অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

প্ৰতিভা সিং

প্ৰতিভা সিং ( Pratibha Singh,জন্ম ১৬ জুন ১৯৫৬) হিমাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় সংসদৰ প্ৰাক্তন সদস্য। প্ৰতিভা সিং ছয়বাৰ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত বীৰভদ্ৰ সিঙৰ পত্নী।

হালনাগাদ: ১৭ ফেব্ৰুৱাৰী ২০২৫ ৫৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

প্ৰতিভা সিং ( Pratibha Singh,জন্ম ১৬ জুন ১৯৫৬) হিমাচল প্ৰদেশৰ এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু ভাৰতীয় সংসদৰ প্ৰাক্তন সদস্য।

প্ৰতিভা সিং ছয়বাৰ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত বীৰভদ্ৰ সিঙৰ পত্নী। তেওঁ হিমাচল প্ৰদেশৰ মাণ্ডী সমষ্টিক প্ৰতিনিধিত্ব কৰে আৰু তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য।

ব্যক্তিগত জীৱন

১৯৫৬ চনৰ ১৬ জুনত হিমাচল প্ৰদেশৰ ছিমলাত প্ৰতিভা সিঙে জন্মগ্ৰহণ কৰিছিল। ১৯৮৫ চনত বীৰভদ্ৰ সিঙৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়। বীৰভদ্ৰ সিঙৰ তেওঁৰ দ্বিতীয় পত্নী। বীৰভদ্ৰ সিঙে প্ৰথম বিবাহৰ জৰিয়তে লাভ লৰা কন্যা অভিলাষা কুমাৰীয়ে গুজৰাটত ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰতিভা সিঙৰ সৈতে দ্বিতীয় বিবাহৰ জৰিয়তে বীৰভদ্ৰ সিঙে লাভ কৰা পুত্ৰ বিক্ৰমাদিত্য সিঙে ছিমলা গ্ৰাম্য সমষ্টিৰ পৰা বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ৰাজনৈতিক জীৱন

২০০৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত ভাৰতৰ সংসদৰ নিম্ন সদন লোকসভাত প্ৰতিভা সিঙে মহেশ্বৰ সিঙক পৰাস্ত কৰি আসন লাভ কৰে।১ ২০১৩ চন আৰু ২০২১ চনত হোৱা উপ-নিৰ্বাচনত তেওঁ মাণ্ডীৰ একেখন আসনৰ পৰা পুনৰ নিৰ্বাচিত হয়।

তথ্যসূত্ৰ

  1. ↑ Parliamentary Constituency Wise Result of H.P. of Lok Sabha Elections-2009. Chief Electoral Officer, Himachal Pradesh website

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ মহিলা সাংসদলোকসভাৰ সাংসদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিভা সিং” প্ৰবন্ধৰ সংশোধন ৪৭৮৭৭২ (১৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।