হীনা গৱীত (Heena Gavit; জন্ম: ২৮ জুন ১৯৮৭) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ ৰাজনীতিবিদ। ২০১৪ চনৰ পৰা ২০২৪ চনলৈ নন্দুৰবাৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি তেওঁ লোকসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। তেওঁ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ।১
কৰ্মজীৱন
হীনা গৱীত নন্দুৰবাৰ বিধান সভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী আৰু প্ৰাক্তন জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টিৰ বিধায়ক বিজয়কুমাৰ গৱীতৰ কন্যা। পেছাত তেওঁ এগৰাকী চিকিৎসক।২
ৰাজনৈতিক জীৱন
২০১৪ চনৰ লোকসভা নিৰ্বাচনত নন্দুৰবাৰৰ পৰা ৯ বাৰৰ সাংসদ মণিকৰাও হোদল্যা গৱীতক তেওঁ পৰাস্ত কৰিছিল। ১৯৮১ চনৰ পৰা মণিকৰাওৰ ভাৰতীয় জাতীয় কংগ্ৰেছে এই আসনখন দখল কৰিছিল। কিন্তু সেইবাৰ হিনাৰ লগত হোৱা প্ৰতিদ্বন্দ্বিতাত তেওঁলোক ১০৬৯০৫ ভোটৰ ব্যৱধানত পৰাভূত হয়।৩
ৰক্ষা খাদছেৰ সৈতে যুটীয়াভাৱে তেওঁ ১৬ সংখ্যক লোকসভাৰ আটাইতকৈ কম বয়সীয়া সাংসদ হিচাপে বিবেচিত হয়।৪
২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ গোভাল পদ্বীৰ হাতত ১,৫৯,১২০ ভোটত পৰাস্ত হয়।
বিতৰ্ক
২০১৮ চনৰ ৫ আগষ্টত যোৱা ১৬ দিন ধৰি ধূলে কালেক্টৰৰ কাৰ্যালয়ৰ বাহিৰত ধৰ্ণা পালন কৰি থকা প্ৰতিবাদকাৰীসকলে হীনা গৱীতৰ গাড়ীত আক্ৰমণ কৰে।৫৬৭৮
তথ্যসূত্ৰ
- ↑ (26 September 2020). BJP's new team: Mukul Roy, Tejasvi Surya promoted; Ram Madhav gets replaced. Livemint
- ↑ (2014-03-21). BJP fields NCP leader's daughter Heena Gavit in Congress bastion. The Times of India
- ↑ Constituency-wise results for Lok Sabha Elections 2014. Election Commission of India
- ↑ (2014-05-16). Youngest winners: Heena Gavit and Raksha Khadse. The Times of India
- ↑ Staff Reporter. (6 August 2018). Maratha protesters attack BJP MP Heena Gavit's car in Dhule. The Indian Express
- ↑ Staff Reporter. (5 August 2018). Maratha protesters damage BJP MP's car in Dhule. The Times of India
- ↑ Staff Reporter. (6 August 2018). Bandha in Nandurbar to protest attack on local MP's car. The Business Standard
- ↑ Staff Reporter. (5 August 2018). Maratha protesters damage BJP MP Heena Gavit's car in Dhule. Pune Mirror
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হীনা গৱীত” প্ৰবন্ধৰ সংশোধন ৪৭৫৯২৬ (১২ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।