হালিমা ছাদাফ কৰিমি (Halima Sadaf Karimi) এগৰাকী আফগান ৰাজনীতিবিদ৷ ইয়াৰ লগতে তেওঁ সংসদৰ প্ৰাক্তন সদস্য।
হালিমা ছাদাম কৰিমী আফগানিস্তানৰ উত্তৰ জৌজজান প্ৰদেশত জন্মগ্ৰহণ কৰিছিল। ৰাজনীতিৰ ক্ষেত্ৰত সক্ৰিয়তাৰে জড়িত হোৱাৰ আগতে তেওঁ অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল।১
২০২১ চনত তেওঁক 'বিবিচি ১০০ মহিলা'ৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত কৰা হয়৷ আফগানিস্তানৰ উজবেক সংখ্যালঘু আৰু মহিলাৰ অধিকাৰৰ পক্ষত থিয় হোৱাৰ বাবে তেওঁ পৰিচিত আৰু এই পৰিচিতিয়ে তেওঁক উক্ত সন্মান দিয়াত বিশেষ ভূমিকা লয়৷।১
তেওঁ তালিবানৰ পৰা বহুবাৰ মৃত্যুৰ ভাবুকি পাইছে৷ ভাবুকিৰ পৰা পৰিত্ৰাণাৰ্থে অৱশেষত কৰিমীয়ে সীমান্ত পাৰ হৈ উজবেকিস্তানলৈ পলায়ন কৰে।২ ২০২০ চনত তেওঁৰ সৰু ভাতৃক তালিবানে হত্যা কৰে।৩
তথ্যসূত্ৰ
- ↑ (7 December 2021). BBC 100 Women 2021: Who is on the list this year?. BBC News
- ↑ Fleeing the Taliban across land. amp.dw.com
- ↑ www.bbc.co.uk/news/world-59514598
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হালিমা ছাদাম কৰিমী” প্ৰবন্ধৰ সংশোধন ৪৯৫২৭৩ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।