অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰণয় বৰদলৈ

প্ৰণয় বৰদলৈ (Pranay Bordoloi) অসমৰ এজন সাংবাদিক, কাকতৰ সম্পাদক, পৰিবেশপ্ৰেমী, পৰ্বত আৰোহণকাৰী আৰু লেখক।

হালনাগাদ: ১৯ নৱেম্বৰ ২০২৪ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

প্ৰণয় বৰদলৈ (Pranay Bordoloi) অসমৰ এজন সাংবাদিক, কাকতৰ সম্পাদক, পৰিবেশপ্ৰেমী, পৰ্বত আৰোহণকাৰী আৰু লেখক। ১

জন্ম

প্ৰণয় বৰদলৈৰ ১৯৬৪ চনত জন্ম হয়।

শিক্ষা

গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰি আৰ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

  • তেখেতে 'জ্ঞানদ্বীপা' আলোচনীৰ উপ-সম্পাদকৰ পদত থকাৰ উপৰি 'আজিৰ অসম', 'আজিৰ বাতৰি', 'আমাৰ অসম', 'জনসাধাৰণ' আদি কাকতৰ উপ-সম্পাদক তথা কাৰ্যবাহী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰে।
  • বৰ্তমান দুঃসাহসিক ক্ৰীড়া সংগঠন এক্সপ্ল'ৰাৰ্ছ ৰ কাৰ্যবাহী সভাপতি ৰূপে কৰ্মৰত।
  • 'DY 365' নামৰ নিউজ চেনেলৰ পৰিচালক সম্পাদক ৰূপে কৰ্মৰত।

গ্ৰন্থৰাজি

  • হিমালয়ৰ শিখৰে মাতিছে।
  • উত্তুংগ যোগীন।

তথ্যসূত্ৰ

  1. ↑ (২০১৭). সাহিত্য সৌৰভ, সপ্তম সংস্কৰণ. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ. পৃ. ৮৯-৯০

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰণয় বৰদলৈ” প্ৰবন্ধৰ সংশোধন ৪৪৬৪২৬ (১৯ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।