অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

হেমন্ত বৰ্মন

হেমন্ত বৰ্মন (জন্ম: ১৯৫৭) এগৰাকী বিশিষ্ট অসমীয়া গল্পকাৰ আৰু সাংবাদিক। তেওঁৰ গল্পৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ তথাপিও নদী (১৯৯০) হেমন্ত দাসৰ দ্বাৰা পৰিচালিত হৈছিল।

হালনাগাদ: ২৪ জুলাই ২০২৫ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

হেমন্ত বৰ্মন (জন্ম: ১৯৫৭) এগৰাকী বিশিষ্ট অসমীয়া গল্পকাৰ আৰু সাংবাদিক। তেওঁৰ গল্পৰ আধাৰত নিৰ্মিত চলচ্চিত্ৰ তথাপিও নদী (১৯৯০) হেমন্ত দাসৰ দ্বাৰা পৰিচালিত হৈছিল।

জন্ম আৰু শিক্ষা

তেওঁ ১৯৫৭ চনত অসমৰ নলবাৰী জিলাৰ বেলশৰত জন্মগ্ৰহণ কৰে। কটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

১৯৮২ চনত The Sentinel কাকতত সাংবাদিকতা আৰম্ভ কৰে। তাৰ পাছত নতুন দৈনিক কাকতৰ বাৰ্তা সম্পাদকৰ দায়িত্ব পালন কৰে। লগতে শ্ৰীময়ী নামৰ আলোচনীৰো সম্পাদক আছিল। বৰ্তমান তেওঁ দৈনিক জনমভূমি কাকতৰ সম্পাদক।

সাহিত্যৰচনা

তেওঁৰ একমাত্ৰ গল্প-সংকলন:

  • ভয় (১৯৯৩)

চলচ্চিত্ৰ

  • তথাপিও নদী (১৯৯০) — এই চলচ্চিত্ৰটো হেমন্ত বৰ্মনৰ গল্পৰ আধাৰত নিৰ্মিত।

তথ্য উৎস

  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, পৃষ্ঠা ২৬১, প্ৰথম প্ৰকাশ: ২০০৬

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমন্ত বৰ্মন” প্ৰবন্ধৰ সংশোধন ৫২৬৯৭০ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।