সৰোজিনী বাবৰ ( Sarojiny Babar; ৭ জানুৱাৰী, ১৯২০ – ২০ এপ্ৰিল, ২০০৮) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী মাৰাঠী সাহিত্যিক আৰু ৰাজনীতিবিদ।
ড° বাবৰৰ ১৯২০ চনৰ ৭ জানুৱাৰীত মহাৰাষ্ট্ৰৰ সাংগালী জিলাৰ বাগানী চহৰত জন্ম হৈছিল। ইছলামপুৰত হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি পুনেৰ এছ পি কলেজত যোগদান কৰে আৰু ১৯৪৪ চনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লয়। তাৰ পিছত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰাই স্নাতকোত্তৰ আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰে।১
১৯৫২–৫৭ আৰু ১৯৬৩–৬৬ কালচোৱাত মহাৰাষ্ট্ৰ ৰাজ্যৰ বিধানসভাৰ সদস্য আছিল। ১৯৬৮–৭৪ কালচোৱাত তেওঁ ভাৰতৰ ৰাজ্যসভাৰ সদস্য আছিল। ড° বাবৰ মহাৰাষ্ট্ৰ ৰাজ্যিক লোককথা সমিতি, মহাৰাষ্ট্ৰ সাহিত্য পৰিষদ আৰু মহাৰাষ্ট্ৰ লোক সাহিত্য পৰিষদৰো অধ্যক্ষ আছিল।২ ১৯৫০ চনৰ পৰা বহু বছৰ ধৰি বাবৰ সমাজ শিক্ষণ মালা আলোচনীৰ সম্পাদক আছিল। সাহিত্যৰ জৰিয়তে মাৰাঠী লোকসকলৰ সাংস্কৃতিক সমৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰে ১৯৫৩ চনত মহাৰাষ্ট্ৰ ৰাজ্য লোকসাহিত্য সমিতি প্ৰতিষ্ঠা কৰিছিল। ১৯৬১ চনৰ পৰা ড০ বাবৰ ৩২ বছৰ ধৰি MRLS-ৰ মুৰব্বী আছিল।৩
তথ্যসূত্ৰ
- ↑ Sarojini Babar. map.sahapedia.org
- ↑ Staff. (2008-04-24). RS pays homage to former member Sarojini Babar. oneindia.com
- ↑ http://sarojinibabar.com/shahitik.html
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৰোজিনী বাবৰ” প্ৰবন্ধৰ সংশোধন ৫৬৯৭৫৪ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।