অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

আলকায়া

আলকায়া (প্ৰাচীন গ্ৰীক: Άλκαίαν, ইংৰাজী: Alcaea) গ্ৰীক শ্ৰুতিকথা অনুসৰি থেছালিনৰ ৰাজকুমাৰী আছিল৷ তেওঁ লেপিথৰ ৰজা হাইপচিয়াছ আৰু নাইয়াড ক্লিডানোপৰ কন্যা।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৩৩৮ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

আলকায়া (প্ৰাচীন গ্ৰীক: Άλκαίαν, ইংৰাজী: Alcaea) গ্ৰীক শ্ৰুতিকথা অনুসৰি থেছালিনৰ ৰাজকুমাৰী আছিল৷ তেওঁ লেপিথৰ ৰজা হাইপচিয়াছ১ আৰু নাইয়াড ক্লিডানোপৰ কন্যা।২৩

পৰিয়াল

আলকায়াৰ ভগ্নীসকল আছিল চাইৰীনী, থেমিষ্টো আৰু আস্তিয়াগিয়া। তেওঁৰ ভগ্নী থেমিষ্টো ব'অ'টিয়ান ৰজা আথামাছৰ তৃতীয় তথা অন্তিম পত্নী আছিল। কিছুমান সূত্ৰৰ মতে, এই দম্পতীহালৰ লিউকন, ইৰিথ্ৰিয়াছ, শ্বোনিয়াছ আৰু প্টাউছ নামৰ চাৰিজন সন্তান আছিল। অন্য কিছুমান উৎস অনুসৰি স্ফিচিয়াছ আৰু অৰ্কোমেনাছ নাইবা শ্বোনিয়াছ আৰু লিউকন নামৰ দুজন পুত্ৰ আছিল৷ অন্য কিছুমান সংস্কৰণৰ মতে লিউকনৰ পিতৃ আছিল প'জাইডন।৪ এপ'ল' দেৱতাৰ ঔৰসত চাইৰীনীয়ে এৰিষ্টিয়াছ আৰু ইডমনক জন্ম দিছিল। এৰিষ্টিয়াছ পশুপালন, মৌপালন আৰু পনীৰ উৎপাদনৰ দেৱতা হৈ পৰিছিল। ইডমন এজন বিখ্যাত শিল্পী হৈছিল। এপলনিয়াছ ৰোডিয়াছৰ মতে যে দম্পতীহালৰ আন এজন পুত্ৰও আছিল যাৰ নাম আছিল অটুকাচ।৫

তথ্য সংগ্ৰহ

তথ্যসূত্ৰ

  1. ↑ Hyginus, Fabulae 161; Virgil, Georgics 4.320
  2. ↑ Graves, Robert. (2017). The Greek Myths - The Complete and Definitive Edition. Penguin Books Limited. পৃ. 276. ISBN 9780241983386
  3. ↑ Scholia ad Pindar, Pythian Ode 9.31
  4. ↑ Hyginus, Fabulae 157
  5. ↑ Apollonius Rhodius, Argonautica

সম্পৰ্কিত শ্ৰেণী

গ্ৰীক কিংবদন্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলকায়া” প্ৰবন্ধৰ সংশোধন ৬৩১৭৪৯ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।