হিলদামিত লেপচা হ'ল লেপচা লোকসংগীতৰ প্ৰতিষ্ঠাপক।১ ২০১৩ চনত তেওঁ লেপচা ভাষাৰ লোকসংগীতৰ বাবে ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছিল।২ হিলদামিতে পৰম্পৰাগত লেপচা বাদ্যযন্ত্ৰৰ লগতে লেপচা গীতৰ পৰিবেশক হিচাপেও উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে।
সংক্ষিপ্ত জীৱনী
১৯৫৬ চনত পশ্চিমবংগৰ দাৰ্জিলিং জিলাৰ কালিম্পঙত হিলদমিত লেপচাই জন্মগ্ৰহণ কৰিছিল। তেওঁ দেশৰ ভিতৰতে বহু ভ্ৰমণ কৰিছে, আৰু বিভিন্ন প্ৰতিষ্ঠানে আয়োজন কৰা বহু উৎসৱত অনুষ্ঠান পৰিৱেশন কৰিছে। ইয়াৰ ভিতৰত আছে আপনা উৎসৱ (১৯৮৮), লোক উৎসৱ (১৯৭৮), আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দ্বীপ উৎসৱ (১৯৯৩) আৰু ১৯৯৮ চনত বিশ্ব সংগীত দিৱস উদযাপন। লেপচা সংস্কৃতি সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত তেওঁৰ নিষ্ঠাবান কামৰ বাবে অঞ্চলটোৰ কেইবাটাও প্ৰতিষ্ঠানে তেওঁক সন্মান জনাইছে। ছিকিমৰ লেপচা সংগীতলৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰীমতী হিলদামিত লেপচাই সংগীত নাটক অকাডেমী বঁটা লাভ কৰে।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিলদামিত লেপচা” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৪৬ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।