বেগম হামিদা হবিবুল্লা (Hamida Habibullah; ২০ নৱেম্বৰ ১৯১৬ -১৩ মাৰ্চ ২০১৮) হ'ল এগৰাকী ভাৰতীয় সাংসদ, শিক্ষাবিদ আৰু সমাজকৰ্মী।১ তেওঁক স্বাধীনতাৰ পৰৱৰ্তী সময়ৰ ভাৰতত ভাৰতীয় নাৰীৰ প্ৰতিষ্ঠিত মুখ বুলি কোৱা হয়।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
বেগম হামিদা হবিবুল্লাৰ জন্ম লক্ষ্ণৌত। তেওঁ আছিল হায়দৰাবাদ উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশ নৱাব নাজিৰ য়াৰ জং বাহাদুৰৰ কন্যা আৰু তিনিজন ভাতৃৰ জ্যেষ্ঠ ভগ্নী। তেওঁ তেওঁৰ শৈশৱ আৰু প্ৰাৰম্ভিক বছৰবোৰ হায়দৰাবাদত অতিবাহিত কৰিছিল।৩ তেওঁ লণ্ডনৰ পুটনীৰ হোৱাইটলেণ্ডছ কলেজত দুবছৰীয়া শিক্ষক প্ৰশিক্ষণ পাঠ্যক্ৰম অধ্যয়ন কৰিছিল।৪
ব্যক্তিগত জীৱন
১৯৩৮ চনত খাদকভাছলাৰ নেশ্যনেল ডিফেন্স একাডেমীৰ প্ৰতিষ্ঠাপক কমাণ্ডেণ্ট মেজৰ জেনেৰেল এনাইথ হাবিবুল্লাহৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৫
তেওঁৰ পুত্ৰ ৱাজাহাট হবিবুল্লা এজন প্ৰাক্তন আই এ এছ বিষয়া হোৱাৰ লগতে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ প্ৰাক্তন অধ্যক্ষ, আৰু তেওঁৰ নাতি অমৰ হাবিবুল্লা আৰু ছৈফ হবিবুল্লাহ বিশিষ্ট ব্যৱসায়ী।৫
ৰাজনৈতিক জীৱন
এগৰাকী কংগ্ৰেছ সমৰ্থক হিচাপে ১৯৬৫ চনত তেওঁ স্বামীৰ অৱসৰৰ পিছত সক্ৰিয় ৰাজনীতিত যোগদান কৰে। হাইদৰগড় (জিলা বাৰাবাংকি)ৰ পৰা নিৰ্বাচিত বিধানসভাৰ সদস্য (বিধায়ক) হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতে ১৯৭১ চনৰ পৰা ১৯৭৩ চনলৈকে সমাজ আৰু হৰিজন কল্যাণ, ৰাষ্ট্ৰীয় সংহতি আৰু অসামৰিক প্ৰতিৰক্ষা ৰাজ্যিক মন্ত্ৰী আৰু ১৯৭১ চনৰ পৰা ১৯৭৪ চনলৈকে পৰ্যটন মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮০ চনলৈকে উত্তৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য আৰু ১৯৬৯ চনৰ পৰা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীৰ (এআইচিচি) (নিৰ্বাচিত) সদস্য আছিল। ১৯৭২ চনৰ পৰা ১৯৭৬ চনলৈ ইউ পি চি চিৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী আছিল।৪৫ ইয়াৰ পিছত ১৯৭৬ চনৰ পৰা ১৯৮২ চনলৈ ৰাজ্যসভাৰ সদস্য আছিল।৪
শৈক্ষিক আৰু সামাজিক জীৱন
লণ্ডনৰ পৰা উভতি অহাৰ পিছত তেওঁ অঞ্চলটোৰ মহিলা শিক্ষাৰ উন্নতিৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে আৰু ১৯৭৫ চনৰ পৰা লক্ষ্ণৌৰ প্ৰথম ইংৰাজী ডিগ্ৰী মহাবিদ্যালয়ৰ অৱধ গাৰ্লছ ডিগ্ৰী কলেজৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷৬ ১৯৭৫ চনৰ পৰা তালিমগাহ-ই-নিছৱান মহাবিদ্যালয়ৰ সভানেত্ৰীও আছিল, যিখন মহাবিদ্যালয় তেওঁৰ শাহুৱেক প্ৰয়াত বেগম ইনাম হাবিবুল্লাই প্ৰতিষ্ঠা কৰা মুছলমান ছোৱালীৰ শিক্ষাৰ বাবে ৩৫০০ জনীয়া মহাবিদ্যালয়।৪
৫,০০০ চিকান শ্ৰমিকক নিয়োগ কৰা মহিলাৰ উত্থান আৰু উন্নতিৰ সংস্থা এছ.ই.ডব্লুউ.এ. লক্ষ্ণৌ (Self Employed Women's Association)ৰ সভানেত্ৰীও আছিল। ১৯৮৭ চনৰ পৰা নতুন দিল্লীৰ কেন্দ্ৰীয় সমাজ কল্যাণ ব’ৰ্ডৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যও আছিল৷৫
হামিদা হবিবুল্লা সৰ্বভাৰতীয় মহিলা সন্মিলন, নাৰী সেৱা সমিতি লক্ষ্ণৌ, চেশ্বাৰ হোমছ ইণ্ডিয়া লক্ষ্ণৌৰ পৃষ্ঠপোষক আৰু সৈনিক কল্যাণ ব’ৰ্ড লক্ষ্ণৌৰ সদস্যও আছিল।৫
১৯৭৪ চনৰ পৰা ১৯৮০ চনলৈকে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অফ এক্সিকিউটিভ কাউন্সিলৰ তেওঁ সদস্য আছিল। ইউ পি উৰ্দু একাডেমীৰ সভানেত্ৰী (১৯৭২ চনত উদ্বোধন), প্ৰতিষ্ঠাপক সভানেত্ৰী আৰু ১৯৭২–৭৬ আৰু ১৯৮২ চনত পুনৰ নিৰ্বাচিত হয়।৫
হামিদা হাবিবুল্লাই চৈয়দনপুৰৰ আমৰ বাগিচাৰ মুখ সলনি কৰিলে। বেগমে নিজেই কৃষি বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা অনুসৰি মালিয়াহাবাদী, দশেহৰী, চৌছা, লাংডা আৰু চাফেদাকে ধৰি কেইবাবিধো আম ৰোপণ কৰিছিল।৭
বেচৰকাৰী সংস্থা প্ৰাজৱালাৰো তেওঁ সহ-প্ৰতিষ্ঠাপক আছিল।৮
তথ্যসূত্ৰ
- ↑ Follow Uttar Pradesh. (2018-03-13). Former UP minister Begum Hamida Habibullah dies at 102 - India News. Indiatoday.in
- ↑ https://in.news.yahoo.com/tbi-blogs-begum-sahiba-lucknow-121327182.html
- ↑ 'There is a superpower in her'. The Times of India
- ↑ (8 December 2016). Begum Sahiba of Lucknow: At the Age of 100, Hamida Habibullah Lives on as an Iconic Figure. The Better India
- ↑ Society, LUCKNOW. Hamida Habibullah: Begum Sahiba of Lucknow. lucknow.me
- ↑ Ahmad, Omair. (2 December 2016). Stories of a century. The Hindu Business Line
- ↑ (21 June 2013). Mango farming has grown as a 'juicier business' in Barabanki village. hindustantimes.com
- ↑ Vasudev, Shefalee. (31 May 2013). Opinion. livemint.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হামিদা হবিবুল্লা” প্ৰবন্ধৰ সংশোধন ৪৮৭৩৫১ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।