হৰিচন্দ মেঘ দালায়া (Harichand Megha Dalaya) (২২ অক্টোবৰ ১৯২১ – ১৪ ছেপ্টেম্বৰ ২০০৪) বিশ্বৰ প্ৰথমটো ম'হৰ গাখীৰৰ বাবে স্প্ৰে-ড্ৰাইয়াৰৰ উদ্ভাৱক আছিল। তেওঁৰ এই উদ্ভাৱনে ভাৰতৰ দুগ্ধ পালন উদ্যোগত (শ্বেত বিপ্লৱ) বৈপ্লৱিক পৰিৱৰ্তন আনিছিল আৰু আমুল সমবায়ৰ অপৰিসীম সফলতাৰ ভেটি স্থাপন কৰিছিল।১
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯২১ চনৰ ২২ অক্টোবৰত ঔপনিৱেশিক ভাৰতৰ কৰাচীত এইচ এম দালায়াৰ জন্ম হৈছিল। তেওঁৰ পিতৃ-মাতৃৰ ঘৰ মথুৰাত আছিল আৰু তেওঁলোক সফল দুগ্ধ পালক আছিল।১
১৯৪৪ চনত পুণেৰ পুনেৰ কৃষি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা দালায়াই স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৪৮ চনত মিচিগানৰ মিচিগান ষ্টেট ইউনিভাৰ্চিটিৰ পৰা ডেইৰী টেকন’লজিত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৫০ চনত তেওঁ বষ্টনৰ হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰা এডভান্সড বিজনেছ মেনেজমেণ্ট প্ৰগ্ৰেম সম্পূৰ্ণ কৰে।১
পঢ়া-শুনা সমাপ্ত কৰাত পিছত এইচ এম দালায়া পুনৰ নতুন স্বাধীন ভাৰতলৈ উভতি আহে। বিভাজনৰ ফলত কৰাচীত তেওঁৰ পৰিয়ালে মাটি হেৰুৱাইছিল, যি বৰ্তমান পাকিস্তানৰ অংশ। ভৱিষ্যত জীৱন তেওঁ নতুনকৈ আৰম্ভ কৰিবলৈ আমেৰিকালৈ উভতি যোৱাৰ চিন্তা কৰিলে।১
টাৰ্ণিং পইণ্ট
তেওঁৰ বন্ধু ভাৰ্গেজ কুৰিয়েনে তেওঁক আমুললৈ যাবলৈ পতিয়ন নিয়াইছিল৷ তেওঁ কৈছিল "এসপ্তাহমানৰ বাবে আহি চোৱা৷ ভাল লাগেনে নাই৷"১ আমুল তেওঁৰ জীৱনৰ আহ্বান হিচাপে পৰিগণিত হ'ল আৰু এইচ এম দালায়া অৱসৰ নোলোৱালৈকে তাতেই থাকিল।
খেড়া জিলাত ম’হৰ গাখীৰ প্ৰচুৰ পৰিমাণে আছিল যদিও প্ৰযুক্তিগত বাধাৰ বাবে ইয়াক বৃহৎ বজাৰলৈ লৈ যোৱাৰ সম্ভাৱনা সীমিত আছিল। সম্প্ৰসাৰণৰ বাবে কাইৰা সমবায় দুগ্ধ উৎপাদক সংঘই (আমুল) এই উদ্বৃত্ত গাখীৰক গুড়িলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰিবলগীয়া হৈছিল। গুড়ি ৰূপত গাখীৰক অধিক দূৰত্বৰ বৃহৎ বজাৰ আৰু গাখীৰৰ পৰা বঞ্চিত অঞ্চললৈ লৈ যাব পৰা যায়৷১
কিন্তু সেই সময়ত ম’হৰ গাখীৰ স্প্ৰে’ কৰি শুকুৱাই লোৱাৰ প্ৰযুক্তি নাছিল। কেৱল গৰুৰ গাখীৰহে ৰূপান্তৰ কৰা হৈছিল। বিশ্বজুৰি দুগ্ধ বিশেষজ্ঞসকলৰ সমূহীয়া একমত আছিল যে ম'হৰ গাখীৰত চৰ্বিৰ পৰিমাণ বেছি হোৱাৰ বাবে স্প্ৰে'ৰে শুকুৱাব নোৱাৰি।২ এইচ এম দালায়া তাত পতিয়ন যোৱা নাছিল আৰু তেওঁ নিজৰ কথা প্ৰমাণ কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ আছিল।
প্ৰযুক্তিগত অগ্ৰগতি
১৯৫৫ চনত তেওঁৰ তীক্ষ্ণ প্ৰযুক্তিগত জ্ঞান আৰু অভিযান্ত্ৰিক পাৰদৰ্শিতাৰ ফলত গুজৰাটৰ আমুল ডেইৰীত পেটেণ্টযুক্ত স্প্ৰে ড্ৰাই ইকুইপমেণ্ট সংস্থাপিত কৰা হয়৷ যি বিশ্বৰ প্ৰথম ম'হৰ গাখীৰ স্প্ৰে-ড্ৰাইয়াৰ।৩
তথ্যসূত্ৰ
- ↑ Heredia, Ruth. (1997). The Amul India Story. Tata McGraw-Hill Education. ISBN 978-0-07-463160-7
- ↑ DAMODARAN, HARISH. (13 September 2012). The Amul trinity. @businessline
- ↑ Vittal, Nagarajan. (2007). Roots of Effective Governance. Icfai University Press. ISBN 978-81-314-1156-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰিচন্দ মেঘ দালায়া” প্ৰবন্ধৰ সংশোধন ৫১০৯৮৫ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।