আস্তিয়াগিয়া (প্ৰাচীন গ্ৰীক: Ἀστυάγυια, ইংৰাজী: Astyaguia বা Astyagyia) গ্ৰীক শ্ৰুতিকথা অনুসৰি থেছালিনৰ ৰাজকুমাৰী আছিল৷ তেওঁ লেপিথৰ ৰজা হাইপচিয়াছ১ আৰু নাইয়াড ক্লিডানোপৰ কন্যা।২৩
পৰিয়াল
আস্তিয়াগিয়াৰ ভগ্নীসকল আছিল চাইৰীনী, থেমিষ্টো আৰু আলকায়া। তেওঁৰ ভগ্নী থেমিষ্টো ব'অ'টিয়ান ৰজা আথামাছৰ তৃতীয় তথা অন্তিম পত্নী আছিল। কিছুমান সূত্ৰৰ মতে, এই দম্পতীহালৰ লিউকন, ইৰিথ্ৰিয়াছ, শ্বোনিয়াছ আৰু প্টাউছ নামৰ চাৰিজন সন্তান আছিল। অন্য কিছুমান উৎস অনুসৰি স্ফিচিয়াছ আৰু অৰ্কোমেনাছ নাইবা শ্বোনিয়াছ আৰু লিউকন নামৰ দুজন পুত্ৰ আছিল৷ অন্য কিছুমান সংস্কৰণৰ মতে লিউকনৰ পিতৃ আছিল প'জাইডন।৪ এপ'ল' দেৱতাৰ ঔৰসত চাইৰীনীয়ে এৰিষ্টিয়াছ আৰু ইডমনক জন্ম দিছিল। এৰিষ্টিয়াছ পশুপালন, মৌপালন আৰু পনীৰ উৎপাদনৰ দেৱতা হৈ পৰিছিল। ইডমন এজন বিখ্যাত শিল্পী হৈছিল। এপলনিয়াছ ৰোডিয়াছৰ মতে যে দম্পতীহালৰ আন এজন পুত্ৰও আছিল যাৰ নাম আছিল অটুকাচ।৫ আস্তিয়াগিয়াই লেপিথাছৰ পুত্ৰ পেৰিফাছৰ সৈতে বিবাহত বহিছিল আৰু তেওঁলোকৰ আঠজন পুত্ৰৰ জন্ম হয়৷ তেওঁলোকৰ ডাঙৰ পুত্ৰ এণ্টিয়নে আমিথাওনৰ কন্যা পেৰিমেলাক বিয়া কৰাই আৰু তেওঁলোকৰ পুত্ৰ হৈছে ইক্সিয়ন।৬
তথ্য সংগ্ৰহ
- Apollodorus, The Library with an English Translation by Sir James George Frazer, F.B.A., F.R.S. in 2 Volumes, Cambridge, MA, Harvard University Press; London, William Heinemann Ltd. 1921. ISBN 0-674-99135-4. Online version at the Perseus Digital Library. Greek text available from the same website.
- Callimachus, Callimachus and Lycophron with an English translation by A. W. Mair; Aratus, with an English translation by G. R. Mair, London: W. Heinemann, New York: G. P. Putnam 1921. Internet Archive
- Callimachus, Works. A.W. Mair. London: William Heinemann; New York: G.P. Putnam's Sons. 1921. Greek text available at the Perseus Digital Library.
- Diodorus Siculus, The Library of History translated by . Twelve volumes. Loeb Classical Library. Cambridge, Massachusetts: Harvard University Press; London: William Heinemann, Ltd. 1989. Vol. 3. Books 4.59–8. Online version at Bill Thayer's Web Site
- Diodorus Siculus, Bibliotheca Historica. Vol 1-2. Immanel Bekker. Ludwig Dindorf. Friedrich Vogel. in aedibus B. G. Teubneri. Leipzig. 1888-1890. Greek text available at the Perseus Digital Library.
- Graves, Robert, The Greek Myths: The Complete and Definitive Edition. Penguin Books Limited. 2017.
- Nonnus of Panopolis, Dionysiaca translated by William Henry Denham Rouse (1863-1950), from the Loeb Classical Library, Cambridge, MA, Harvard University Press, 1940. Online version at the Topos Text Project.
- Nonnus of Panopolis, Dionysiaca. 3 Vols. W.H.D. Rouse. Cambridge, MA., Harvard University Press; London, William Heinemann, Ltd. 1940-1942. Greek text available at the Perseus Digital Library.
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আস্তিয়াগিয়া” প্ৰবন্ধৰ সংশোধন ৬৩১৩৬০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।