হংসা যোগেন্দ্ৰ (Hansa Yogendra, हंसा योगेन्द्र; জন্ম: ৮ অক্টোবৰ ১৯৪৭) এগৰাকী ভাৰতীয় যোগ গুৰু, লেখিকা, গৱেষক আৰু টেলিভিছন ব্যক্তিত্ব।১২৩৪ শহুৰেক শ্ৰী যোগেন্দ্ৰই প্ৰতিষ্ঠা কৰা মুম্বাইৰ দ্য যোগ ইনষ্টিটিউটৰ পৰিচালক। ১৯১৮ চনত স্থাপিত ই চৰকাৰী স্বীকৃতিপ্ৰাপ্ত অলাভজনক সংস্থা আৰু বিশ্বৰ আটাইতকৈ পুৰণি সংগঠিত যোগ কেন্দ্ৰ।২
১৯৮০ চনত ডি ডি নেচনেলত প্ৰচাৰিত টেলিভিছন ধাৰাবাহিক যোগ ফৰ বেটাৰ লিভিঙৰ উপস্থাপিকা আছিল। ভাৰতীয় মান পৰিষদৰ যোগ প্ৰমাণীকৰণ সমিতিৰ অধ্যক্ষ আৰু আন্তঃৰাষ্ট্ৰীয় যোগ ব’ৰ্ডৰ সভানেত্ৰী। ভাৰতীয় যোগ সন্থাৰ উপ-সভানেত্ৰী।৩
প্ৰাথমিক জীৱন
১৯৪৭ চনৰ ৮ অক্টোবৰত জৈন পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম জিতেন্দ্ৰ ফুলচান্দ পাটনী আৰু মাতৃৰ নাম তাৰা পাটনী। হংসাই মিথিবাই কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। পিছলৈ তেওঁ দ্য যোগ ইনষ্টিটিউটত যোগ শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। তেওঁ মুম্বাইৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে। ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ দ্য অ’পেন ইণ্টাৰনেশ্যনেল ইউনিভাৰ্চিটি ফৰ কম্প্লিমেণ্টৰী মেডিচিনৰ পৰা পিএইচডি লাভ কৰে।৪
ব্যক্তিগত জীৱন
১৯৭৩ চনত জয়দেৱ যোগেন্দ্ৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৫ হংসা শ্ৰী যোগেন্দ্ৰৰ বোৱাৰী।৬
অতিৰিক্ত পঠন
- (2003). Das Schweizer Buch: bibliographisches Bulletin der Schweizerischen Landesbibliothek, Bern. Schweizerischer Buchhändler- und Verlegerverein, Indiana University. পৃ. 329
- Subba Rao. (January 2018). The Call of Yoga: The Life And Mission of Dr. Jayadeva & Hansaji Yogendra. Zen Publications. ISBN 9789385902918
- Anne Cushman; Jerry Jones. (4 February 1999). From here to nirvana: the essential guide to the yogis and gurus, ashrams and temples of spiritual India. Rider (imprint). ISBN 9780712670616
বাহ্যিক সংযোগ
- The Yoga Institute
- The Yoga Institute (Youtube channel)
- Yog Satra with Yogachrya Hansa Jaidev Yogendra
তথ্যসূত্ৰ
- ↑ 'Yoga is not a religious practice': Hansa Yogendra
- ↑ P. Warden. (1994). Parsiana, Volume 17. the University of Virginia. পৃ. 34
- ↑ (2001). India Today International, Volume 26. Living Media, the University of Michigan. পৃ. 59
- ↑ (3 April 2018). Taarak Mehta fame Disha Vakani seeks the blessing of Smt. Hansaji, writes a moving post. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Prominent yoga guru passes away.. India times
- ↑ Neighbourhood haven the yoga institute.. DNAindia
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হংসা যোগেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ৪১৪৯১৮ (২৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।