হামিদ ৰেজা আজাৰাং (ফাৰ্চী ভাষা:حمیدرضا آذرنگ; জন্ম: ২৩ মে' ১৯৭২) এগৰাকী ইৰানী অভিনেতা, পৰিচালক আৰু চিত্ৰনাট্যকাৰ।১২
প্ৰাৰম্ভিক জীৱন
বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰাৰ পিছত হামিদ ৰেজা আজাৰাঙে থিয়েটাৰৰ জৰিয়তে নিজৰ পেচাদাৰী কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৯৯ চনত তেওঁ এখন চলচ্চিত্ৰত চুটি চৰিত্ৰত অভিনয় কৰিছিল, যিখন ছবি বৰ্তমান আংশিকভাৱে বিলুপ্ত হৈ পৰিছে। ২০০১ চনত এগৰাকী নাট্যকাৰ হিচাপে কাম কৰাৰ সমান্তৰালভাৱে তেওঁ বিভিন্ন নাটকৰ অভিনয়তো অতি সক্ৰিয় হৈ পৰে আৰু এই সম্পৰ্কীয় কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হয়।৩ ২০০৭ চনত বিদেশত সম্প্ৰচাৰিত এখন ধাৰাবাহিকৰ পিছত তেওঁ নিজ দেশত টেলিভিছনৰ কাম আৰম্ভ কৰে। ২০০৯ চনত মুক্তি পোৱা আৱেকেনিং ড্ৰিমছ আছিল চিনেমাগৃহত মুক্তি পোৱা তেওঁৰ দ্বিতীয়খন চলচ্চিত্ৰ। ২০১০ চনত তেওঁ জায়ান্দেহ ৰুড ট্ৰেকৰ ওপৰত আধাৰিত এখন ধাৰাবাহিক আৰম্ভ কৰে, য’ত য়াল্ডا হাছান মীৰবাঘেৰীয়ে অভিনয় কৰিছিল।৪
আজাৰাং ছানাজ বায়নৰ সৈতে বিবাহপাশত আৱদ্ধ হয় আৰু তেওঁলোকৰ বামদাদ নামৰ এজন পুত্ৰ সন্তান আছে।৫
তথ্যসূত্ৰ
- ↑ হামিদ ৰেজা আজাৰাং web.archive.org/web/20210117180808/http://en.ifi
- ↑ হামিদ ৰেজা আজাৰাঙৰ জীৱনী web.archive.org/web/20200622150339/http://tanama
- ↑ হামিদ ৰেজা আজাৰাং zardfilm.in
- ↑ হামিদ ৰেজা আজাৰাঙৰ জীৱনী tvboxshow.com
- ↑ হামিদ ৰেজা আজাৰাঙৰ জীৱনী আৰু পৰিয়াল saednews.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হামিদ ৰেজা আজাৰাং” প্ৰবন্ধৰ সংশোধন ৬০৯৭৮৫ (২৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।