প্ৰণীতি সুশীলকুমাৰ সিণ্ডে (Praniti Sushilkumar Shinde, জন্ম:-৯ ডিচেম্বৰ ১৯৮০) মহাৰাষ্ট্ৰৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ।১ তেওঁ সোলাপুৰ লোকসভা সমষ্টিৰ সংসদ সদস্য। ভাৰতীয় জাতীয় কংগ্ৰেছ পাৰ্টিৰ সদস্য হিচাপে তেওঁ তিনিবাৰকৈ মহাৰাষ্ট্ৰৰ বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ সোলাপুৰ চহৰৰ কেন্দ্ৰীয় সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল।২ ২০২১ চনৰ পৰা মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভানেত্ৰী৩আৰু বিধানসভা নিৰ্বাচনৰ বাবে কেৰালা প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰীক্ষণ সমিতিৰ সদস্য।৪
প্ৰাথমিক জীৱন আৰু শিক্ষা
১৯৮০ চনৰ ৯ ডিচেম্বৰত উজৱালা সিণ্ডে আৰু ভাৰতৰ প্ৰাক্তন গৃহমন্ত্ৰী সুশীলকুমাৰ সিণ্ডেৰ ঘৰত প্ৰণীতি সিন্দেয়ে জন্মগ্ৰহণ কৰিছিল। তেখেতে মহিমৰ বম্বে স্কটিছ স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।৫ মুম্বাইৰ ছেইণ্ট জেভিয়াৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৬ ইয়াৰ পিছত তেওঁ মুম্বাইৰ চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইন বিভাগৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।৬ তেওঁৰ এন জি অ' জয়জুইৰ জৰিয়তে মানুহক সহায় কৰি এগৰাকী সমাজকৰ্মী হিচাপে দায়িত্ব পালন কৰি আহিছে।৭
লোকসভা নিৰ্বাচন ২০২৪
২০২৪ চনৰ লোকসভা নিৰ্বাচনত সোলাপুৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰণীতি সংৰক্ষিত সমষ্টিৰ পৰা জয়লাভ কৰে।৮
তথ্যসূত্ৰ
- ↑ Praniti Sushilkumar Shinde. ourneta.com
- ↑ (24 October 2019). Praniti Shinde in Solapur City Central Election Results 2019: Praniti Shinde of Congress Wins. news18.com
- ↑ (5 February 2021). Maharashtra: Sushil Kumar Shinde' daughter appointed Congress' executive president. Indian Express
- ↑ Cong forms screening panels for TN, WB, Kerala and Puducherry polls. business-standard.com
- ↑ https://www.hindustantimes.com/mumbai/praniti-shinde-wants-to-fight-her-own-battle/story-0zwbRQ8zfED57JW6Hlvj8L.html
- ↑ (3 October 2009). Father's daughter graduates from St Xavier's to Solapur. The Indian Express
- ↑ (15 May 2012). She's like your younger sister. The New Indian Express
- ↑ (2024-06-04). Solapur (SC) election results 2024 live updates: Congress' Praniti Sushilkumar Shinde vs BJP's Ram Vitthal Satpute. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰণীতি সিন্দে” প্ৰবন্ধৰ সংশোধন ৪৭৮৬৭৪ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।