হোছাই আহমদজাই (Hosai Ahmadzai) এগৰাকী আফগান সংবাদ পৰিৱেশক। ২০২১ চনত কাবুলৰ পতনৰ পিছত তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰ দিনকেইটাত তেওঁ আফগানিস্তানত থকা মাত্ৰ দুগৰাকী মহিলা বাতৰি পৰিবেশকৰ ভিতৰত অন্যতম আছিল।১
জীৱনী
আইন আৰু ৰাজনীতি বিজ্ঞানৰ অৰ্হতাৰে সমৃদ্ধ আহমদজাই ২০১৬ চনৰ পৰা সংবাদ মাধ্যমত কাম কৰি আহিছে। তেওঁ মহিলাৰ শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যাক তালিবানে গুৰুতৰভাৱে সীমিত কৰি ৰাখিছে। আফগানিস্তানৰ কেইগৰাকীমান মহিলা বাতৰি পৰিবেশকৰ ভিতৰত অন্যতম হিচাপে পৰিচিত আহমদজাইয়ে ২০২১ চনৰ আগষ্ট মাহত তালিবানে দেশখন দখল কৰাৰ সময়ত সম্প্ৰচাৰ অব্যাহত ৰাখিছিল।২ সংবাদ মাধ্যমত তেওঁৰ সুৰক্ষা আৰু মহিলাৰ প্ৰতি সমাজৰ বিৰোধিতাৰ চিন্তা সত্ত্বেও ছামছাদ টিভিত তেওঁ কাম আগবঢ়াই নিছিল। তাৰ পিছৰে পৰা আহমদজাইয়ে কেইবাজনো তালিবান প্ৰতিনিধিৰ সৈতে কথা পাতিছে যদিও তেওঁলোকক সুধিব পৰা প্ৰশ্নৰ ক্ষেত্ৰত তেওঁ সীমিত। তেওঁৰ সাহসক স্বীকাৰ কৰি ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক বিবিচি ১০০ মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।৩
তথ্যসূত্ৰ
- ↑ BBC 100 Women 2023: Who is on the list this year? - BBC News. News
- ↑ Farivar, Masood. The Afghan Journalists Who Stayed · VOA Special Report. projects.voanews.com
- ↑ (2022-04-14). 'Under the previous government, I was fearless'. Voice of America
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হোছাই আহমদজাই” প্ৰবন্ধৰ সংশোধন ৪৮৩১৮৮ (২৬ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।