দেৱতা শিৱৰ এটা ৰূপ। সময় আৰু নিয়তিৰ বিজয়ী হিচাপে, দেৱতা যমৰ বৈশিষ্ট্য আৰোপ কৰা হৈছে। কালান্তকে নিজৰ ভক্ত মাৰ্কণ্ডেয়ক মৃত্যুৰ দেৱতা যমৰ কবলৰ পৰা ৰক্ষা কৰে। তেওঁক বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মৰ মহামৃত্যুঞ্জয় মন্ত্ৰৰ আনুগত্য আৰু উৎপত্তিৰ দেৱতা হিচাপে গণ্য কৰা হয়।
-
কিৰাট মুন্ধুম
কিৰাট মুন্ধুম, ( किरात मुन्धुम) যাক কিৰাটিজম বা কিৰাটি মুন্ধুম বুলিও কোৱা হয়, নেপাল, দাৰ্জিলিং আৰু ছিকিমৰ কিৰাটি জনগোষ্ঠীৰ এক পৰম্পৰাগত বিশ্বাস, যিটো উত্তৰ-পূব ভাৰত উপমহাদেশৰ লিম্বু, যাক্ষা, সুনুৱাৰ, ৰায়, ধিমল আৰু হায়ু জনগোষ্ঠীসমূহে প্ৰধানকৈ পালন কৰে।
-
কীচক
কীচক মহাভাৰতৰ এটা চৰিত্ৰ। মৎস্য ৰাজ্যত ৰজা বিৰাটৰ সেনাবাহিনীৰ প্ৰধান সেনাপতি হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কেকয় আৰু মালৱীৰ ৰজা সূতৰ পুত্ৰ, যাৰ উপ-কীচক নামেৰে জনাজাত ১০৫ জন কনিষ্ঠ ভাতৃ আছিল। তেওঁৰ ভগ্নী সুদেষ্ণাৰ ৰজা বিৰাটৰ লগত বিবাহ হৈছিল আৰু বিয়াৰ পিছত কীচকে বিৰাটৰ ৰাজপ্ৰসাদত বাস কৰিছিল।
-
কুৰুৱাবাহী সত্ৰ
কুৰুৱাবাহী সত্ৰ চাৰিখন ৰাজসত্ৰৰ ভিতৰত চতুৰ্থ শাৰীৰ সত্ৰ। বৰ্তমান গোলাঘাট জিলাৰ বোকাখাতৰ নামদৈয়াং মৌজাত ব্ৰহ্মপুত্ৰৰ ধনশিৰিমুখৰ বৰচাপৰিত এই ৰাজসত্ৰখন অৱস্থিত। স্থাপনৰ সময়ত ওচৰৰে এজোপা শিমলু গছত কুৰুৱা চৰাইৰ বাঁহ থকা বাবে নাম হ’ল কুৰুৱাবাহী সত্ৰ।
-
গব্লিন
গব্লিন (ইংৰাজী: goblin) হৈছে একাধিক ইউৰোপীয় সংস্কৃতিৰ লোককথাৰ অন্তৰ্গত একপ্ৰকাৰৰ সৰু, বিচিত্ৰ, দানৱীয় জীৱ। মধ্যযুগীয় কাহিনীসমূহত প্ৰথমে গব্লিনক দেখা পোৱা গৈছিল।
-
গৰখীয়া দ'ল
গৰখীয়া দ'ল বা গৰখীয়া দৌল, যোৰহাট নগৰৰ উত্তৰে প্ৰায় পাঁচ কিলোমিটাৰ আঁতৰৰ বালিগাঁৱত অৱস্থিত এখন প্ৰাচীন দেৱালয়। অসম বুৰঞ্জীত ইয়াৰ উল্লেখ নাই যদিও এই দ'ল জাগ্ৰত বুলি জনবিশ্বাস আছে। গৰখীয়া দ'লৰ নামঘৰ আৰু মণিকূট থকাটো উল্লেখযোগ্য। ইয়াত থকা উঁই-হাফলুৰ দ'লটো চৈধ্য-পোন্ধৰফুটমান ওখ।
-
চক্ৰবেহু
পদ্মবেহু (पद्मव्यूह) বা চক্ৰবেহু (चक्रव्यूह) হৈছে শত্ৰুসকলক আগুৰি ধৰিবলৈ ব্যৱহৃত এক সামৰিক গঠন। হিন্দু মহাকাব্য মহাভাৰতত এনে বেহুৰ বিষয়ে উল্লেখ পোৱা গৈছে। এই গঠন একাধিক প্ৰতিৰক্ষামূলক দেৱালৰ গোলকধাৰাৰ দৰে।
-
চন্দ্ৰবংশ
চন্দ্ৰ বংশ হৈছে চন্দ্ৰ বা সোম (হিন্দু চন্দ্ৰ দেৱতা)ৰ বংশধৰ বুলি দাবী কৰা বংশ। শতপথ ব্ৰাহ্মণৰ মতে পুৰুৰৱা বুঢ়া (নিজকে প্ৰায়ে সোমৰ পুত্ৰ বুলি বৰ্ণনা কৰা হয়) আৰু লিংগ পৰিৱৰ্তনকাৰী দেৱতা ইলা (মনুৰ কন্যা হিচাপে জন্ম)ৰ পুত্ৰ আছিল।
-
চিহ্ন-যাত্ৰা
চিহ্ন-যাত্ৰা গুৰু-চৰিত কথামতে জ্ঞাত শংকৰদেৱৰ দ্বাৰা ৰচিত এখনি নাট৷ নাটখনি অৱশ্যে এতিয়াও উদ্ধাৰ হোৱা নাই৷ তুলাপাতত সপ্ত বৈকুণ্ঠৰ চিত্ৰ আঁকি দেখুওৱাৰ পিছত ভক্ত-ৰাইজৰ আগ্ৰহত তেওঁ সেই চিত্ৰৰ কাহিনী অভিনয় কৰি দেখুৱাইছিল৷ চিহ্নমতে অভিনয় কৰিছিল বাবেই নাটখনিৰ নাম চিহ্নযাত্ৰা৷
-
চেইণ্ট ছফিয়া কেথেড্ৰেল, কিয়েভ
চেইণ্ট ছফিয়া কেথেড্ৰেল (Saint Sophia Cathedral, Kyiv, Sofiiskyi sobor বা Софія Київська, Sofiia Kyivska) হৈছে ইউক্ৰেইনৰ কিয়েভত অৱস্থিত কিয়েভান ৰুছৰ এক স্থাপত্য স্মাৰক। এই প্ৰাক্তন কেথেড্ৰেলখন চহৰখনৰ আটাইতকৈ বিখ্যাত কৃতিচিহ্নসমূহৰ ভিতৰত অন্যতম।
-
জ্ঞানতত্ত্ব
জ্ঞানতত্ত্ব (ইংৰাজী: Epistemology) হৈছে দৰ্শনৰ শাখা যিয়ে জ্ঞানৰ প্ৰকৃতি, উৎপত্তি আৰু সীমা পৰীক্ষা কৰে, যাক "জ্ঞানৰ তত্ত্ব" বুলিও কোৱা হয়, ই বিভিন্ন ধৰণৰ জ্ঞানৰ অন্বেষণ কৰে, যেনে তথ্যৰ বিষয়ে প্ৰস্তাৱনামূলক জ্ঞান, দক্ষতাৰ ৰূপত ব্যৱহাৰিক জ্ঞান, আৰু অভিজ্ঞতাৰ জৰিয়তে পৰিচিতি হিচাপে চিনাকিৰ দ্বাৰা…