হীৰেন গোহাঁই (Hiren Gohain) ষাঠিৰ দশকৰ পৰাই আকাশবাণীৰ গুৱাহাটী আৰু ডিব্ৰুগড় কেন্দ্ৰৰ এগৰাকী ঘোষক, সুৰকাৰ তথা সংগীত পৰিচালক৷ সংগীতৰ জগতলৈ তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে অসম চৰকাৰে হীৰেন গোহাঁইলৈ ২০১২-১৩ বৰ্ষৰ শিল্পী বঁটা আগবঢ়াইছে৷১
প্ৰাৰম্ভিক জীৱন
হীৰেন গোহাঁইৰ জন্ম হয় ১৯৪৬ চনৰ নৱেম্বৰ মাহত শিৱসাগৰ জিলাৰ ধাঁইআলি দিলিহি গাঁৱত৷ তেওঁৰ পিতৃ সাহিত্যিক পেঞ্চনাৰ ৰিপুনাথ বুঢ়াগোহাঁই৷ মাতৃ প্ৰতিমা বুঢ়াগোহাঁই৷ গোহাঁয়ে শ্বিলঙত প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰে৷ পিতৃৰ চাকৰিৰ হেতু অসমৰ কেইবাটাও অন্যান্য অঞ্চলত শিক্ষা গ্ৰহণ কৰি তেওঁ দৰং মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা লাভ কৰে৷১
কৰ্মজীৱন
১৯৬৭ চনত গোহাঁয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰত ঘোষকৰূপে কৰ্মজীৱন আৰম্ভ কৰে৷ পৰৱৰ্তী কালত তেওঁ ১৯৬৯ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰত যোগদান কৰে৷ ইয়াৰ লগে লগে সুৰকাৰ ৰূপেও তেওঁ আত্মপ্ৰকাশ কৰে৷ বৰ্তমানলৈকে তেওঁ ভালেসংখ্যক গীতৰ ৰচনা আৰু পৰিচালনা কৰিছে৷১
বঁটা আৰু সন্মান
- ২০১২-২০১৩ বৰ্ষৰ অসম চৰকাৰৰ শিল্পী বঁটা।১
তথ্যসূত্ৰ
- ↑ (৩ জানুৱাৰী, ২০১৪). দৈনিক অসমৰ 'জোনাকী বাট' শিতানত প্ৰকাশিত বাতৰি
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হীৰেন গোহাঁই (সংগীতজ্ঞ)” প্ৰবন্ধৰ সংশোধন ৩৮৬০২৯ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।