ইউফ্ৰ’চাইন (/juːˈfrɒzɪniː/, ইংৰাজী: Euphrosyne, প্ৰাচীন গ্ৰীক: Εὐφροσύνη) গ্ৰীক শ্ৰুতিকথাত বৰ্ণিত চাৰিটেছসকলৰ অন্তৰ্গত এগৰাকী অন্যতম দেৱী৷ ৰোমান পৌৰাণিক কাহিনীত এওঁলোকক গ্ৰেচ বুলি জনা যায়। কোনো কোনো সংস্কৰণত তেওঁক ইউথিমিয়া (প্ৰাচীন গ্ৰীক: Εὐθυμία, আক্ষৰিক অৰ্থ: 'ভাল মেজাজ') বা ইউটিচিয়া (প্ৰাচীন গ্ৰীক: Εὐτυχία, আক্ষৰিক অৰ্থ: 'ভাল উল্লাস') বুলিও কোৱা হৈছিল।১
পৰিয়াল
হেচিয়ডৰ মতে ইউফ্ৰ’চাইন আৰু তেওঁৰ ভগ্নী থেলিয়া আৰু এগলিয়া জ্যুচ আৰু সাগৰ দেৱী ইউৰিনমৰ কন্যা আছিল।২ বিকল্প পিতৃ-মাতৃ জ্যুছ আৰু ইউৰিডম, ইউৰিমেডুছা বা ইউয়ান্থে;৩ ডাইঅ'নিছাছ আৰু ক'ৰ'নিছ;৪ বা হেলিঅ'ছ আৰু নাইয়াড এগল৫ হ’ব পাৰে৷
ৰোমান লেখক হাইজিনাছে তেওঁৰ ফেবুলেত ইউফ্ৰ’চাইন নামৰ এটা চৰিত্ৰৰ কথা উল্লেখ কৰিছে, যি ৰাতিৰ দেৱী নাইক্স আৰু অন্ধকাৰৰ দেৱতা ইৰেবাছৰ কন্যা।৬
পৌৰাণিক কাহিনী
ইউফ্ৰ’চাইন হৈছে উল্লাস, আনন্দ আৰু হাস্যৰ দেৱী।৭ তেওঁৰ নামৰ অৰ্থ হৈছে ইউফ্ৰ’চাইনোছ (euphrosynos) শব্দৰ স্ত্ৰীলিংগ বাচক শব্দ, যাৰ অৰ্থ হৈছে "আনন্দ"। পিন্দাৰে লিখিছে যে পৃথিৱীখনক সুখদায়ক মুহূৰ্ত আৰু সদিচ্ছাৰে ভৰাই তুলিবলৈ এই দেৱীসকলক সৃষ্টি কৰা হৈছে।৮ চাৰিটেছসকল সৌন্দৰ্য্যৰ দেৱী আফ্ৰডাইটৰ সৈতে থাকে।৯
শিল্পত ইউফ্ৰ’চাইনক সাধাৰণতে তেওঁৰ ভগ্নীসকলৰ সৈতে নাচি থকা অৱস্থাত চিত্ৰিত কৰা হয়।৭
তথ্যসূত্ৰ
- ↑ Pindar, fr. 155
- ↑ Hesiod, Theogony 907
- ↑ Cornutus, Compendium of Greek Theology 15
- ↑ Nonnus, Dionysiaca 15.87 & 48.530
- ↑ Pausanias, 9.35.5
- ↑ Hyginus, Fabulae Preface
- ↑ Larson, Jennifer. (2007). Ancient Greek Cults. Routledge. পৃ. 162–163. ISBN 978-0415491020
- ↑ Pindar, Olympian Ode 14.1-20
- ↑ Homeric Hymn 5 to Aphrodite 58
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউফ্ৰ’চাইন” প্ৰবন্ধৰ সংশোধন ৪৯১৬৪৫ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।