অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

এগলিয়া (গ্ৰেচ)

এগ্লাইয়া (/əˈɡlaɪə/, ইংৰাজী: Aglaia বা Aglaïa) বা এগলিয়া (/əˈɡliːə/, ইংৰাজী: Aglaea) (প্ৰাচীন গ্ৰীক: Ἀγλαΐα, আক্ষৰিক অৰ্থ: 'উৎসৱৰ উজ্জ্বল') গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত চাৰিটেছসকলৰ অন্তৰ্গত এগৰাকী অন্যতম দেৱী৷ ৰোমান পৌৰাণিক কাহিনীত এওঁলোকক গ্ৰেচ বুলি জনা যায়।

হালনাগাদ: ১৪ মাৰ্চ ২০২৫ ৪৯৬ শব্দ · ৩ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

এগ্লাইয়া (/əˈɡlaɪə/, ইংৰাজী: Aglaia বা Aglaïa) বা এগলিয়া (/əˈɡliːə/, ইংৰাজী: Aglaea) (প্ৰাচীন গ্ৰীক: Ἀγλαΐα, আক্ষৰিক অৰ্থ: 'উৎসৱৰ উজ্জ্বল'১) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত চাৰিটেছসকলৰ অন্তৰ্গত এগৰাকী অন্যতম দেৱী৷ ৰোমান পৌৰাণিক কাহিনীত এওঁলোকক গ্ৰেচ বুলি জনা যায়।

পৰিয়াল

হেচিয়ড আৰু অন্যান্য সূত্ৰৰ মতে এগলিয়া, ইউফ্ৰ’চাইন আৰু থেলিয়াৰ সৈতে তিনি গৰাকী চাৰিটেছৰ ভিতৰত অন্যতম আছিল৷ তেওঁলোক জ্যুচ আৰু সাগৰ দেৱী ইউৰিনমৰ কন্যা আছিল।২৩৪৫ আন কিছুমান সূত্ৰত একে তিনিজন চাৰিটেছ নাম (আগলিয়া, ইউফ্ৰ’চিন আৰু থালিয়া) উল্লেখ কৰা হৈছে যদিও তেওঁলোকৰ পিতৃ-মাতৃৰ নাম একে নহয়। অৰ্ফিক হিমন টু দ্য গ্ৰেচেছত কোৱা হৈছে যে তেওঁলোক জ্যুছ আৰু সুশৃংখলা আৰু বৈধ আচৰণৰ দেৱী ইউনোমিয়াৰ কন্যা,৬ আৰু পিণ্ডাৰে তেওঁলোকৰ মাকৰ নাম উল্লেখ নকৰাকৈয়ে কয় যে তেওঁলোক আটাইতকৈ শক্তিশালী দেৱতাৰ (অৰ্থাৎ জিউছ) কন্যা।৭ হেচিয়ডে লগতে উল্লেখ কৰিছে যে অগ্লাইয়া চাৰিটেছসকলৰ ভিতৰত আটাইতকৈ সৰু।৮১৪৯১০

ডাইঅ'নিচিয়াকাৰ মতে, এফ্ৰোডাইটিৰ ওচৰত শিক্ষা গ্ৰহণ কৰা কৰা পাচিথিয়া আৰু পেইথোৰ সৈতে এগলিয়া "অৰ্কোমেনাছৰ নৃত্যশিল্পী"সকলৰ ভিতৰত অন্যতম আছিল। যেতিয়া এফ্ৰোডাইটিয়ে ঈৰ্ষাৰে এথেনাতকৈ ভাল কাপোৰ ববলৈ চেষ্টা কৰে, তেতিয়া চাৰিটেছসকলে সহায় কৰিছিল আৰু এগলিয়াই তেওঁক সূতাবোৰ আগবঢ়াই দিছিল।১১ এগলিয়াই এফ্ৰোডাইটিৰ দূত হিচাপেও কাম কৰিছিল, আৰু ইৰ'ছক বিচাৰি উলিয়াই বাৰ্তা আনিবলৈ গৈছিল৷ ইৰ'ছ এফ্ৰোডাইটিৰ ওচৰলৈ বহুত বেছি দ্ৰুততাৰে উভতি আহিছিল কাৰণ তেওঁ উৰিব পাৰে আনহাতে এগলিয়াই উৰিব নোৱাৰে। ইয়াত এগলিয়াক চাৰিছ (চাৰিটেছৰ একবচন) বুলি কোৱা হৈছে, কিন্তু এই গোটৰ অন্তৰ্ভুক্ত নোহোৱা অন্য চৰিত্ৰবোৰকো চাৰিছ বুলি কোৱা হৈছে।১২

হেচিয়ডে কয় যে এগলিয়া হেফেষ্টাছৰ সৈতে বিবাহিত হৈছিল।৮ (এইটো প্ৰায়ে এফ্ৰোডাইটিৰ সৈতে তেওঁৰ বিবাহ বিচ্ছেদৰ পিছত বুলি ধৰা হয়।) অট্টো কেৰ্নে সংকলিত অৰ্ফিক ফ্ৰেগমেণ্টত কোৱা হৈছে যে হেফেষ্টাছৰ দ্বাৰা এগলিয়াৰ ইউক্লিয়া (Eucleia), ইউফেম (Eupheme), ইউথেনিয়া (Euthenia), আৰু ফিল'ফ্ৰ'চিন (Philophrosyne)ৰ নামৰ চাৰিজন সন্তানৰ জন্ম হৈছিল।১৩ ইলিয়াড আৰু ডাইঅ'নিচিয়াকাই হেফেষ্টাছৰ পত্নীক চাৰিছ বুলি উল্লেখ কৰিছে,১৪১৫ আৰু কিছুমান পণ্ডিতে এই সিদ্ধান্তত উপনীত হৈছে যে এই উল্লেখসমূহে এগলিয়াকে বুজায়।৪

তথ্য সংগ্ৰহ

তথ্যসূত্ৰ

  1. ↑ Brill's New Pauly, s.v. Aglaea (1)
  2. ↑ Hesiod, Theogony 907
  3. ↑ Apollodorus, 1.3.1
  4. ↑ Bell, s.v. Aglaia (1), p. 15
  5. ↑ Brill's New Pauly, s.v. Charites (Graces)
  6. ↑ Orphic Hymn (60), 2–3
  7. ↑ Pindar, Olympian Ode 14.1–20
  8. ↑ Hesiod, Theogony 945
  9. ↑ Hard, pp. 167, 208
  10. ↑ Smith, s.v. Charis
  11. ↑ Nonnus, Dionysiaca 24.254 ff.
  12. ↑ Nonnus, Dionysiaca 33.51 ff.
  13. ↑ Orphic fr. 182 Kern, p. 213
  14. ↑ হোমাৰ, Iliad 18.382–385
  15. ↑ Nonnus, Dionysiaca 29.317

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এগলিয়া (গ্ৰেচ)” প্ৰবন্ধৰ সংশোধন ৪৯১৬৬৮ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।