হেনা দাস (Hena Das; ১২ ফেব্ৰুৱাৰী, ১৯২৪ – ২০ জুলাই, ২০০৯) আছিল বাংলাদেশৰ নাৰী জাগৰণ আন্দোলনৰ তেওঁৰ সময়ৰ এগৰাকী উল্লেখযোগ্য অৱদানকাৰী। তেওঁ বাওঁপন্থী মতাদৰ্শত বিশ্বাসী আছিল১ আৰু ব্ৰিটিছ বিৰোধী আন্দোলন, ভাষা-আন্দোলন, ঊনসত্তৰৰ গণ-অভ্যুত্থান তথা বাংলাদেশৰ স্বাধীনতা সংগ্ৰামকে ধৰি বহুকেইটা আন্দোলনৰ সক্ৰিয় অংশগ্ৰহণকাৰী আছিল। বাংলাদেশৰ প্ৰথম শিক্ষা কমিছনৰ তেওঁ সদস্য আছিল অৰু ২০০১ চনত মহিলা সৱলীকৰণ আৰু মহিলাৰ সমস্যাৰ ক্ষেত্ৰত মাত মাতি বাংলাদেশ চৰকাৰৰপৰা বেগম ৰোকইয়া পদক লাভ কৰিছিল।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯২৪ চনৰ ১২ ফেব্ৰুৱাৰী তাৰিখে চিলেটত দাসৰ জন্ম হৈছিল। তেওঁৰ দেউতাক ৰায় বাহাদুৰ সতীশচন্দ্ৰ দত্ত এগৰাকী অধিবক্তা আছিল আৰু মাকৰ নাম আছিল মনোৰমা দত্ত।৩ ১৯৪০ চনত চৰকাৰী অগ্ৰগামী ছোৱালী হাইস্কুলৰপৰা মেট্ৰিক পৰীক্ষা পাছ কৰি তেওঁ ১৯৪২ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু ১৯৪৭ চনত চিলেট মহিলা মহাবিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৬৬ চনত দাসে ঢাকা বিশ্ববিদ্যালয়ৰপৰা বঙালীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।৩
হেনা যেতিয়া সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল ব্ৰিটিছ বিৰোধী আন্দোলনে তেওঁক প্ৰভাৱিত কৰিছিল। ১৯৩৮ চনত, তেওঁ প্ৰগতিশীল ছাত্ৰ সংগঠনত যোগদান কৰিছিল। ১৯৪২ চনত দাসে কমিউনিষ্ট পাৰ্টিৰ সদস্যপদ গ্ৰহণ কৰে।২
কৰ্মজীৱন
১৯৪২ চনত অল ইণ্ডিয়া কমিউনিষ্ট পাৰ্টিত যোগদান কৰা হেনা দাস পিছত ইয়াৰ উত্তৰাধিকাৰী সংস্থা বাংলাদেশ কমিউনিষ্ট পাৰ্টিৰ (চিপিবি) সৈতে জড়িত হৈ পৰিছিল।২ ১৯৫৮ চনত হেনা ঢাকালৈ আহি শিক্ষকতা আৰম্ভ কৰিছিল। তেওঁ নাৰায়ণগঞ্জৰ এখন বেচৰকাৰী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২ তেওঁ ১৯৭৮ চনত শিক্ষক সন্থাৰ সৈতে জড়িত হৈ, ১৪ বছৰ এই সন্থাৰ সাধাৰণ সম্পাদক আৰু উপ-সভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল।২ দাস মুহম্মদ কুদ্ৰত-এ-খুদাৰ নেতৃত্বত বহা প্ৰথম শিক্ষা আয়োগৰ এগৰাকী অন্যতম সদস্য আছিল।
১৯৯৯ চনত বেগম চুফিয়া কমলৰ মৃত্যুৰ পিছত, হেনা দাস আঠ বছৰ বাংলাদেশ মহিলা পৰিষদৰ (বিএমপি) সভাপতিৰ পদত নিযুক্ত আছিল।৪২
বাংলাদেশৰ বাংলাবন্ধু শ্বেখ মুজিব মেডিকেল বিশ্ববিদ্যালয়ত, ২০০৯ চনৰ ২০ জুলাই তাৰিখে দাসৰ মৃত্যু হয়। নাৰায়ণগঞ্জত ৰাজ্যিক মৰ্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়।
ব্যক্তিগত জীৱন
১৯৪৮ চনত বাওঁপন্থী নেতা ৰোহিণী দাসৰ সৈতে বিবাহসূত্ৰে২ দাস দম্পত্তি এটি কন্যা সন্তানৰ অধিকাৰী হৈছিল। কন্যাটিৰ নাম আছিল চম্পা জামান।৫
গ্ৰন্থপঞ্জী
- স্মৃতিময় দিনগুলো (২০০৪)৬
- আমাৰ শিক্ষা ও শিক্ষকতা জীৱন
- স্মৃতিময় একাত্তৰ
- পঞ্চম পুৰুষ
- চাৰ পুৰুষেৰ কাহিনী
তথ্যসূত্ৰ
- ↑ (July 24, 2009). Hena Das cremated with state honour. The Daily Star
- ↑ (July 21, 2009). Veteran leftist Hena Das passes away. The Daily Star
- ↑ Das, Hena. Banglapedia
- ↑ (December 24, 2005). Social movement a must for promoting gender equality: Women's rights activists tell confce. The Daily Star
- ↑ (July 31, 2009). 'Include biography of Hena Das in textbooks'. The Daily Star
- ↑ Novera Deepita. (July 31, 2004). Discussion on Hena Das' book Smritimoy Dingulo. The Daily Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেনা দাস” প্ৰবন্ধৰ সংশোধন ৪০২৩৫৪ (১৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।