ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লুকমান (ছূৰা)
লুকমান (لقمان) হৈছে পবিত্ৰ কোৰআনৰ ৩১তম ছূৰা য’ত ৩৪টা আয়াত আছে। ৩৪টা আয়াতৰে গঠিত আৰু ইয়াৰ শিৰোনাম লুকমানৰ উল্লেখ আৰু ১২–১৯ আয়াতত তেওঁৰ পুত্ৰক দিয়া পৰামৰ্শৰ পৰা লোৱা হৈছে।
-
শৈলপুত্ৰী
শৈলপুত্ৰী (शैलपुत्री) হৈছে হিন্দু দেৱী দুৰ্গাৰে এক ৰূপ। শৈলপুত্ৰীৰ আক্ষৰিক অৰ্থ হৈছে পৰ্বতৰ জীয়ৰী। তেওঁক সতী, ভৱানী, পাৰ্বতী বা হেমৱতী নামেৰেও জনা যায়। তেওঁক প্ৰকৃতিৰ পৰম স্বৰূপ হিচাপে গণ্য কৰা হয়।
-
সংসাৰ (বৌদ্ধ ধৰ্ম)
বৌদ্ধ ধৰ্ম আৰু হিন্দু ধৰ্মত সংসাৰ (संसार, saṃsāra) হৈছে জন্ম, স্বাভাৱিক অস্তিত্ব আৰু মৃত্যুৰ অন্তহীন চক্ৰ। সংসাৰক দুঃখ জ্ঞান কৰা হয়: ই কষ্টকৰ, অবহনক্ষম আৰু দুখদায়ক। ই টান আৰু অবিদ্যাৰ ফলত হোৱা কৰ্মৰ দ্বাৰা বৰ্তি থাকে। সংসাৰত পুনৰ্জন্ম মানুহৰ ৰূপতেই হ'ব বুলি কোনো নিশ্চিতি নাই।
-
সাৰদা দেৱী
সাৰদা দেৱী (Sarada Devi; ২২ ডিচেম্বৰ ১৮৫৩- ২০ জুলাই ১৯২০) আছিল ঊনৈশ শতিকাৰ বিশিষ্ট বঙালী ধৰ্মগুৰু ৰামকৃষ্ণ পৰমহংসৰ পত্নী, সাধনসঙ্গিনী আৰু ৰামকৃষ্ণ মঠ আৰু মিছনৰ সংঘজননী। ভক্তসকলে তেওঁক শ্ৰীশ্ৰী মা নামেৰে সম্বোধন কৰে।
-
সোমনাথ মন্দিৰ
সোমনাথ মন্দিৰ ভাৰতৰ পশ্চিম প্ৰান্তৰ সমুদ্ৰতীৰত গুজৰাট ৰাজ্যত অৱস্থিত এটি পবিত্ৰ তীৰ্থস্থান। সমগ্ৰ ভাৰতৰ বিভিন্ন স্থানত অৱস্থিত ভগৱান শিৱৰ বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত সোমনাথৰ স্থান প্ৰথম বুলি শিৱৰ আৰাধক সকলে গণ্য কৰে। বৰ্তমান সোমনাথ মন্দিৰ গুজৰাটৰ অন্যতম পৰ্যটনস্থলী।
-
হনুমান চালিছা
হনুমান চালিছা হৈছে ভগৱান হনুমানৰ প্ৰশংসাত ৰচিত হিন্দু ধৰ্মৰ এক ভক্তিমূলক স্তোত্ৰ। লাখ লাখ হিন্দু ধৰ্মাৱলম্বী লোকে জনপ্ৰিয়ভাৱে প্ৰতিদিনে ইয়াৰ আবৃত্তি কৰে।
-
হয়গ্ৰীৱ
হয়গ্ৰীৱ (সংস্কৃত-हयग्रीव) হিন্দু দেৱতা, বিষ্ণুৰ ঘোঁৰা মূৰৰ অৱতাৰ। এই অৱতাৰৰ উদ্দেশ্য আছিল হয়গ্ৰীৱ (কাশ্যপ আৰু দনুৰ বংশধৰ) নামৰ এজন দানৱক বধ কৰা, যাৰ মূৰটো ঘোঁৰাৰ মূৰ আৰু শৰীৰটো মানুহৰ আছিল।
-
হলাহল
হলাহল (हलाहल) বা কালকুট (कालकूटं, আক্ষৰিক অৰ্থত: 'ক'লা ভৰ' বা 'সময়ৰ প্ৰহেলিকা') হিন্দু আখ্যানসমূহত উল্লেখ থকা এবিধ বিষৰ নাম। অমৃত লাভৰ উদ্দেশ্যে দেৱতা আৰু অসুৰে লগ হৈ সমুদ্ৰ মন্থন কৰাত ক্ষীৰ মহাসাগৰৰ পৰা ইয়াৰ সৃষ্টি হৈছিল।
-
হলেশ্বৰ দেৱালয়
হলেশ্বৰ দেৱালয় শোণিতপুৰ জিলাত অৱস্থিত অসমৰ অন্যতম এক শিৱ উপাসনাৰ থলী। তেজপুৰ চহৰৰ পৰা প্ৰায় ১০ কিল’মিটাৰ উত্তৰে গৰৈমাৰীৰ সমীপত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে হলেশ্বৰ দেৱালয় অৱস্থিত। মন্দিৰটোৰ নামেৰেই ঠাইখনৰ নামো ‘নিজ হলেশ্বৰ’ হৈছে। মূল শিৱ মন্দিৰৰ লগতে আটকধুনীয়া মণিকূটেৰে এক নামঘৰো আছে।
-
হিন্দু শ্ৰুতিকথা
হিন্দু শ্ৰুতিকথা (ইংৰাজী: Hindu mythology) বা হিন্দু পৌৰাণিক কাহিনী বুলিলে বিভিন্ন হিন্দু গ্ৰন্থ আৰু পৰম্পৰাৰ পৰা উদ্ভৱ হোৱা হিন্দু ধৰ্মৰ সৈতে জড়িত কিংবদন্তি আৰু শ্ৰুতিকথাৰ সংগ্ৰহক বুজায়। এই শ্ৰুতিকথাবোৰ পবিত্ৰ গ্ৰন্থ যেনে বেদ, মহাকাব্য (মহাভাৰত আৰু ৰামায়ণ), আৰু পুৰাণ আদিত পোৱা যায়।
-
হিন্দু সৃষ্টিতত্ত্ব
হিন্দু সৃষ্টিতত্ত্ব (Hindu cosmology) হৈছে হিন্দু ধৰ্ম অনুসৰি ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আৰু ধ্বংসৰ চক্ৰৰ ধাৰণা প্ৰদান কৰে। হিন্দু সৃষ্টিতত্ত্ব অনুসৰি ব্ৰহ্মাণ্ডক বাৰে বাৰে সৃষ্টি তথা ধ্বংস কৰা হয়, প্ৰায় ৮৬৪ কোটি বছৰৰ পাছে পাছে।
-
ৰেণুকা অভয়াৰণ্য
ৰেণুকা অভয়াৰণ্য এখন প্ৰকৃতি অভয়াৰণ্য। ই হিমাচল প্ৰদেশৰ ছিৰমৌৰ জিলাত অৱস্থিত আৰু পথৰ নেটৱৰ্কৰ সৈতে সংযুক্ত। ইয়াৰ আয়তন প্ৰায় ৪.০২৮ বৰ্গ কিলোমিটাৰ। ইয়াক ৰেণুকা সংৰক্ষিত বনাঞ্চল নামেৰেও জনা যায়, ইয়াক আনুষ্ঠানিকভাৱে অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছে।
-
ৰোহিনী
ৰোহিনী এগৰাকী হিন্দু ধৰ্মৰ তৰাৰ দেৱী আৰু চন্দ্ৰ দেৱতাৰ প্ৰিয় পত্নী। তেওঁ প্ৰজাপতি দক্ষ আৰু তেওঁৰ পত্নী আসিকনীৰ ২৭ গৰাকী কন্যাৰ ভিতৰত এগৰাকী। ৰোহিনী এক ৰঙা ৰঙৰ বৃষমণ্ডলৰ উজ্জ্বল নক্ষত্ৰ, ইয়াক হিন্দু শাস্ত্ৰত দেৱীৰ মৰ্য্যাদা দিয়া হৈছে।
-
ৱাৰকাৰী
ৱাৰকাৰী ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ সৈতে ভৌগোলিকভাৱে জড়িত হিন্দু ধৰ্মৰ ভক্তি আধ্যাত্মিক পৰম্পৰাৰ ভিতৰৰ এটি অদ্বৈত বৈষ্ণৱসম্প্ৰদায়। ৱাৰকাৰীসকলে বিষ্ণুৰ ৰূপ হিচাপে গণ্য কৰা পান্ধৰপুৰৰ মুখ্য দেৱতা বিত্থল (বা বিথোবা বুলিও জনা যায়) আৰু লক্ষ্মীৰ ৰূপ হিচাপে গণ্য কৰা তেওঁৰ পত্নী ৰাখুমাইক পূজা কৰে।
-
অক্ৰুৰ
অক্ৰুৰ (সংস্কৃতত অক্ৰুৰ মানে 'নিষ্ঠুৰ নহয়')। অক্ৰুৰ হিন্দু ধৰ্মৰ এজন যাদৱ ৰাজকুমাৰ আৰু বিশেষকৈ ভগৱান কৃষ্ণৰ খুড়াক হিচাপে বেছিকৈ পৰিচিত। কাশীৰ ৰজাৰ কন্যা শৱাফল্কা আৰু গাণ্ডিনীৰ পুত্ৰ কংসই তেওঁক নিৰ্দেশ দিয়ে যে তেওঁৰ ভাগিন কৃষ্ণ আৰু বলৰামক মথুৰাত থকা ধনুৰ্যজ্ঞ (অস্ত্ৰৰ উৎসৱ)লৈ আনি তেওঁলোকক বধ কৰিব…
-
অঞ্জনা
অঞ্জনা (अञ्जना) হৈছে ৰামায়ণৰ নায়কসমূহৰ অন্যতম হনুমানৰ মাতৃ। তেওঁক অঞ্জনী বা অঞ্জলী নামেৰেও জনা যায়। তেওঁ আছিল এগৰাকী অপ্সৰা আৰু কপিকুলৰ এজন মুখিয়াল কেশৰীৰ সহধৰ্মিণী। তেওঁক ভাৰতৰ কোনো কোনো অঞ্চলত পৰিয়ালৰ দেৱী হিচাপে পূজা কৰা হয়। ইণ্ডোনেচিয়াৰ ৱায়াং সংস্কৃতিত অঞ্জনী এক জনপ্ৰিয় চৰিত্ৰ।
-
অন্ধকাসুৰ
হিন্দু সাহিত্যত অন্ধক বা অন্ধকাসুৰে (সংস্কৃত: अंधক, অৰ্থ: "যি অন্ধকাৰ কৰে") এজন কু-অসুৰক বুজায়, যাৰ অহংকাৰ শিৱ আৰু পাৰ্বতীয়ে নাশ কৰিছিল। তেওঁৰ কাহিনীৰ উল্লেখ বিভিন্ন হিন্দু গ্ৰন্থত পোৱা যায়, যেনে; মৎস্য পুৰাণ, কুৰ্ম পুৰাণ, লিংগ পুৰাণ, পদ্ম পুৰাণ, শিৱ পুৰাণ আদি।
-
অভিষেক
অভিষেক ( সংস্কৃত: अभिषेक) বা অভিষেকম হৈছে ধৰ্মীয় ৰীতি বা প্ৰাৰ্থনাৰ পদ্ধতি য'ত ভক্তই কোনো দেৱতাৰ প্ৰতিমূৰ্তি বা মূৰ্তিৰ ওপৰত তৰল প্ৰসাদ ঢালি দিয়ে। হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ দৰে ধৰ্মৰ ক্ষেত্ৰত ই এক সাধাৰণ কৰ্ম৷
-
অম্বালিকা
অম্বালিকা কাশীৰাজৰ কনিষ্ঠা জীয়ৰী। তেওঁ ৰজা বিচিত্ৰবীৰ্যৰ পত্নী আৰু পাণ্ডুৰ মাতৃ। ভীষ্মই অম্বা আৰু অম্বালিকাক স্বয়ংবৰৰ পৰা কাঢ়ি লৈ গৈছিল। বিবাহৰ সাত বছৰ পিছত বিচিত্ৰবীৰ্য যক্ষ্মা ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে আৰু সন্তানহীন হৈ মৃত্যুবৰণ কৰে।
-
অমৰনাথ মন্দিৰ
অমৰনাথ মন্দিৰ হিন্দু ধৰ্মাৱলম্বী সকলৰ এখন প্ৰধান তীৰ্থস্থান। হিন্দুসকলৰ চাৰিধামৰ ভিতৰত এইখনৰ গুৰুত্ব অসীম। জন্মু-কাশ্মীৰৰ সীমান্তৰ ওচৰত, শ্ৰীনগৰৰ পৰা প্ৰায় ১৪১ কিলোমিটাৰ দূৰৈত ৩,৮৮৮ মিটাৰ (১২,৭৫৬ ফুট) উচ্চতাত অৱস্থিত, বৰফেৰে আবৃত অমৰনাথ গুহাৰ ভিতৰত সম্পূৰ্ণ প্ৰাকৃতিক ধৰণে প্ৰতি বছৰে সৃষ্টি আৰু…
-
অলক্ষ্মী
অলক্ষ্মী হ'ল লক্ষ্মীৰ ছাঁ আৰু দুৰ্ভাগ্যৰ দেৱী। কল্কি পুৰাণ আৰু মহাভাৰতত উল্লেখ কৰা মতে অলক্ষ্মী হৈছে কালি অসুৰৰ দ্বিতীয় পত্নী৷
-
অশোকসুন্দৰী
অশোকসুন্দৰী (अशोकसुंदरी) এগৰাকী হিন্দু দেৱী৷ তেওঁ শিৱ আৰু পাৰ্বতীৰ কন্যা আছিল৷ পদ্ম পুৰাণত অশোকসুন্দৰীৰ উল্লেখ আৰু বৰ্ণনা পোৱা যায়৷ দক্ষিণ ভাৰতত বালা ত্ৰিপুৰাসুন্দৰী দেৱীৰ ৰূপত তেওঁৰ পূজা অৰ্চনা কৰা হয়৷
-
অষ্টভাৰ্যা
অষ্টভাৰ্যা (अष्टभार्या) হৈছে দ্বাপৰ যুগত (যুগ) দ্বাৰকাৰ ৰজা হিন্দু দেৱতা কৃষ্ণৰ আঠগৰাকী প্ৰধান ৰাণী-পত্নীৰ গোট। ভাগৱত পুৰাণত উপলভ্য আটাইতকৈ বহুল প্ৰচলিত অষ্টভাৰ্যাৰ তালিকাখনৰ ভিতৰত আছে: ৰুক্মিণী, জাম্বৱতী, সত্যভামা, কালিন্দী, নাগ্নজিতী, মিত্ৰবিন্দা, লক্ষ্মণা আৰু ভদ্ৰা।
-
অসিক্নী
অসিক্নী (असिक्नी) হৈছে হিন্দু পৌৰাণিক কাহিনীত উল্লিখিত এগৰাকী দেৱী। তেওঁক পঞ্চজনী আৰু বিৰাণী বুলিও কোৱা হয়। পৌৰাণিক কাহিনী অনুসৰি তেওঁ দক্ষৰ পত্নী। বেছিভাগ শাস্ত্ৰতে তেওঁক ৬০০০ পুত্ৰ আৰু ৬০ কন্যা সন্তানৰ মাতৃ বুলি উল্লেখ কৰা হৈছে।
-
অৰুন্ধতী
অৰুন্ধতী (अरुन्धती) হৈছে সপ্তৰ্ষিৰ অন্যতম ঋষি বশিষ্ঠৰ সহধৰ্মিণী। তেওঁক শুক্ৰ গ্ৰহৰ সৈতে জড়িত কৰা হয়। অৰুন্ধতীকো সপ্তৰ্ষিৰ সমমৰ্যাদা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সৈতে উপাসনাও কৰা হয়। বৈদিক আৰু পুৰাণ সাহিত্যত তেওঁক সতীত্ব, দাম্পত্য আনন্দৰ প্ৰতীক আৰু পতীব্ৰতা নাৰীৰূপে উপস্থাপন কৰা হয়।
-
অৰোৰা (শ্ৰুতিকথা)
অৰোৰা (লেটিন: [au̯ˈroːra], ইংৰাজী: Aurora) ৰোমান পৌৰাণিক কাহিনী আৰু লেটিন কবিতাত বৰ্ণিত দোকমোকালিক প্ৰতিনিধিত্ব কৰা দেৱী। গ্ৰীক ইঅ'ছ আৰু ঋকবৈদিক দেৱী উষাৰ দৰেই অৰোৰাৰ নামো পূৰ্বৰ ইণ্ডো-ইউৰোপীয় সংস্কৃতিত পুৱাক প্ৰতিনিধিত্ব কৰা দেৱী হাউছছৰ নামৰ সৈতে সংযুক্ত কৰা হৈছে।
-
আছ-ছাজদা
আছ-ছাজদা (السجدة), হৈছে পবিত্ৰ কোৰআনৰ ৩২তম ছূৰা (অধ্যায়) য’ত ৩০টা আয়াত (শ্লোক) আছে। ছূৰাটোৰ নাম ۩ "ছিজদাহ" বা "আৰাধনা" বুলি অনুবাদ কৰা হৈছে। আৰু পোন্ধৰ নং আয়াতৰ পৰা লোৱা হৈছে, য'ত "... প্ৰভুৰ প্ৰশংসা গীত গোৱা"সকলৰ কথা উল্লেখ কৰা হৈছে।
-
আত্ৰেয়
আত্ৰেয় (आत्रेय) হ’ল হিন্দু ঋষিসকলৰ ভিতৰত অন্যতম অত্ৰিৰ বংশধৰ যাৰ অৱদানসমূহ পুৰাণসমূহত উল্লিখিত আছে। ভাৰত আৰু নেপালৰ ব্ৰাহ্মণসমাজে ব্যৱহাৰ কৰা আন বহুতো গোত্ৰৰ দৰে অত্ৰি ঋষিৰ বংশধৰ সকলেও আত্ৰেয় তেওঁলোকৰ উপাধি হিচাপে ব্যৱহাৰ কৰে।
-
আদ-দুখান
আদ-দুখান (الدخان, ad-dukhān; meaning: ধোঁৱা) কোৰআনৰ ৪৪তম ছূৰা (অধ্যয়) আৰু ইয়াৰ ৫৯টা আয়াত (পদ) আছে। দুখান অৰ্থাৎ 'ধোঁৱা' শব্দটো ১০নং আয়াতত উল্লেখ কৰা হৈছে। حم প্ৰথম আয়াতটো কোৰআনৰ মুকাতাআতৰ অন্যতম, কিছুমান অধ্যায়ৰ আৰম্ভণিতে প্ৰকাশ পোৱা আখৰৰ সংমিশ্ৰণ।
-
আয-জুমৰ
আয-জুমৰ ( الزمر, ’az-zumar; অৰ্থ: "সৈন্য, ভিৰ") ইছলামৰ মূল ধৰ্মীয় গ্ৰন্থ কোৰআনৰ ৩৯ নং অধ্যায় (ছূৰা)। ইয়াত ৭৫টা পদ (আয়াত) আছে। এই ছূৰাটোৰ নামটো আৰবী শব্দ জুমাৰ (সৈন্য)ৰপৰা লোৱা হৈছে যিটো ৭১ আৰু ৭৩ আয়াতত পোৱা গৈছে।