অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ইলেক্ট্ৰা

ইলেক্ট্ৰা (/əˈlɛktrə/; ইংৰাজী: Electra) ট্ৰেজেডীৰ অন্যতম জনপ্ৰিয় পৌৰাণিক চৰিত্ৰ। ইলেক্ট্ৰা হৈছে ছফ'ক্লেছৰ ইলেক্ট্ৰা আৰু ইউৰিপিডিছৰ ইলেক্ট্ৰা নামৰ দুখন গ্ৰীক ট্ৰেজেডীৰ মূল চৰিত্ৰ।

হালনাগাদ: ২১ ফেব্ৰুৱাৰী ২০২৫ ১৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ইলেক্ট্ৰা (/əˈlɛktrə/;১ ইংৰাজী: Electra) ট্ৰেজেডীৰ অন্যতম জনপ্ৰিয় পৌৰাণিক চৰিত্ৰ।২ ইলেক্ট্ৰা হৈছে ছফ'ক্লেছৰ ইলেক্ট্ৰা আৰু ইউৰিপিডিছৰ ইলেক্ট্ৰা নামৰ দুখন গ্ৰীক ট্ৰেজেডীৰ মূল চৰিত্ৰ। ইস্কিলাছ (Aeschylus), আলফিয়েৰী (Alfieri), ভল্টেয়াৰ (Voltaire), হফমেনষ্টাল (Hofmannsthal), ইউজিন অ'নেইল (Eugene O'Neill)আৰু জিন-পল ছাৰ্ট্ৰে (Jean-Paul Sartre) আদি নাট্যকাৰৰ নাটকৰো তেওঁ কেন্দ্ৰীয় চৰিত্ৰ।২ ইস্কাইলাছৰ অৰেষ্টিয়া ট্ৰিইলজীৰ দ্বিতীয়খন নাটক দ্য লিবেচন বেয়াৰাৰ্ছত তেওঁক এগৰাকী প্ৰতিশোধপৰায়ণ আত্মা হিচাপে উপস্থাপন কৰা হৈছে। সেই নাটকত তেওঁ মাতৃ ক্লাইটেমনেষ্ট্ৰাক হত্যা কৰিবলৈ ভায়েকৰ সৈতে আক্ৰমণৰ পৰিকল্পনা কৰা দেখুওৱা হৈছে।

মনোবিজ্ঞানত ইলেক্ট্ৰা কমপ্লেক্সৰ নাম তেওঁৰ নামেৰে ৰখা হৈছে।

পৰিয়াল

ইলেক্ট্ৰাৰ পিতৃ-মাতৃ আছিল ৰজা আগামেমনন আৰু ৰাণী ক্লাইটেমনেষ্ট্ৰা। তেওঁৰ ভগ্নীৰ নাম আছিল ইফিজেনিয়া আৰু ক্ৰীছ'থেমিছ আৰু ভাতৃৰ নাম আছিল অৰেষ্টেছ। হোমাৰে ইলিয়াডত "লাওডিচ"ক আগামেমননৰ কন্যা হিচাপে উল্লেখ কৰি ইলেক্ট্ৰাক বুজাইছে বুলি জনা যায়।৩

কিংবদন্তি

আগামেমনন ট্ৰজান যুদ্ধৰ পৰা উভতি অহাৰ সময়ত ইলেক্ট্ৰা মাইচেনিয়াত উপস্থিত নাছিল। যুদ্ধৰ পৰা ঘূৰি অহা আগামেমননে যুদ্ধৰ পুৰস্কাৰ স্বৰূপে লগত আনিছিল ট্ৰজান ৰাজকুমাৰী কেছাণ্ড্ৰাক। তেওঁলোকৰ আগমনৰ লগে লগে আগামেমনন আৰু কেছাণ্ড্ৰাক ক্লাইটেমনেষ্ট্ৰাই, বা তেওঁৰ প্ৰেমিক এজিষ্টাছে বা দুয়োজনে হত্যা কৰে। ক্লাইটেমনেষ্ট্ৰাই স্বামীৰ বিৰুদ্ধে ক্ষোভ ৰাখিছিল যে তেওঁলোকে তেওঁলোকৰ ডাঙৰ ছোৱালী ইফিজেনিয়াক দেৱী আৰ্টিমিচৰ ওচৰত বলি দিছিল যাতে তেওঁ ট্ৰয়লৈ যাত্ৰা কৰিব পাৰে।

আঠ বছৰৰ পাছত ইলেক্ট্ৰা এথেন্সৰ পৰা ঘৰলৈ উভতি আহিছিল আৰু একে সময়তে ভাতৃ অৰেষ্টেছো উভতি আহিছিল। ইস্কিলাছৰ মতে অৰেষ্টেছে আগামেমননৰ সমাধিৰ আগত ইলেক্ট্ৰাক দেখি চিনি পাইছিল, য'ত দুয়োজনেই মৃতকৰ প্ৰতি আচাৰ-অনুষ্ঠান কৰিবলৈ গৈছিল আৰু তেওঁলোকে পিতৃ হত্যাৰ প্ৰতিশোধ কেনেকৈ ল’ব পাৰি তাৰ পৰিকল্পনা কৰিছিল। ফ'চিছ আৰু এনাক্সিবিয়াৰ ৰজা ষ্ট্ৰফিয়াছৰ পুত্ৰ তথা অৰেষ্টেছৰ বন্ধু পাইলাডেছ আৰু অৰেষ্টেছে ক্লাইটেমনেষ্ট্ৰা আৰু এজিষ্টাছক হত্যা কৰে (কিছুমান সংস্কৰণৰ মতে ইলেক্ট্ৰাই সহায় কৰিছিল)। পৰবৰ্তী সময়ত ইলেক্ট্ৰাই পাইলাডেছক বিয়া কৰায়।৪

তথ্যসূত্ৰ

  1. ↑ Wells, John C. (2000). Longman Pronunciation Dictionary. Longman. পৃ. 253. ISBN 978-0-582-36467-7
  2. ↑ Evans (1970), p. 79
  3. ↑ "Agamemnon" in Oxford Companion to Classical Civilization, as quoted at eNotes.com
  4. ↑ Luke Roman, Monica Roman, Encyclopedia of Greek and Roman Mythology, Infobase Publishing, 2010, p.143

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলেক্ট্ৰা” প্ৰবন্ধৰ সংশোধন ৪৮০৩৫৭ (২১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।