ধৰ্ম আৰু দৰ্শন
দেৱ-দেৱী, মন্দিৰ, সত্ৰ, পুৰাণ আৰু দাৰ্শনিক চিন্তা · ১,৯৫৭ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ত্ৰিদেৱী
ত্ৰিদেৱী (Three goddesses; त्रिदेवी; IAST: ) তিনিগৰাকী হিন্দু ধৰ্মৰ শাক্তধৰ্মীসকলৰ প্ৰধান উপাষ্য দেৱী। সৰস্বতী, লক্ষ্মী আৰু পাৰ্বতীৰ সৈতে একত্ৰিতভাৱে এওঁলোক ত্ৰিদেৱী নামে পৰিচিত। উল্লেখযোগ্য যে এইসকল ত্ৰিদেৱী যথাক্ৰমে ত্ৰিমূৰ্তি সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু আৰু সংহাৰকৰ্তা শিৱৰ পত্নী।
-
দুঃশাসন
দুঃশাসন (সংস্কৃত: दुःशासन) অন্ধৰাজ ধৃতৰাষ্ট্ৰ আৰু ৰাণী গান্ধাৰীৰ দ্বিতীয় পুত্ৰ। তেখেত মহাভাৰত মহাকাব্যৰ দুৰ্যোধনৰ সৰু ভায়েক।
-
দেনমোহৰ
ইছলামত দেনমোহৰ বা মোহৰ (in مهر; مهريه; mehir; mahar; মেহৰ, মেহেৰ, মেহৰিয়ে, বা মোহৰিয়াহ ও অনুবাদ আৰু উচ্চাৰণ কৰা হয়) হ’ল ইছলামত বিবাহৰ সময়ত কইনাক দিবলগীয় ধন, সম্পত্তি বা কোৰআনৰ আয়াতৰ শিক্ষাৰ ৰূপত ইছলামৰ সময়ত কইনাৰ ওপৰত হোৱা বাধ্যবাধকতা (পেমেণ্টৰ পৰিস্থিতি কেতিয়া আৰু কেনেকৈ দিব লাগে তাৰো…
-
ধন্বন্তৰি
ধন্বন্তৰি (Dhanvantari) বেদ আৰু পুৰাণত আয়ুৰ্বেদৰ দেৱতা বুলি উল্লেখ আছে। এওঁক দেৱতা সকলৰ চিকিৎসক বুলি গণ্য কৰা হয়। ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ ধন্বন্তৰি দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত হাতত অমৃতৰ ঘটলৈ সাগৰৰ পৰা অৱতৰণ হৈছিল।
-
ধৰ্মপাল (বৌদ্ধ ধৰ্ম)
ধৰ্মপাল বৌদ্ধ ধৰ্মৰ এক প্ৰকাৰৰ উগ্ৰ বা খঙাল দেৱতা। সংস্কৃতত এই নামৰ অৰ্থ "ধৰ্ম ৰক্ষক" আৰু ধৰ্মপালসকলক ন্যায় বা আইনৰ ৰক্ষক বুলিও কোৱা হয়। ধৰ্মপাল দুইধৰণৰ: লৌকিক ৰক্ষক (লোকপাল) আৰু প্ৰজ্ঞা ৰক্ষক (জ্ঞানপাল)। কেৱল প্ৰজ্ঞা ৰক্ষকসকলহে আলোকিত সত্তা।
-
নৰহৰি তীৰ্থ
নৰহৰি তীৰ্থ (আনুমানিক ১২৪৩ - ১৩৩৩) এজন দ্বৈত দাৰ্শনিক, পণ্ডিত, ৰাষ্ট্ৰনেতা আৰু মধ্বাচাৰ্যৰ অন্যতম শিষ্য আছিল। শ্ৰীপদৰাজৰ সৈতে তেওঁক হৰিদাস আন্দোলনৰ আদিপুৰুষ বুলি গণ্য কৰা হয়। যদিও তেওঁৰ মাত্ৰ দুখন বিদ্বান গ্ৰন্থহে আছে, তথাপি ইয়াৰ বৈশিষ্ট্য হৈছে ইয়াৰ বাক্যকুশলতা আৰু বিচ্যুতিৰ অভাৱ।
-
নৰ্ছ শ্ৰুতিকথা
নৰ্ছ, নৰ্ডিক বা স্কেণ্ডিনেভিয়ান (ইংৰাজী: Norse, Nordic, বা Scandinavian) পৌৰাণিক কাহিনী হৈছে উত্তৰ জাৰ্মানীয় জনগোষ্ঠীৰ অন্তৰ্গত শ্ৰুতিকথাৰ সমষ্টি, যিবোৰ পুৰণি নৰ্ছ ধৰ্মৰ পৰা উদ্ভৱ হৈ স্কেণ্ডিনেভিয়াৰ খ্ৰীষ্টানীকৰণৰ পিছৰ পৰা আধুনিক যুগৰ নৰ্ডিক লোককথালৈকে অব্যাহত আছে।
-
পুনৰুত্থান দিৱস
মুছলমানসকলে বিশ্বাস কৰে যে মৃত্যুৰ পিছত প্ৰত্যেক ব্যক্তিৰ কৃতকৰ্মৰ এদিন হিচাব লোৱা হ’ব আৰু সেই গতিকে সকলো মানুহ আৰু জীৱনক এক পূৰ্বনিৰ্ধাৰিত দিনত পুনৰ জীৱিত কৰা হ’ব। সেই নিৰ্দিষ্ট দিনটোক পুনৰুত্থান দিৱস বোলা হয়।
-
পুলহ (ঋষি)
পুলহ হিন্দু পৌৰাণিক কাহিনীৰ এটা চৰিত্ৰ। তেওঁ সৃষ্টিকৰ্তা দেৱতা ব্ৰহ্মাৰ পুত্ৰ আৰু লগতে প্ৰথম মন্বন্তৰত(মনুৰ যুগত) সপ্তৰ্ষি(সাতজন মহান ঋষি)ৰ অন্যতম আৰু আন কেইজন হ'ল মৰিচি, অত্ৰি, অংগিৰস, ক্ৰতু, পুলস্ত্য আৰু বশিষ্ঠ।
-
পুৰুৰৱা
পুৰুৰৱা হিন্দু সাহিত্যৰ এটা চৰিত্ৰ, চন্দ্ৰ বংশৰ প্ৰথমজন ৰজা বুলি গণ্য কৰা এজন ৰজা। বেদৰ মতে তেওঁ সূৰ্য আৰু উষাৰ সৈতে জড়িত এক কিংবদন্তি সত্ত্বা, আৰু তেওঁ মহাবিশ্বৰ মধ্য অঞ্চলত বাস কৰে বুলি বিশ্বাস কৰা হয়। ঋগবেদত (X.95.18) উল্লেখ আছে যে তেওঁ ইলাৰ পুত্ৰ আছিল আৰু এজন ধৰ্মপৰায়ণ শাসক আছিল।
-
পৃথিৱী (দেৱী)
পৃথিৱী বা পৃথ্বী মাতা (সংস্কৃত: पृथ्वी,, অথবা पृथिवी, ) হৈছে সংস্কৃত আৰু প্ৰায়সমূহ আধুনিক ভাৰতীয় ভাষা(অসমীয়া, বাংলা ইত্যাদি) সমূহত আমাৰ গ্ৰহ পৃথিৱী সূচক নাম। ইয়াৰ লগতে হিন্দু আৰু বৌদ্ধ ধৰ্মৰ শাখাবিশেষত এগৰাকী দেৱীৰ নাম। সেই দেৱী ভূমি, ধাত্ৰী, ধৰিত্ৰী ইত্যাদি নামেৰেও পৰিচিত।
-
প্ৰেত
প্ৰেত (प्रेत) হৈছে হিন্দু, বৌদ্ধ, তাও ধৰ্ম আৰু চীনা লোকধৰ্মত মানুহৰ তুলনাত অধিক দুখ-কষ্ট, বিশেষকৈ চৰম মাত্ৰাৰ ভোক আৰু পিয়াহৰ সন্মুখীন হোৱা বুলি বৰ্ণনা কৰা এক প্ৰকাৰৰ অলৌকিক সত্তাৰ সংস্কৃত নাম। ইহঁতক ভোকাতুৰ ভূত বুলিও কোৱা হয়। ভাৰতীয় ধৰ্মৰ পৰাই প্ৰেতৰ উৎপত্তি হৈছে।
-
ফুছিলত (ছূৰা)
ফুছিলত (فصلت, fuṣṣilat "স্পষ্টভাৱে ব্যাখ্যা কৰা", ছূৰা হা মিম আছ-ছাজদাহ বুলিও জনা যয়। (سورة ﺣﻢ ﺍﻟﺴﺠﺪﺓ), কোৰআনৰ ৪১তম ছূৰা (অধ্যয়) আছে আৰু ইয়াৰ ৫৪টা আয়াত (পদ) আছে।
-
বিগফুট
বিগফুট (/ˈbɪɡfʊt/, ইংৰাজী: Bigfoot, সাধাৰণতে ছাস্কোৱাচ (Sasquatch) বুলিও কোৱা হয়) উত্তৰ আমেৰিকাৰ বিশেষকৈ প্ৰশান্ত মহাসাগৰীয় উত্তৰ-পশ্চিম অঞ্চলৰ অৰণ্যত বাস কৰে বুলি বিশ্বাস কৰা এবিধ কিংবদন্তিমূলক জীৱ।
-
বিনতা
বিনতা (সংস্কৃত: विनता) আছিল প্ৰজাপতি দক্ষৰ কণ্যা আৰু ঋষি কাশ্যপৰ পত্নী। বিনতা প্ৰজাপতি দক্ষৰ তেৰগৰাকী কন্যাৰ মাজৰ এগৰাকী আছিল আৰু ১২ গৰাকী ভগ্নীৰ সৈতে কাশ্যপৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। বিনাতাক চৰাই বা পক্ষীকুলৰ মাতৃ বুলিও কোৱা হয়।
-
বিৰোচন
বিৰোচন হিন্দু ধৰ্মৰ এজন অসুৰ ৰজা। অথৰ্ববেদ (VIII.10.22) অনুসৰি তেওঁ প্ৰহ্লাদ আৰু ধৃতিৰ পুত্ৰ, হিৰণ্যকশিপুৰ নাতি আৰু বালিৰ পিতৃ। দাৰ্শনিক অনুসন্ধান আৰু নেতৃত্বৰ বাবে পৰিচিত বিৰোচন হিন্দু গ্ৰন্থসমূহৰ বিশেষকৈ চান্দোগ্য উপনিষদ, পুৰাণ, মহাভাৰত আদিৰ এক উল্লেখযোগ্য ব্যক্তিত্ব।
-
বেদৱতী
বেদৱতী (वेदवती) আছিল বৃহস্পতিৰ পুত্ৰ কুশধ্বজৰ এগৰাকী জীয়ৰী। তেওঁক মিথিলাৰ ৰজা জনকৰ গৃহত জন্মলাভ কৰা সীতাৰ আত্মা আছিল বুলি কোৱা হয়। যি ৰামায়ণ মহাকাব্যৰ নায়িকা তথা ৰামৰ পত্নী আছিল।
-
বৈশেষিক দৰ্শন
প্ৰাচীন ভাৰতীয় দৰ্শনৰ ছটা প্ৰধান আস্তিক সম্প্ৰদায়ৰ (ষড়দৰ্শন) ভিতৰত বৈশেষিক দৰ্শন (ইংৰাজী: Vaisheshika Philosophy) অন্যতম। এই দৰ্শনৰ প্ৰতিষ্ঠাপক হৈছে মহৰ্ষি কণাদ। খ্ৰীষ্টপূৰ্ব ২য় শতিকাৰ পৰা ৬ষ্ঠ শতিকাৰ ভিতৰত ৰচিত "বৈশেষিক সূত্ৰ" হৈছে এই দৰ্শনৰ মূল আধাৰ।
-
ভাৰত মাতা
ভাৰত মাতা বা ভাৰতাম্বা হৈছে ভাৰতক মাতৃদেৱী হিচাপে গণ্য কৰা ৰূপ। তেওঁক দেৱী হিচাপে পূজা কৰা হয়। তেওঁক সাধাৰণতে গেৰুৱা শাৰী পৰিহিত হাতত ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা লৈ থকা ৰূপত কল্পনা কৰা হয়। কিছুমান ৰূপত তেওঁৰ বাহন হিচাপে সাহস আৰু বিক্ৰমৰ প্ৰতীক সিংহ থাকে।
-
ভৈৰৱী
ভৈৰৱী হিন্দু দেৱী মহাবিদ্যাৰ লগত যুক্ত। তেখেত ভৈৰৱৰ পত্নী।
-
মদন কামদেৱ দেৱালয়
মদন কামদেৱ দেৱালয় হৈছে অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ দেৱানগিৰি পাহাৰত অৱস্থিত এখন দেৱালয়। সুন্দৰ নৈসৰ্গিক শোভা আৰু চৌদিশে সিঁচৰতি হৈ থকা অসংখ্য শৈল স্থাপত্য আৰু ভাস্কৰ্যৰ ভগ্নাৱশেষৰ বাবে এই দেৱালয় অসমৰ এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ।
-
মহাকাল
মহাকাল হিন্দু আৰু তান্ত্ৰিক বৌদ্ধ ধৰ্মৰ উমৈহতীয়া দেৱতা। বৌদ্ধ ধৰ্মত মহাকালক পবিত্ৰ ধৰ্মপাল হিচাপে গণ্য কৰা হয়। আনহাতে হিন্দু ধৰ্মত মহাকাল শিৱৰ এক উগ্ৰ ৰূপ তথা মহাকালীৰ পতি আৰু তেওঁক শক্তিবাদৰ কালীকুল পন্থাত আটাইতকৈ বেছি দেখা যায়।
-
মহাগৌৰী
মহাগৌৰী (महागौरी) হৈছে পাৰ্বতীৰ অষ্টম অৱতাৰ আৰু নৱদুৰ্গাসকলৰ অন্যতম। নৱৰাত্ৰিৰ অষ্টম দিনা মহাগৌৰীৰ পূজা কৰা হয়। হিন্দু ধৰ্ম অনুসৰি দেৱী মহাগৌৰীয়ে তেওঁৰ ভক্তসকলৰ সকলো ইচ্ছা-আকাংক্ষা পূৰণ কৰিব পাৰে। যিজনে দেৱীক উপাসনা কৰে তেওঁ জীৱনৰ সকলো দুখ-কষ্টৰ পৰা সকাহ পায়।
-
মহাদেৱী
হিন্দু ধৰ্মত, মহাদেৱী (Mahadevi, महादेवी) বা "মহান দেৱী" হৈছে আন সকলো দেৱীৰ মহান দেৱী। তেওঁ শাক্তধৰ্মত দেৱাদিদেৱ মহাদেৱৰ সহধৰ্মী। তেওঁক এক নিৰ্দিষ্ট দেৱী হিচাপে চিনাক্ত কৰা হৈছে, যাৰ মাজত আটাইতকৈ প্ৰচলিতবোৰ হ’ল ক্ৰমে পাৰ্বতী, মহালক্ষ্মী বা ত্ৰিদেৱী।
-
মহাবোধি মন্দিৰ
মহাবোধি মন্দিৰ (সংস্কৃত: महाबोधि मंदिर) বুদ্ধগয়াত অৱস্থিত এটা বৌদ্ধ মন্দিৰ। ইয়াতেই সিদ্ধাৰ্থ গৌতমে বুদ্ধত্ব লাভ কৰিছিল। বোধগয়া ভাৰতৰ বিহাৰ ৰাজ্যৰ ৰাজধানী পাটনাৰ পৰা 96 কি.মি. দূৰত অৱস্থিত। মন্দিৰৰ পশ্চিম দিশে পবিত্ৰ বোধিবৃক্ষজোপা আছে। পালিশাস্ত্ৰত এই গছডালৰ নাম বোধিমণ্ড হিচাপে উল্লেখ আছে।
-
মহাযান সূত্ৰ
মহাযান সূত্ৰসমূহ হৈছে এটি বহল বৌদ্ধ সূত্ৰৰ ধাৰা যি মহাযান বৌদ্ধ ধৰ্মত ধৰ্মানুশাসনগত আৰু বুদ্ধবচন বুলি মনা হয়। এই সূত্ৰসমূহ চীনা বৌদ্ধ ধৰ্মানুশাসন, তিব্বতী বৌদ্ধ ধৰ্মানুশাসন আৰু অনেক সংস্কৃত হস্তলিপিত সংৰক্ষিত। কেইবাশ মহাযান সূত্ৰ সংস্কৃত বা চীনা আৰু তিব্বতী ভাষাৰ অনূদিত সংস্কৰণত উপলব্ধ।
-
মান্ধাতা
মান্ধাতা বা মান্ধাতৃ বা মান্ধাত্ৰী (সংস্কৃত: मान्धा, মান্ধাত্ৰ) ভাৰতৰ সূৰ্যবংশ বা সৌৰবংশৰ ৰঘুবংশ শাখাৰ এজন কিংবদন্তি প্ৰাগঐতিহাসিক ৰজা আছিল। তেওঁ সমগ্ৰ বিশ্ব জয় কৰি ঋগবেদৰ ১০ নং মণ্ডলৰ ১৩৪ নং গীত ৰচনা কৰিছিল বুলি কোৱা হয়। মহাভাৰতে তেওঁক যুৱনাশ্বৰ পুত্ৰ বুলি অভিহিত কৰিছে।
-
মায়ামৰা সত্ৰ
মায়ামৰা সত্ৰ অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা কাল সংহতি ধাৰাৰ সত্ৰ।
-
মৰিয়ম (ছূৰা)
মৰিয়ম (مريم, Maryam; "মেৰী"ৰ আৰবী সমাৰ্থক) হৈছে ৯৮ টা শ্লোক (আয়াত) থকা কোৰআনৰ ১৯ তম অধ্যায় (ছূৰা)। কোৰআনৰ ১১৪ টা অধ্যায় প্ৰায় আকাৰৰ দ্বাৰা আদেশ দিয়া হৈছে। কোৰআনৰ অধ্যায়টো যীশু বা ঈছাৰ মাতৃ মেৰী আৰু খ্ৰীষ্টান বিশ্বাসত কুমাৰী মেৰীৰ নামেৰে নামাকৰণ কৰা হৈছে।
-
য়েলাম্মা মন্দিৰ, সৌন্দাট্টি
য়েল্লামা মন্দিৰ (কানাড়া: ರೇಣುಕಾ ಯಲ್ಲಮ್ಮ ದೇವಿ ದೇವಸ್ಥಾನ್ಥಾನ ) ৰেনুকা মন্দিৰ নামেৰেও জনাজাত। ৰেণুকা দেৱীৰ মন্দিৰ ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ সৌন্দটি চহৰৰ পৰা প্ৰায় ৫ কিলোমিটাৰ (৩.১ মাইল) দূৰৈত অৱস্থিত৷ ই পূৰ্বতে সিদ্ধাচল পাৰ্বত নামেৰে জনাজাত আৰু বৰ্তমান "য়েল্লামম্ন্না গুড্ডা" নামেৰে জনাজাত এটা পাহাৰৰ…