গব্লিন (ইংৰাজী: goblin) হৈছে একাধিক ইউৰোপীয় সংস্কৃতিৰ লোককথাৰ অন্তৰ্গত একপ্ৰকাৰৰ সৰু, বিচিত্ৰ, দানৱীয় জীৱ। মধ্যযুগীয় কাহিনীসমূহত প্ৰথমে গব্লিনক দেখা পোৱা গৈছিল। বিভিন্ন দেশৰ কাহিনীত গব্লিনৰ ভিন্ন ক্ষমতা, স্বভাৱ আৰু চেহেৰাৰ আৰোপ কৰি উপস্থাপন কৰা হৈছে, কিছুমানত দুষ্ট ঘৰুৱা আত্মা হিচাপে আৰু অন্য কিছুমানত দুৰ্নীতিপৰায়ণ, পশু চোৰ হিচাপে দেখুওৱা হৈছে।১২ পৰী বা দানৱৰ দৰেই গব্লিনৰো যাদুকৰী ক্ষমতা থাকে, যেনে আকৃতি সলনি কৰাৰ ক্ষমতা।২
ব্ৰাউনি (brownies), বাওনা (dwarves), ডুয়েণ্ডেছ (duendes), গ্নোম (gnomes), ইম্পছ (imps), লেপ্ৰেচাউন (leprechauns) আৰু কোবল্ড (kobolds) আদি হৈছে গব্লিনৰ দৰে একেধৰণৰ জীৱ, কিন্তু সাধাৰণতে সকলো ক্ষুদ্ৰ, পৰীসদৃশ জীৱৰ বাবে গব্লিন শব্দটো ব্যৱহাৰ কৰা হয়।২ এই শব্দটো কেতিয়াবা অন্য সংস্কৃতিৰ অন্তৰ্ভুক্ত পুকউডগী (pukwudgie), ডক্কাবি (dokkaebi) বা ইফ্ৰিট (ifrit) আদি গব্লিনসদৃশ জীৱক বুজাবলৈও ব্যৱহাৰ কৰা হয়।২
ব্যুৎপত্তি
গব্লিনৰ কিছুমান বিকল্প বানান হৈছে gobblin, gobeline, gobling, goblyn, goblino, আৰু gobbelin আদি। “গব্লেট” (goblette) শব্দটো মাইকী গব্লিনক বুজাবলৈ ব্যৱহাৰ কৰা হয়।৩৪
গব্লিন শব্দটো প্ৰথমবাৰৰ বাবে ১৪ শতিকাত লিপিবদ্ধ কৰা হৈছিল আৰু সম্ভৱতঃ এংলো-নৰ্মান গোবেলিন,৫ (gobelin) শব্দৰ পৰা আহিছে। এই শব্দটো পুৰণি ফৰাচী গ'বেলিন (gobelin) শব্দটোৰ সৈতে সাদৃশ্য আছে, যিটো আছিল নৰ্মাণ্ডীৰ এভ্ৰেক্স (Évreux)ত চয়তান বা ডেমনক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।
লোককথা

ইউৰোপীয় লোককথা
ইংৰাজী, স্কটিছ আৰু আইৰিছ লোককথাত সাধাৰণতে সকলো ধৰণৰ দুষ্ট বা অপকাৰী আত্মাক বুজাবলৈ গব্লিন শব্দটো ব্যৱহাৰ কৰা হয়। স্কটলেণ্ডৰ সীমান্তৰ লোককথাত ‘ৰেডকেপ’ (redcap) নামৰ মানুহৰ তেজৰ ৰঙেৰে ৰং কৰা টুপী পৰিধান কৰা এক প্ৰকাৰৰ গব্লিনৰ বৰ্ণনা পোৱা যায়। ইংৰাজী, স্কটিছ আৰু পিলগ্ৰিম লোককথা আৰু সাহিত্যত ‘হবগব্লিন’ (Hobgoblins) নামৰ এক প্ৰকাৰৰ বন্ধুত্বপূৰ্ণ ট্ৰিকষ্টাৰ গব্লিনৰ বিষয়েও পোৱা যায়।২ সেইদৰে ‘আৰ্লকিং’ (Erlking) হৈছে জাৰ্মান কিংবদন্তিৰ এজন কুৎসিত গব্লিন। আনহাতে ‘ট্ৰাছগু’ (trasgu) হৈছে কেলটিক আৰু ৰোমান মূলৰ উত্তৰ স্পেনিছ আৰু উত্তৰ পৰ্তুগীজ লোককথাৰ গেবলিন সদৃশ পৌৰাণিক জীৱ।
আন সংস্কৃতিৰ গব্লিন সদৃশ জীৱ
পুকউডগি (pukwudgie) হৈছে লোককথাত পোৱা এক প্ৰকাৰৰ গব্লিন সদৃশ জীৱ। ক্যুচুয়ান লোককথাত এণ্ডিজ পৰ্বতৰ গুহাত বাস কৰা মুকি (muki) নামৰ এটা শেঁতা বৰণীয়া গব্লিনৰ বিৱৰণ পোৱা যায়। দক্ষিণ কোৰিয়াৰ লোককথাত ডক্কাবি (dokkaebi) নামেৰে জনাজাত এটা গব্লিনৰ তথ্য পোৱা যায়। এই গব্লিনটোৱে ভাল মানুহক পুৰষ্কাৰ প্ৰদান কৰে আৰু বেয়া সকলক শাস্তি দিয়ে।২ বাংলাদেশত চাঁওতালি লোককথাত ‘গুদ্ৰবঙ্গা’ (gudrobonga) নামৰ এক কিংবদন্তিক বিশ্বাস কৰা হয়, এই জীৱটোৰ গব্লিনৰ লগত বহুত মিল দেখা পোৱা যায়। দক্ষিণ আফ্ৰিকাৰ পৌৰাণিক কাহিনীত পোৱা ‘টোকোলোছে’ (tokoloshe) হৈছে গব্লিনৰ সৈতে মিল থকা এবিধ বাওনা সদৃশ জীৱ। গব্লিনক কেতিয়াবা ইছলামিক সংস্কৃতিৰ জিন, বিশেষকৈ ইফ্ৰিট আৰু ঘিলানৰ সৈতে সংমিশ্ৰিত কৰা হয়।৬
কল্পকাহিনী
সাধুকথা আৰু লোককথা
গব্লিন সম্পৰ্কীয় অনেক কাহিনী সাধুকথা আৰু লোককথাত পোৱা যায়। ফৰাচী সাধুকথা “দ্য গ্ৰে ফেয়াৰী বুক”ত “দ্য গব্লিন পনি” নামৰ গব্লিন সম্পৰ্কীয় সাধুকথা পোৱা যায়। “দ্য বেনেভলেণ্ট গব্লিন” হৈছে ইংলেণ্ড “গেষ্টা ৰোমানোৰাম”ৰ অন্তৰ্গত এটা কাহিনী[18] এনে বিভিন্ন সাধুকথাৰ চৰিত্ৰ হিচাপে গব্লিন দেখা পোৱা যায়। "দ্য গব্লিনছ এট দ্য বাথ হাউচ", "দ্য গব্লিনছ টাৰ্ণড টু ষ্টোন", “কিং গব” আদি হৈছে এনে কিছুমান সাধুকথা। ছুইডেনৰ সাধুকথা “দ্য ফোৰ বিগ ট্ৰ'লছ এণ্ড লিটল পিটাৰ পেষ্টুৰমেন” আৰু “ডেগ, এণ্ড ডাগা এণ্ড দ্য ফ্লাইং ট্ৰল অৱ স্কাই মাউণ্টেন”ত গব্লিনক বিষয়ে পোৱা যায়। ফৰাচী সাধুকথা “দ্য গোল্ডেন ব্ৰাঞ্চ”, জাপানী সাধুকথা “দ্য গব্লিন অৱ আদাচিগাহাৰা” আৰু “দ্য বয় হু ড্ৰ’য়িং এ কেট”, ভাৰতীয় সাধুকথা “টুৱেনটি-টু গব্লিনছ”, কোৰিয়ান ওমলা পদ্য “মাউণ্টেন গব্লিন” আদিত গব্লিন সম্পৰ্কীয় কাহিনী পোৱা যায়।
আধুনিক কল্পকাহিনী
জে. আৰ. আৰ. টকিনৰ “দ্য হবিট” (The Hobbit) চলচ্চিত্ৰত “মিষ্টি মাউণ্টেন”ত বাস কৰা দুষ্ট জীৱবোৰক গব্লিন বুলি উল্লেখ কৰা হৈছে। “দ্য লৰ্ড অৱ দ্য ৰিংছ” (The Lord of the Rings) বোলছবিত একেধৰণৰ জীৱবোৰক প্ৰধানকৈ অৰ্ক (orcs) বুলি কোৱা হৈছে। “গ্ৰীণ গব্লিন” হৈছে “স্পাইডাৰ-মেন”ৰ অন্যতম প্ৰধান শত্ৰু হিচাপে পৰিচিত এজন ছুপাৰভিলেইন, তেওঁ "গব্লিন ফৰ্মুলা" নামেৰে এবিধ পদাৰ্থ তৈয়াৰ কৰি শাৰিৰীক শক্তি, স্থায়িত্ব, চঞ্চলতা আৰু অতিমানৱীয় শক্তি আদি বিভিন্ন ক্ষমতা বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰিছিল।
তথ্যসূত্ৰ
- ↑ Edwards, Gillian. (1974). Hobgoblin and Sweet Puck: Fairy names and natures. Geoffrey Bles. ISBN 9780713807103
- ↑ Shaijan, Annliya. (2019-03-27). Goblin Mythology: A Brief Study of the Archetype, Tracing the Explications in English Literature. Global Journal of Human-Social Science Research
- ↑ Anthony, Piers. (1992). ((The Color of Her Panties))
- ↑ Porter, Jesse. (28 September 2015). Goblin. The Adventures of Puss in Boots
- ↑ Hoad, p. 196
- ↑ Promey, Sally M. (2014) Sensational Religion: Sensory Cultures in Material Practice. Yale University Press. pp. 99–100
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গব্লিন” প্ৰবন্ধৰ সংশোধন ৬২১১৬৬ (২৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।