হেলেন গিৰি ছিয়েম এগৰাকী ভাৰতীয় সংগীতজ্ঞ আৰু ইতিহাসবিদ, খাচী লোকসংগীত প্ৰচাৰৰ বাবে তেওঁ পৰিচিত।১ তেওঁ নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ প্ৰাক্তন অধ্যাপক সদস্যা আৰু সংগীত নাটক একাডেমীৰ কাৰ্যবাহী পৰিষদৰ সদস্যা।২
জীৱনী
তেওঁ পৰম্পৰাগত খাচী বাদ্যযন্ত্ৰ পুনৰুদ্ধাৰত অৰিহণা যোগাইছিল বুলি জনা যায়। তাৰোপৰি তেওঁ খাচী সংগীতৰ প্ৰচাৰৰ বাবে শ্বিলঙৰ মাৰ্টিন লুথাৰ খ্ৰীষ্টান বিশ্ববিদ্যালয়ত বৃত্তি পুঁজি প্ৰতিষ্ঠা কৰিছিল।৩
তেওঁ ৩৫খন পৰম্পৰাগত সংগীত প্ৰতিষ্ঠান স্থাপনত সহায় কৰিছিল আৰু শাৰীৰিকভাৱে অক্ষম শিশুসকলৰ পুনৰ্বাসনৰ বাবে কাম কৰাৰ উপৰিও সংগীত উৎসৱৰ আয়োজন কৰিছে।১
তেওঁৰ গ্ৰন্থ Khasi Under British Rule, 1824-1947, স্বাধীনতাৰ পূৰ্বৰ সময়ছোৱাৰ খাচী জীৱনৰ ঐতিহাসিক আখ্যান।৪
খাচী সংগীতৰ প্ৰতি তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে ২০০৮ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।৫
তথ্যসূত্ৰ
- ↑ (29 January 2008). Preserver of Khasi melodies - Helen Giri earns kudos. The Telegraph
- ↑ (7 December 2007). Traditional musicians perform ahead of Scorpions gig. One India
- ↑ (2016). Dr Helen Giri Scholarship Fund. Martin Luther Christian University
- ↑ Helen Giri. (1990). The Khasis Under British Rule (1824-1947). Akashi Book Depot. পৃ. 207. ISBN 9788186030677
- ↑ (2016). Padma Awards. Ministry of Home Affairs, Government of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হেলেন গিৰি ছিয়েম” প্ৰবন্ধৰ সংশোধন ৪৮৫১২৫ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।