কালযৱন (कालयवन)১ হিন্দু ধৰ্মৰ এজন ৰজা। তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ বিৰুদ্ধে ৩ কোটি যৱনৰ সৈন্যবাহিনীৰে মথুৰা আক্ৰমণ কৰা বুলি কোৱা হয়।২৩
কিম্বদন্তি
ব্ৰহ্মাণ্ড পুৰাণ ১৪.৪৬ ত কালযৱনৰ জন্মৰ বিষয়ে তলৰ কাহিনীটো বৰ্ণনা কৰা হৈছে, ভ্ৰুক্ক্ষা-দেৱী নামৰ এগৰাকী মহিলাই গাৰ্গ্যৰ পুৰুষত্ব পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়। গাৰ্গ্যই বীৰ্যপাত কৰিব নোৱাৰিলে, যাৰ বাবে যাদৱসকলে হাঁহে আৰু অপমান কৰিলে। ১২বছৰীয়া তপস্যাৰ অন্তত গাৰ্গ্যই মহাদেৱৰপৰা বৰদান পালে যে যাদৱক ধ্বংস কৰিব পৰা শক্তি থকা পুত্ৰ পাব। তপস্যাৰ সময়ত তেওঁ লোহাৰ খাদ্য খাইছিল যাৰ ফলত তেওঁৰ ৰং লোহাৰ দৰে ক’লা হৈ পৰিছিল। ইয়াৰ পিছত গাৰ্গ্য মথুৰালৈ আহিল, আৰু ছদ্মবেশত ইন্দ্ৰৰ অপ্সৰাৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিলে। এই যৌন সম্পৰ্কৰ ফল কালযৱন, গাৰ্গ্যই তেওঁক যৱনৰ নতুন ৰজা হিচাপে মুকুট পিন্ধাই বানপ্ৰস্থী হয়।৪
বিষ্ণু পুৰাণ আৰু হৰিবংশৰ মতে তেওঁ ক্ৰোধৰ আংশিক অৱতাৰ আছিল।৫৬
কংসৰ শহুৰেক জৰাসন্ধ আৰু মগধৰ শাসকে মথুৰাক সোতৰবাৰ আক্ৰমণ কৰিছিল যদিও প্ৰতিবাৰেই কৃষ্ণই প্ৰহাৰ কৰিছিল। নিজাববীয়াকৈ কৃষ্ণক পৰাস্ত কৰিব নোৱাৰি জৰাসন্ধই কালযৱনৰ লগত মিত্ৰতা কৰিলে। কালযৱন এজন শক্তিশালী যৱন যোদ্ধা হৈ পৰিছিল, যিয়ে শিৱৰপৰা এটা আশীৰ্বাদ পাইছিল যে যুদ্ধক্ষেত্ৰত তেওঁ অপৰাজিত হ'ব।৭
কৃষ্ণই নিজৰ লোকসকলক ৰক্ষা কৰিবলৈ দ্বাৰকা নামৰ এখন ভয়ংকৰ নগৰ নিৰ্মাণ কৰিছিল, য'লৈ তেওঁ মথুৰাৰ বাসিন্দাসকলক স্থানান্তৰ কৰিছিল।৮ কালযৱনে ৩ কোটি যৱনৰ সৈন্যবাহিনীৰে মথুৰাক আক্ৰমণ কৰে। যৱনৰ সংখ্যা সকলো যাদৱতকৈ বহু বেছি বুলি উপলব্ধি কৰি কৃষ্ণই কালযৱনক দ্বৈত যুঁজলৈ প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত ল’লে। কৃষ্ণই কৌশলগতভাৱে যুদ্ধক্ষেত্ৰৰপৰা পলায়ন কৰি কালযৱনক সেই গুহালৈ প্ৰলোভিত কৰে য'ত ত্ৰেতাযুগৰ মহান ৰজা ৰামৰ অন্যতম পূৰ্বপুৰুষ মুচুকুণ্ডই অসুৰৰ সৈতে মহাকাব্যিক যুদ্ধত দেৱতাক সহায় কৰাৰ পাছত হাজাৰ হাজাৰ বছৰৰ গভীৰ নিদ্ৰাত আছিল।৯
একেবাৰে বিৰতিহীন টোপনিৰ কামনা কৰি তেওঁক ইন্দ্ৰই এক আশীৰ্বাদ দিছিল যে যিয়েই তেওঁৰ টোপনি বিঘ্নিত কৰিবলৈ সাহস কৰিব তেওঁ লগে লগে জ্বলি ছাই হৈ যাব।৭ দ্বাপৰ যুগত গুহাৰ ভিতৰৰ গভীৰ আন্ধাৰত কৃষ্ণই মুচুকুণ্ডক চাদৰেৰে ঢাকি ৰাখিছিল। কালযৱনে তেওঁক কৃষ্ণ বুলি ধৰি লৈ তেওঁক লাথি মাৰি এইদৰে ৰজাৰ টোপনি বিঘ্নিত কৰি ছাই হৈ পৰিল। তাত কৃষ্ণক দেখি মুচুকুণ্ড আনন্দিত হৈ পৰিল। কৃষ্ণই তেওঁক মোক্ষ লাভৰ বাবে সঞ্চিত পাপ শুদ্ধ কৰিবলৈ তপস্যা কৰিবলৈ উপদেশ দিছিল। দেৱতাক লগ পোৱাৰ পিছত মুচুকুণ্ড গুহাৰপৰা ওলাই আহিল। তাৰ পিছত মুচুকুণ্ডই তপস্যা কৰাৰ বাবে উত্তৰ দিশলৈ গন্ধমাদন পৰ্বতলৈ আৰু তাৰপৰা বদ্ৰিকাশ্ৰমলৈ যাত্ৰা কৰে আৰু অৱশেষত মোক্ষৰ ৰূপত মুক্তি লাভ কৰে।১০১১
তথ্যসূত্ৰ
- ↑ Walker, Benjamin. (2019-04-09). Hindu World: An Encyclopedic Survey of Hinduism. In Two Volumes. Volume I A-L. Routledge. পৃ. 380. ISBN 978-0-429-62465-0
- ↑ Nivedita, Sister. (2001). Myths and legends of the Hindus and Buddhists. Advaita Ashrama, Publication Dept. ISBN 81-7505-197-3
- ↑ Dowson, John. (2000). A Classical Dictionary of Hindu Mythology and Religion, Geography, History and Literature. Psychology Press. ISBN 978-0-415-24521-0
- ↑ Thaneswar Sarmah. (1991). The Bharadvājas in Ancient India. Motilal Banarsidass. পৃ. 128–129. ISBN 9788120806399
- ↑ Dutt. (1897). A Prose English Translation Of Harivamsha
- ↑ www.wisdomlib.org. (2014-08-30). Burning of Yavana king, Kalayavana and praise of Mucukunda to Kansa (Chapter XXIII). www.wisdomlib.org
- ↑ HARIVAMSHAM (GEETA PRESS). mahabharata-resources.org
- ↑ THE KRISHNA AVATĀRA. sacred-texts.com
- ↑ (2015-08-24). A Hindu King who Slept for Almost 4 Million Years!. HariBhakt · History, Facts, Awareness of Hinduism
- ↑ Muchukunda. www.mythfolklore.net
- ↑ Mytholgical Story: Krishna and Muchkunda. www.kidsgen.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালযৱন” প্ৰবন্ধৰ সংশোধন ৫৬১৮১৪ (৭ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।