পীতাম্বৰ সিদ্ধান্তবাগীশ (১৫২৫-১৬১৫) হ'ল কামৰূপীয় স্মৃতি ধাৰাৰ সৰ্বশ্ৰেষ্ঠ নিবন্ধকাৰ।১ এইজন পণ্ডিত মঙ্গলদৈৰ নিকটৱৰ্তী অঞ্চলত জন্ম হৈছিল আৰু নিজ পাণ্ডিত্যৰ বলত তেখেতে ৰজা নৰনাৰায়ণৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ৰজা লক্ষ্মীনাৰায়ণৰ (১৫৮৪-১৬২২) সভাতো কাৰ্যনিৰ্বাহ কৰিছিল। পিছলৈ তেখেতে ক্ৰমে ৰজা ৰঘুদেৱ, পৰীক্ষিত নাৰায়ণ আৰু বলিনাৰায়ণৰ সভা শুৱনি কৰে। তেখেতৰ পৰামৰ্শমতে ৰঘূদেৱে হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰায়। সিদ্ধান্তবাগীশে গ্ৰন্থসমূহৰ পুষ্পিকাত পৃষ্ঠপোষক ৰজাসকলৰ নামোল্লেখ কৰিছে আৰু নিজৰ বিস্তৰ অধ্যয়ন আৰু পাণ্ডিত্যৰ কথাও ঘোষণা কৰিছে।২ ১
ৰচনাৰাজী
তেখেতে ওঠৰখন স্মৃতি শাস্ত্ৰ ৰচনা কৰিছিল। তাৰ ভিতৰত ব্যৱহাৰ কৌমুদী (১৫৩০ শক), বিবাদ কৌমুদী (১৫২৬ শক) আৰু দণ্ড কৌমুদী— এই তিনিখিন ন্যায়িক বিধি সম্বলিত গ্ৰন্থ।৩ প্ৰথম খনত ন্যায়াধিকৰণ আৰু ন্যায়পালিকাৰ বাবে বিধি বিধান, দ্বিতীয়খনত বিভিন্ন গোচৰ নিষ্পত্তিৰ ব্যৱস্থা আৰু তৃতীয়খনত অপৰাধৰ শাস্তি বিধানৰ ব্যৱস্থা দিয়া আছে। পত্ৰ কৌমুদীত ৰাজকীয় চিঠি পত্ৰ আৰু ৰাজহুৱা সূচনা আদি লিখাৰ বিভিন্ন নিয়ম দিয়া হৈছে। ভালেকেইখন গ্ৰন্থত অসমীয়া হিন্দু সমাজত মানিবলগীয়া নিত্য-নৈমিত্তিক কৰ্মৰ বিষয়ে কোৱা হৈছে।১
তথ্যসূত্ৰ
- ↑ শিৱনাথ বৰ্মন(সম্পা).অসমীয়া সাহিত্যৰ বুৰঞ্জী,দ্বিতীয় খণ্ড.প্ৰকাশক: আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা, ২০১৭, পৃঃ ৬৩৮-৬৩৯
- ↑ তাতাদধীত্যাখিলশাস্ত্ৰসাৰং কল্পদ্ৰুমাদীন বহুশো বিলোক্য। পীতাম্বৰঃ পূজিতপীতৱস্ত্ৰস্তনোতি যত্নাৎ পিতৃকৃত্য কৌমুদীম্॥ নানামতং স্মৃতিপুৰাণৱিদাং বিদিত্বা জ্ঞাতা চ গৌতমনয়ং সহ জৈমিনীয়ম্। শ্ৰীকামৰূপধৰণীপতি মণ্ডিতেন বাগীশ্বৰেণ ৰুচিৰো নিৱন্ধঃ॥ —শুদ্ধিকৌমুদী পঞ্চযজ্ঞ কৌমুদীত 'কামৰূপভূমণ্ডলা খণ্ডল শ্ৰীমল্লদেৱ', গ্ৰহণ কৌমুদীত 'শ্ৰীমল্ল লক্ষ্মীনাৰায়ণ নৰপতি ৰাজ্যে' আৰু একাদশী কৌমুদীত 'শ্ৰীশ্ৰীপৰীক্ষিত নাৰায়ণ নৰপতি ৰাজ্যে' বুলি প্ৰশস্তি জনোৱা হৈছে।
- ↑ আচাৰ্য মনোৰঞ্জন শাস্ত্ৰী, কামৰূপীয় ধৰ্মশাস্ত্ৰীয় শাখা, চন্দ্ৰকান্ত বিদ্যালঙ্কাৰ স্মৃতিগ্ৰন্থ, পৃ. ১৯৪-২১৪
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পীতাম্বৰ সিদ্ধান্তবাগীশ” প্ৰবন্ধৰ সংশোধন ৫০৫৪২৯ (৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।