হেমেন্দ্ৰ সিং পানৱাৰ (Hemendra Singh Panwar) এজন বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰাৰ বাবে পৰিচিত ভাৰতীয় সংৰক্ষণবিদ আৰু চৰকাৰী কৰ্মচাৰী। তেওঁ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ প্ৰথমজন সঞ্চালক হিচাপে প্ৰজেক্ট টাইগাৰৰ সঞ্চালক আছিল।১ ভাৰত চৰকাৰে তেওঁক পৰিৱেশ আৰু সংৰক্ষণৰ প্ৰতি আগ বঢে়াৱা সেৱাৰ বাবে ২০১৩ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণ প্ৰদান কৰে।২৩
জীৱনী
১৯৩৭ চনৰ ২২ মাৰ্চত মধ্যপ্ৰদেশৰ বালাঘাট জিলাত হেমেন্দ্ৰ সিং পানোৱাৰৰ জন্ম হৈছিল।৪ তেওঁ ভাৰতীয় বন সেৱাত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, মণ্ডলাত পোষ্টিঙৰ যোগেদি তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল। ১৯৬৯ চনত তেওঁক দক্ষিণ মণ্ডলালৈ বদলি কৰা হয় যিয়ে কানহাৰ বনাঞ্চল সামৰি লয় আৰু তাত ৩০টা বাঘ আৰু ৬৬ দল-হৰিণা আছিল।৪ হৰিণ সংৰক্ষণৰ ক্ষেত্ৰত পানোৱাৰৰ প্ৰচেষ্টাই এক জোৰদাৰ শক্তি পাইছিল যেতিয়া তেওঁক দল-হৰিণা সংৰক্ষণৰ বাবে এক স্বতন্ত্ৰ ইউনিট গঠন কৰা হৈছিল।
কানহাত থকাৰ সময়ছোৱাত পানোৱাৰে উদ্যানখনক দক্ষতাৰে পৰিচালিত কৰি এক দক্ষ ইউনিটলৈ ৰূপান্তৰিত কৰাত সফল হৈছিলে আৰু ১৯৭৬ চনত উদ্যানখনে পৰিচালনাৰ বাবে ভাৰতৰ শ্ৰেষ্ঠ উদ্যান বঁটা লাভ কৰিছিল। বাঘৰ সংখ্যা ১৫০ আৰু হৰিণৰ সংখ্যা ৪০০ৰো অধিকলৈ বৃদ্ধি হৈছিল আৰু উদ্যান পৰিচালনাই ২২খন অভ্যন্তৰীণ গাঁৱক স্থানান্তৰিত কৰিবলৈ সক্ষম হৈছিল।৪
১৯৮১ চনত ভাৰতত বাঘৰ সংখ্যা সুৰক্ষাৰ বাবে ১৯৭৩ চনত ধাৰণা কৰা প্ৰকল্প প্ৰজেক্ট টাইগাৰৰ মুৰব্বী হিচাপে পানৱাৰক দিল্লীলৈ বদলি কৰা হয়। ১৯৮৫ চনলৈকে তেওঁ ৪ বছৰ ধৰি প্ৰকল্পটোত কাম কৰিছিল, সেই সময়ছোৱাত প্ৰকল্পটোৱে অতিৰিক্ত সাতখন অভয়াৰণ্যক ইয়াৰ অধীনলৈ আনিছিল। ভাৰতত বাঘৰ সংখ্যা ১৯০০ চনৰপৰা ৩০০০ লৈ বৃদ্ধি পালে।৪ স্মিথছ’নিয়ান ইনষ্টিটিউচনেও এই বিষয়ত এখন গৱেষণা পত্ৰ উপস্থাপন কৰিবলৈ তেওঁক আমন্ত্ৰণ জনাইছিল।১
এই সময়ত বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা প্ৰতিষ্ঠান স্থাপনৰ ধাৰণাটো উত্থাপন কৰিছিল ভি বি চহৰিয়াই, আৰু তেওঁৰ এই প্ৰচেষ্টাৰ ফলস্বৰূপে ১৯৮৫ চনত হেমেন্দ্ৰ সিং পানৱাৰক প্ৰথম সঞ্চালক হিচাপে লৈ ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান প্ৰতিষ্ঠা কৰা হয়। পানৱাৰে বন্যপ্ৰাণী জীৱবিজ্ঞান, পৰিচালনা, আৰু সম্প্ৰসাৰণৰ ওপৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰি প্ৰতিষ্ঠানটোক এটা পূৰ্ণাংগ শিক্ষণ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰে। গুৰুত্ব দিয়া বিষয়সমূহতো গৱেষণাৰ সুবিধা স্থাপন কৰা হৈছিল। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানক বিশ্ব সংৰক্ষণ সংঘই ছটা শ্ৰেষ্ঠ সংৰক্ষণ গৱেষণা প্ৰতিষ্ঠানৰ ভিতৰত অন্যতম হিচাপে ৰেটিং দিছে আৰু ৰাজীৱ গান্ধী সংৰক্ষণ বঁটা লাভ কৰিছে। পানৱাৰে ইয়াৰ সঞ্চালক হিচাপে ১৯৯৪ চনত অৱসৰ গ্ৰহণ কৰে।১
বঁটা আৰু স্বীকৃতি
হেমেন্দ্ৰ সিং পানৱাৰে তেওঁ আগবঢ়োৱা সেৱাৰ বাবে কেইবাটাও বঁটা আৰু সন্মান লাভ কৰিছে।
- পদ্মভূষণ – ২০১৩ ২৩
- ড্যুক অৱ এডিনবাৰ্গ সংৰক্ষণ পদক – ডব্লিউ ডব্লিউ এফ ইণ্টাৰনেশ্যনেল – ২০০২ ৪৫৬
- ৰাজীৱ গান্ধী বন্যপ্ৰাণী সংৰক্ষণ বঁটা – ১৯৯৮ ৪৬
- ট্ৰি অৱ লাৰ্নিং বঁটা – বিশ্ব সংৰক্ষণ সংঘ (WCA-IUCN) – ১৯৯৬ ৪৬
- ফ্ৰেড এম পাৰ্কাৰ আন্তঃৰাষ্ট্ৰীয় উদ্যান মেৰিট বঁটা – বিশ্ব সংৰক্ষণ সংঘ (WCA-IUCN) – ১৯৯৬ ৪
- ১৯৯২ চনত প্ৰজেক্ট টাইগাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ স্মাৰক ৪
- মধ্যপ্ৰদেশ চৰকাৰৰ স্বৰ্ণ পদক – ১৯৮১ ৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেমেন্দ্ৰ সিং পানৱাৰ” প্ৰবন্ধৰ সংশোধন ৬০২৮৪৪ (২৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।